গ্লোবেল আয়ুৰ্বেদৰ ক্ষেত্ৰত পতঞ্জলিৰ ডাঙৰ পদক্ষেপ, আৰম্ভ কৰিলে টেলিমেডিচিন চেণ্টাৰ

স্বামী ৰামদেৱে কয় যে এই পদক্ষেপে প্ৰতিখন ঘৰতে প্ৰামাণিক, শাস্ত্ৰভিত্তিক আয়ুৰ্বেদিক স্বাস্থ্য সমাধানৰ ভিত্তি গঠন কৰিব। বিশেষকৈ দুৰ্গম অঞ্চল আৰু বিদেশত বাস কৰা, যিসকলে কেন্দ্ৰলৈ যাব নোৱাৰে, তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হ’ব। অনুষ্ঠানৰ সামৰণি পৰে যজ্ঞৰ আহুতি প্ৰদান কৰি।

গ্লোবেল আয়ুৰ্বেদৰ ক্ষেত্ৰত পতঞ্জলিৰ ডাঙৰ পদক্ষেপ, আৰম্ভ কৰিলে টেলিমেডিচিন চেণ্টাৰ
Updated On: 

09 Jul 2025 12:13 PM

বিশ্ব আয়ুৰ্বেদৰ ক্ষেত্ৰখনত পতঞ্জলিয়ে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। আজি পতঞ্জলি আয়ুৰ্বেদৰ উন্নত টেলিমেডিচিন চেণ্টাৰ উদ্বোধন কৰে, যিটো বিশ্বৰ সৰ্ববৃহৎ আৰু প্ৰামাণিক আয়ুৰ্বেদিক টেলিমেডিচিন প্লেটফৰ্ম। স্বামী ৰামদেৱ আৰু আচাৰ্য বাল্কৃষ্ণই বৈদিক মন্ত্ৰ আৰু যজ্ঞৰে এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

এই উপলক্ষে স্বামী ৰামদেৱে কয় যে, হৰিদ্বাৰৰ পৰা প্ৰতিখন দুৱাৰলৈকে – এই টেলিমেডিচিন কেন্দ্ৰটো ভাৰতৰ ঋষি-পৰম্পৰাৰ জ্ঞান প্ৰত্যেক ঘৰলৈ বিয়পোৱাৰ এক ঐশ্বৰিক মাধ্যম হৈ পৰিব। এতিয়া অনলাইনযোগে চিকিৎসা সেৱা উপলব্ধ হ’ব যিয়ে অসুস্থ মানৱ জাতিক উপকৃত কৰিব। পতঞ্জলিৰ টেলিমেডিচিন চেণ্টাৰ মানৱ সেৱাৰ এক উৎকৃষ্ট পদক্ষেপ।

উদ্বোধনী অনুষ্ঠানত আচাৰ্য বালকৃষ্ণই কয় যে যেনেকৈ আজি সমগ্ৰ বিশ্বই যোগাসনৰ বাবে ভাৰতৰ ফালে চকু দিছে, ঠিক সেইদৰে বিশ্বই এতিয়া আয়ুৰ্বেদ আৰু ইয়াৰ সেৱাৰ আশাৰে ভাৰতৰ ফালে চাই আছে। এই টেলিমেডিচিন চেণ্টাৰটো সেই দিশত এক বৃহৎ পদক্ষেপ। আচাৰ্যই কয় যে, পতঞ্জলি টেলিমেডিচিন চেণ্টাৰ হৈছে এক সম্পূৰ্ণ বিকশিত আৰু সুসংগঠিত আৰ্হি। ইয়াৰ মূল বৈশিষ্ট্যসমূহ হ’ল-

বিনামূলীয়া অনলাইন আয়ুৰ্বেদিক পৰামৰ্শ

  1. পতঞ্জলিৰ উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসকৰ দল
  2. প্ৰাচীন শাস্ত্ৰত শিপাই থকা ব্যক্তিগতকৃত বনৌষধি ৰেচিপি
  3. ডিজিটেল স্বাস্থ্য ৰেকৰ্ড আৰু পদ্ধতিগত অনুসৰণ
  4. হোৱাটছএপ, ফোন, আৰু ৱেব ভিত্তিক প্লেটফৰ্মৰ জৰিয়তে সহজ প্ৰৱেশ

এই পদক্ষেপে প্ৰতিখন ঘৰতে প্ৰামাণিক, শাস্ত্ৰভিত্তিক আয়ুৰ্বেদিক স্বাস্থ্য সমাধানৰ ভিত্তি গঠন কৰিব। বিশেষকৈ দুৰ্গম অঞ্চল আৰু বহিঃৰাজ্যত বাস কৰা লোকসকলে যিসকলে কেন্দ্ৰটো চাব নোৱাৰে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হ’ব।
অনুষ্ঠানৰ সামৰণি পৰে যজ্ঞৰ আহুতিৰে।

এই নম্বৰত যোগাযোগ কৰিব পাৰে- 18002961111

নহৰুৰ এনে গুণে আচৰিত কৰিব আপোনাক! খালী পেটত খাওক মাত্ৰ দুই ফুটা, পাব সুফল
দূৰ হ'ব ধনৰ অভাৱ! মাত্ৰ ঘৰত ৰাখক এই ৫টা বিশেষ মূৰ্তি...
মানুহক ধনবান কৰে এই ৫টা অভ্যাসে, জানক সকলো...
ইউৰিক এচিড বৃদ্ধি পালে কি কি লক্ষণ দেখা দিয়ে ? জানি লওক...