নিৰাপত্তা বৃদ্ধিৰ বাবে “মিছন সুদৰ্শন চক্ৰ” ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, ইয়াৰ লক্ষ্য কি হ’ব?

ভাৰতে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই অভিযানক কৃষ্ণৰ সুদৰ্শন চক্ৰৰ সৈতে সংযোগ কৰি ভাৰতে কেনেকৈ আধুনিক প্ৰতিৰক্ষা উদ্ভাৱনক আগুৱাই নিবলৈ নিজৰ চহকী সাংস্কৃতিক আৰু পৌৰাণিক ঐতিহ্যৰ পৰা প্ৰেৰণা লাভ কৰে তাৰ ওপৰত আলোকপাত কৰে।

নিৰাপত্তা বৃদ্ধিৰ বাবে মিছন সুদৰ্শন চক্ৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, ইয়াৰ লক্ষ্য কি হব?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

15 Aug 2025 16:13 PM

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত “মিছন সুদৰ্শন চক্ৰ” প্ৰকল্পৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে স্বাধীনতা দিৱসৰ উপলক্ষে দিয়া ভাষণত ভাৰতৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু অসামৰিক প্ৰতিষ্ঠানসমূহক সুৰক্ষা প্ৰদানৰ বাবে থলুৱা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই প্ৰকল্পৰ কথা ঘোষণা কৰে।

লালকিল্লাৰ প্ৰাচীৰৰ পৰা স্বাধীনতা দিৱসত দিয়া ভাষণত মোদীয়ে ভাৰতৰ যুদ্ধ বিমানৰ বাবে দেশৰ ভিতৰতে জেট ইঞ্জিনৰ বিকাশৰ আহ্বান জনাই সামৰিক ক্ষেত্ৰৰ বাবে বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ নতুন দিল্লীৰ সংকল্পৰো ইংগিত দিয়ে। “মিছন সুদৰ্শন চক্ৰ” মুকলি কৰাৰ কথা ঘোষণা কৰি মোদীয়ে কয় যে, ইয়াৰ লক্ষ্য হ’ব শত্ৰুৰ ভাবুকি নিষ্ক্ৰিয় কৰা আৰু ভাৰতৰ আক্ৰমণাত্মক ক্ষমতা বৃদ্ধি কৰা।

প্ৰধানমন্ত্ৰীয়ে এই অভিযানক কৃষ্ণৰ সুদৰ্শন চক্ৰৰ সৈতে সংযোগ কৰি ভাৰতে কেনেকৈ আধুনিক প্ৰতিৰক্ষা উদ্ভাৱনক আগুৱাই নিবলৈ নিজৰ চহকী সাংস্কৃতিক আৰু পৌৰাণিক ঐতিহ্যৰ পৰা প্ৰেৰণা লাভ কৰে তাৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “শত্ৰুৱে আমাক আক্ৰমণ কৰাৰ যিকোনো প্ৰচেষ্টা বিফল কৰিবলৈ শক্তিশালী অস্ত্ৰ ব্যৱস্থা সৃষ্টিৰ বাবে ভাৰতে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব।” তেওঁ লগতে কয়, “২০৩৫ চনৰ ভিতৰত সকলো ৰাজহুৱা স্থান সম্প্ৰসাৰিত এই দেশব্যাপী নিৰাপত্তা ঢালৰ দ্বাৰা সামৰি লোৱা হ’ব।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “আমি ভগৱান কৃষ্ণৰ সুদৰ্শন চক্ৰৰ পথ বাছি লৈছো। ভাৰতে আৰম্ভ কৰিছে ‘মিছন সুদৰ্শন চক্ৰ ’… এক শক্তিশালী অস্ত্ৰ ব্যৱস্থা যিয়ে শত্ৰুৰ আক্ৰমণ নিষ্ক্ৰিয় কৰাই নহয়, প্ৰতিশোধমূলক আক্ৰমণ কৰিব।”

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় উদ্ভাৱক আৰু যুৱক-যুৱতীসকলক দেশৰ ভিতৰতে জেট ইঞ্জিন নিৰ্মাণ কৰিবলৈ আহ্বান জনায়, যাতে ভৱিষ্যতৰ প্ৰতিৰক্ষা প্ৰযুক্তি সম্পূৰ্ণৰূপে ঘৰতে উৎপাদিত আৰু স্ব-নিৰ্ভৰশীল হয়। ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ যুদ্ধ বিমানক শক্তি প্ৰদান কৰিব পৰাকৈ জেট ইঞ্জিন প্ৰস্তুত কৰাৰ বাবে হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল) আৰু আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানী জি ই এৰ’স্পেচৰ মাজত যৌথভাৱে জেট ইঞ্জিন প্ৰস্তুত কৰাৰ চুক্তিত কিছু বাধাৰ মাজতে মোদীয়ে থলুৱা জেট ইঞ্জিন নিৰ্মাণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

জন্মাষ্টমীত ভগৱান কৃষ্ণক এনে প্ৰসাদ আগনবঢ়ালে আধৰুৱা হৈ ৰ’ব সকলো আয়োজন, চাওক এইবিষয়ে...
আপোনাৰো বিবাহ হোৱা নাই নেকি? জপ কৰক এই বিশেষ মন্ত্ৰ
তিয়ঁহ ক্ৰয় কৰাৰ সময়তে তিতা হ’ব নেকি কিদৰে জানিব পাৰিব? চাওক কিছু সহজ উপায়
জীৱনলৈ ভাল দিন আহিলে সপোনে দিয়ে এইসমূহ সংকেত...