এখন চকীৰ বাবে পহলগামত চলিল ‘নৰহত্যা’, পাক সেনা প্ৰধানৰ পৰিকল্পনাত পহলগাম আক্ৰমণ চলাৰ অভিযোগ পাকিস্তানৰ সাংবাদিকৰ

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ ইতিমধ্যেই ভাৰতে পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰিছে । তাৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য । পাক সেনা প্ৰধানৰ নিৰ্দেশতেই সংঘটিত হৈছিল পহলগাম আক্ৰমণ! অসীম মুনিৰে প্ৰথমে বিদেশী পাকিস্তানীক ফোন কৰি উচটনিমূলক বক্তব্য দিছিল আৰু তাৰ পিছত এনে আক্ৰমণ কৰাইছিল । মুনিৰৰ ভুলৰ পৰিণাম ভুগিব সকলো পাকিস্তানীয়ে । এগৰাকী পাকিস্তানী সাংবাদিকে প্ৰকাশ কৰিছে এই তথ্য ।

এখন চকীৰ বাবে পহলগামত চলিল নৰহত্যা, পাক সেনা প্ৰধানৰ পৰিকল্পনাত পহলগাম আক্ৰমণ চলাৰ অভিযোগ পাকিস্তানৰ সাংবাদিকৰ

পহলগামত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ ছবি

Published: 

24 Apr 2025 | 02:38 PM

পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰৰ নিৰ্দেশত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ । এই তথ্য প্ৰকাশ পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক আদিল ৰাজাৰ । পাকিস্তানৰ চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতি দি আদিল ৰাজাই কয় যে অসীমে ইচ্ছাকৃতভাৱে পহলগামত এই আক্ৰমণ সংঘটিত কৰাইছিল, যাতে তেওঁৰ বিৰুদ্ধে থকা গোচৰটো বন্ধ কৰিব পৰা যায় । আদিল ৰাজা পাকিস্তানৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু তেওঁ হিউমেন ৰাইটছ ৱাচত কাম কৰে ।

মুনীৰৰ নিৰ্দেশত আক্ৰমণ !
আদিল ৰাজাই কয়, “মই এই পোষ্টটো লিখা দেখি মানুহে মোক ভাৰতৰ এজেন্ট বুলি ক’ব, কিন্তু সত্যটো হ’ল পহলগাম আক্ৰমণ মুনীৰৰ নিৰ্দেশত সংঘটিত হৈছিল । বহু জ্যেষ্ঠ বিষয়াই এই কথা অফ ৰেকৰ্ড কৈছে ।”

আদিলৰ মতে, মুনীৰে প্ৰথমে বিদেশী পাকিস্তানীক ফোন কৰি উচটনিমূলক বক্তব্য দিছিল আৰু তাৰ পিছত এনে আক্ৰমণ কৰাইছিল । মুনীৰৰ ভুলৰ পৰিণাম ভুগিব সকলো পাকিস্তানীয়ে । শ্বাহবাজে ততাতৈয়াকৈ মুনীৰক অপসাৰণ কৰক অন্যথা পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলিও তেওঁ লগতে কয় ।

আদিল ৰাজাৰ এই পোষ্টটো ইমৰাণ খানৰ দলৰ সমৰ্থক সকলে ব্যাপকভাৱে শ্বেয়াৰ কৰিছে । ইমৰাণৰ সমৰ্থকসকলে কয় যে মুনীৰক আঁতৰাই খানক ঘূৰাই আনিলেহে পাকিস্তানৰ পৰিস্থিতি উন্নত হ’ব পাৰে ।

সাংবাদিক আদিল ৰাজা কোন ?
পেছাৱৰৰ বাসিন্দা আদিল ৰাজা পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক । প্ৰাথমিক শিক্ষা ইছলামাবাদৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ পৰা কৰিছিল । ১৭ বছৰ ধৰি পাকিস্তানী সাংবাদিকতাত সক্ৰিয় আদিল । বৰ্তমান তেওঁ ছ’লজাৰ্ছ কি শুনৌ নামৰ এটা ব্লগ চলাই আছে ।

ছচিয়েল মিডিয়াত আদিলৰ ১৬ লাখ ফ’ল’ৱাৰ আছে । পিপিপিৰ মুৰব্বী তথা চৰকাৰী অংশীদাৰ বিলোৱাল ভুট্টো জৰ্দাৰেও আদিলক অনুসৰণ কৰে । আদিলে প্ৰায়ে ইমৰাণ খানৰ বাবে লিখে । সেনা আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা পাকিস্তানৰ সেই সাংবাদিকসকলৰ ভিতৰত আদিলক অন্যতম হিচাপে গণ্য কৰা হয় ।

২৬ জন লোকৰ মৃত্যুক লৈ ক্ষোভিত ভাৰত
মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত ৰেজিষ্টেন্স ফ্ৰণ্টৰ সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক হত্যা কৰে । এই ঘটনাৰ পিছৰে পৰা ভাৰতত ক্ষোভৰ সৃষ্টি হৈছে । ইয়াৰ বাবে ভাৰতে পাকিস্তানক জগৰীয়া কৰিছে । ২০১৯ চনত পাকিস্তানত প্ৰতিষ্ঠা হৈছিল দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ ।

টি আৰ এফে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ পৰা ধন লাভ কৰে । পাকিস্তানে আনকি টি আৰ এফৰ মুৰব্বীকো আশ্ৰয় দিয়ে । এই কাৰণেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...