শিক্ষা লোৱা নাই পাকিস্তানেঃ এইবাৰ ডেৰা বাবা নানকৰ সমীপত ড্ৰ’ন আক্ৰমণৰ প্ৰচেষ্টা

শুকুৰবাৰে সন্ধিয়া গুৰদাসপুৰৰ কৰতাৰপুৰ ক'ৰিডৰৰ সমীপৰ ডেৰা বাবা নানকৰ সমীপত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। সৌভাগ্যক্ৰমে ভাৰতীয় সেনাই আকাশতে ড্ৰোনখন ধ্বংস কৰি এই আক্ৰমণ বিফল কৰে।

শিক্ষা লোৱা নাই পাকিস্তানেঃ এইবাৰ ডেৰা বাবা নানকৰ সমীপত ড্ৰ’ন আক্ৰমণৰ প্ৰচেষ্টা

পাকিস্তানৰ ড্ৰ’ন আক্ৰমণৰ চেষ্টা বিফল

Published: 

10 May 2025 00:19 AM

কাপুৰুষৰ দৰে ভাৰতৰ সীমান্তত আক্ৰমণ চলাইছে পাকিস্তানে। পাকিস্তান সীমান্তৰ পৰা পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ভাৰতৰ অসামৰিক অঞ্চল। শুকুৰবাৰে সন্ধিয়া গুৰদাসপুৰৰ কৰতাৰপুৰ ক’ৰিডৰৰ সমীপৰ ডেৰা বাবা নানকৰ সমীপত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। সৌভাগ্যক্ৰমে ভাৰতীয় সেনাই আকাশতে ড্ৰোনখন ধ্বংস কৰি এই আক্ৰমণ বিফল কৰে। পাকিস্তানে পঞ্জাৱৰ ফিৰোজপুৰৰ লগতে ৰাজস্থানৰ বহু অঞ্চলত ড্ৰ’ন আক্ৰমণ চলাইছে বুলি প্ৰকাশ পাইছে। এই ঘটনাত একাংশ লোক আহত হোৱাৰ খবৰো পোৱা গৈছে।

স্থানীয় ৰাইজৰ মতে, কৰতাৰপুৰ ক’ৰিডৰৰ আশে-পাশে আধা ডজনৰো অধিক ড্ৰ’ন দেখা গৈছে। এই সকলোবোৰ ড্ৰ’ন ভাৰতৰ এয়াৰ ডিফেঞ্চ চিষ্টেমে আকাশৰ মাজভাগত ধ্বংস কৰিছে। এই ঘটনাত কোনো লোকৰ প্ৰাণ হেৰুওৱাৰ খবৰ পোৱা নাই। এই ঘটনাৰ পিছত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। অৱশ্যে তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ ৰাইজক ঘৰতে থাকিবলৈ আহ্বান জনায়।

অপাৰেচন সেন্দূৰৰ বাবেই সীমান্তৰ সমীপত অৱস্থিত কৰতাৰপুৰ চাহাব কৰিড’ৰ বুধবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে। এনে পদক্ষেপৰ বাবে সেইস্থানত জনসমাৱেশ কম হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত-পাক জিৰ’ লাইনৰ দুয়োপাৰৰ গেটৰ উপৰি সীমান্তত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। কৰতাৰপুৰ চাহাব ভ্ৰমণৰ বাবে ৱেবছাইট বন্ধ কৰি দিছে ভাৰত চৰকাৰে।

উল্লেখ্য যে ডেৰা বাবা নানকত অৱস্থিত আইচিপিৰ পৰাহে কৰতাৰপুৰ কৰিডৰত প্ৰৱেশ কৰিব পাৰে। ইয়াত অৱস্থিত গুৰুদ্বাৰাৰ শিখ সম্প্ৰদায়ৰ বাবে অতি আধ্যাত্মিক গুৰুত্ব আছে। গুৰু নানক দেৱে জীৱনৰ শেষ ১৮ বছৰ এই স্থানতে কটাইছিল আৰু এইস্থানতে তেওঁৰ মৃত্যুও হৈছিল। শিখ সম্প্ৰদায়ৰ স্বীকৃতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ৯ নৱেম্বৰত ভিছামুক্ত সীমান্ত পথ কৰতাৰপুৰ ক’ৰিডৰ উদ্বোধন কৰিছিল।

ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...