বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া…প্ৰধানমন্ত্ৰী মোদীৰ পৰা মুখ্যমন্ত্ৰীলৈ, সকলোৱে জনালে শুভেচ্ছা

Women's Cricket World Cup 2025 Final: প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, শিৱৰাজ সিং চৌহান, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য নেতাই ভাৰতীয় দলটোক আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেলত দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়া...প্ৰধানমন্ত্ৰী মোদীৰ পৰা মুখ্যমন্ত্ৰীলৈ, সকলোৱে জনালে শুভেচ্ছা

টীম ইণ্ডিয়ালৈ শুভেচ্ছা

Updated On: 

03 Nov 2025 | 08:16 AM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫২ ৰানৰ ব্যৱধানত প্ৰথমটো বিশ্বকাপ জয় কৰাৰ বাবে অভিনন্দন জনায়। ইনষ্টাগ্ৰামত এটা পোষ্টত তেওঁ কয় যে আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ত ভাৰতীয় দলৰ সুন্দৰ জয়। ফাইনেলত ভাৰতীয় দলটোৰ প্ৰদৰ্শন  দক্ষতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ আছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় , ‘সমগ্ৰ প্ৰতিযোগিতাখনতে দলটোৱে ব্যতিক্ৰমী দলীয় কাম-কাজ আৰু অধ্যৱসায় প্ৰদৰ্শন কৰিছিল। আমাৰ খেলুৱৈসকললৈ অভিনন্দন। এই ঐতিহাসিক জয়ে ভৱিষ্যতৰ চেম্পিয়ন খেলুৱৈসকলক ক্ৰীড়া গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।’

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনাই অভিনন্দন

লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো দলটোক অভিনন্দন জনাই কয় যে, মহিলা ক্ৰিকেটাৰসকলে সমগ্ৰ জাতিৰ হৃদয় জয় কৰিছে। তেওঁ এক্সত কয়, “আই চি চি মহিলা বিশ্বকাপ ২০২৫ জয় কৰাৰ বাবে টীম ইণ্ডিয়াক অভিনন্দন! সাহস, দক্ষতা, আৰু আত্মবিশ্বাসৰ এক আচৰিত প্ৰদৰ্শন। আপোনালোকে কেৱল এটা ট্ৰফী লাভ কৰাই নহয়, সমগ্ৰ জাতিৰ হৃদয়ও লাভ কৰিছে। প্ৰতিজন ভাৰতীয়ই আপোনালোকক লৈ গৌৰৱ অনুভৱ কৰিছে! ‘সাৰে জাহান ছে আচ্ছা হিন্দুস্তান হামাৰা’। ভাৰতীয় ক্ৰিকেট আৰু… ক্ৰীড়াৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে এক সুন্দৰ মুহূৰ্ত।”

বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়ালৈ চেলুট

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়ালৈ প্ৰণাম। দেশৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত, কিয়নো আমাৰ দলে আই চি চি মহিলা বিশ্বকাপ ২০২৫ জয় কৰি ভাৰতৰ গৌৰৱক আকাশলৈ নিব। আপোনালোকৰ চমৎকাৰ ক্ৰিকেট দক্ষতাই লাখ লাখ ছোৱালীৰ বাবে প্ৰেৰণাৰ পথ প্ৰশস্ত কৰিছে। সমগ্ৰ দলটোক অভিনন্দন।”

মহিলা দলে আমাক সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছে: ৰাহুল

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰথম বিশ্বকাপ জয়ৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, দলটোৰ সাহস, ধৈৰ্য, আৰু শালীনতাই ভাৰতক গৌৰৱান্বিত কৰি তুলিছে আৰু অগণন ছোৱালীক নিৰ্ভয়ে সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে এদিনীয়া বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰি প্ৰথমটো আই চি চি ট্ৰফী লাভ কৰে।

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে লিখিছে, “এয়া এক গৌৰৱৰ মুহূৰ্ত! আমাৰ মহিলা খেলুৱৈসকলে ইতিহাস ৰচনা কৰিছে আৰু লাখ লাখ হৃদয় জয় কৰিছে। আপোনালোকৰ সাহস, ধৈৰ্য, আৰু শালীনতাই ভাৰতক গৌৰৱান্বিত কৰি তুলিছে আৰু অগণন ছোৱালীক নিৰ্ভয়ে সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছে।”

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ভাৰতীয় মহিলা দলটোক অভিনন্দন জনাইছে। মেচৰ এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘আমাৰ কন্যাসকল পুৰুষতকৈ কম নহয়’।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...