জন্মৰ পৰাই মিছলীয়া পাকিস্তানঃ টিভি৯ৰ প্ৰশ্নৰ উত্তৰত আৰু কি ক’লে বৈদেশিক সচিবে…

আজি বৈদেশিক মন্ত্ৰালয়ে সম্বোধন কৰা এখন সংবাদমেলত টিভি৯ ভাৰতবৰ্ষই বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক এক বিশেষ প্ৰশ্ন কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে চলোৱা বিভিন্ন ধৰণৰ অপপ্ৰচাৰ সন্দৰ্ভত বৈদেশিক সচিবগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰা হয়। ইয়াৰ উত্তৰত বিক্ৰম মিশ্ৰীয়ে পাকিস্তানে জন্মৰ পৰাই মিছা কথা কৈ আহিছে বুলি মন্তব্য কৰে।

জন্মৰ পৰাই মিছলীয়া পাকিস্তানঃ টিভি৯ৰ প্ৰশ্নৰ উত্তৰত আৰু কি ক’লে বৈদেশিক সচিবে…

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী

Published: 

08 May 2025 20:46 PM

পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ‘অপাৰেচন সেন্দুৰ’ৰ জৰিয়তে সন্ত্ৰাসবাদৰ ওপৰত কঠোৰ আক্ৰমণ চলালে ভাৰতে। এই আক্ৰমণৰ পিছতে এতিয়া থৰকাছুটি হেৰাইছে পাকিস্তানৰ আৰু তাৰ পিছতে সীমান্তত তীব্ৰ গুলীবৰ্ষণ কৰিছে। ইয়াৰ সমান্তৰালকৈ দেশখনে যোৱা নিশা ভাৰতত আক্ৰমণ কৰিবলৈ বৃথা চেষ্টাও চলায়। প্ৰকাশিত খবৰ অনুসৰি যি স্থানৰ পৰা পাকিস্তানে আক্ৰমণৰ এই বৃথা চেষ্টা চলাইছিল, পাকিস্তানৰ সেই স্থানসমূহত প্ৰত্যাক্ৰমণ চলায়। ইয়াৰ পিছত বৈদেশিক মন্ত্ৰালয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰে।

এই সংবাদমেলৰ সময়তে টিভি৯ ভাৰতবৰ্ষই বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক এক বিশেষ প্ৰশ্ন কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে চলোৱা বিভিন্ন ধৰণৰ অপপ্ৰচাৰ সন্দৰ্ভত বৈদেশিক সচিবগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰা হয়। ইয়াৰ উত্তৰত বিক্ৰম মিশ্ৰীয়ে পাকিস্তানে জন্মৰ পৰাই মিছা কথা কৈ আহিছে বুলি মন্তব্য কৰে। তেওঁ কয়, “ পাকিস্তানে ৰাষ্ট্ৰসংঘত কাশ্মীৰ সন্দৰ্ভত প্ৰথম মিছা কথা কৈছিল। সেয়েহে আজি তেওঁলোকে কোৱা কথাবোৰত কোনো আচৰিত কথা নাই।”

বৈদেশিক সচিবগৰাকীয়ে লগতে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত অধিক ভয়াৱহ হোৱাৰ বাবে পাকিস্তানক দোষাৰোপ কৰে। তেওঁ কয় যে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ জৰিয়তে পাকিস্তানে পৰিস্থিতি অধিক বেয়া কৰিবলৈ আৰম্ভ কৰিছিল। ভাৰতৰ স্থিতি পৰিস্থিতিৰ অৱনতি ঘটোৱা নহয় বুলি উল্লেখ কৰি বিক্ৰম মিশ্ৰীয়ে লগতে ভাৰতে কেৱল পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইছে বুলি স্পষ্ট কৰি দিয়ে।

পাকিস্তানে দশক দশক ধৰি ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ প্ৰচাৰ চলাই আহিছে বুলিও ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে দাবী কৰে। ইফালে অপাৰেচন সেন্দুৰ সন্দৰ্ভত তেওঁ লগতে বুধবাৰে ভাৰতে চলোৱা কাৰ্যকলাপ সংযত বুলি উল্লেখ কৰে। ভাৰতৰ এই কাৰ্য কেৱল সন্ত্ৰাসবাদী অঞ্চলতে সীমাবদ্ধ আছিল বুলি উল্লেখ কৰি বিক্ৰম মিশ্ৰীয়ে এতিয়া পাকিস্তানক উত্তৰ দিয়া হৈছে বুলিও স্পষ্ট কৰি দিয়ে।

তদুপৰি পাকিস্তানে যদিহে পুনৰ আক্ৰমণ কৰে, তেতিয়া ইয়াৰ পৰিণাম ভুগিব লাগিব বুলিও হুংকাৰ দিয়ে বৈদেশিক সচিবগৰাকীয়ে। বিক্ৰম মিশ্ৰীয়ে কয়, “পৃথিৱীত পাকিস্তানৰ পৰিচয় কি, সেয়া মই সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই। সন্ত্ৰাসবাদী ওছামা বিন লাডেনক ক’ত পোৱা গ’ল আৰু কোনে তেওঁক শ্বহীদ বুলি অভিহিত কৰ, এই কথা পৃথিৱীয়ে জানে।”

পাকিস্তানত ৰাষ্ট্ৰসংঘৰ লগতে বহু দেশৰ দ্বাৰা নিষিদ্ধ ঘোষিত বৃহৎ সংখ্যক সন্ত্ৰাসবাদী আছে বুলি স্পষ্ট দাবী কৰি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে লগতে যোৱা কেইদিনমানৰ পৰা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰীয়ে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে নিজ দেশৰ সম্পৰ্ক স্বীকাৰ কৰিছে বুলিও আঙুলিয়াই দিয়ে।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি, থ্ৰীডি এয়াৰ চাৰ্ভিলেন্স ৰাডাৰে দিব সুৰক্ষা
ঘটনাৰ বাস্তৱতকৈ বিজেপি নেতাৰ ভাবমূৰ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হ’ল: প্ৰধানমন্ত্ৰীক তীব্ৰ কটাক্ষ গৌৰৱ গগৈৰ
সিদ্ধান্ত লোৱাত পলম হ’ল ! প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ
বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…
‘মণিপুৰবাসীৰ কাষত মই আছোঁ’: প্ৰধানমন্ত্ৰীয়ে ক’লে আশা আৰু আত্মবিশ্বাসৰ নতুন সূৰুযে টোকৰ মাৰিছে মণিপুৰৰ দুৱাৰত
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!