Pahalgam Terrorist Attack LIVE Updates : আজি আটাৰী-ৱাঘা সীমান্তৰে পাকিস্তানলৈ উভতিল ১৯১জন পাকিস্তানী
পহলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্কত ব্যৱধান অনাৰ লগতে আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই কেইবাটাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই আক্ৰমণত ২৬ জন পৰ্যটক নিহত হোৱাৰ লগতে বহু আহত হয়।

ভাৰত পাকিস্তান সীমান্ত
দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত পৰ্যটকসহ ২৬ জন লোক নিহত হয়। ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত উপত্যকাটোত সংঘটিত এইটো আন ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ । পুলৱামা আক্ৰমণত চি আৰ পি এফৰ ৪০ জন জোৱান নিহত হৈছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা শোকসন্তপ্ত পৰিয়ালে এই নৃশংস কাৰ্যৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। একে সময়তে চৰকাৰে ইয়াৰ বাবে কঠোৰ প্ৰতিশোধ লোৱা হ’ব আৰু ইয়াৰ লগত জড়িতসকল কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে। একে সময়তে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত সৰ্বদলীয় বৈঠকত নিৰাপত্তাজনিত ত্ৰুটি স্বীকাৰ কৰিছে চৰকাৰে।
LIVE NEWS & UPDATES
-
আজি আটাৰী-ৱাঘা সীমান্তৰে পাকিস্তানলৈ উভতিল ১৯১জন
আজি ১৯১ জন পাকিস্তানী ভাৰতৰ পৰা পাকিস্তানলৈ উভতি যায়, আনহাতে ২৮৭ জন ভাৰতীয় পাকিস্তানৰ পৰা ভাৰত সীমান্তলৈ উভতি আহিছে । আটাৰী-ৱাঘা সীমান্তৰে নিজ দেশলৈ উভতিছে পাকিস্তানী কেইজন ।
-
সিন্ধু জল চুক্তি সন্দৰ্ভত অমিত শ্বাহৰ ঘৰত চলি থকা বৈঠক শেষ
সিন্ধু জল সন্ধি সন্দৰ্ভত অমিত শ্বাহৰ ঘৰত চলি থকা বৈঠকৰ অন্ত পৰিল। সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত পানীৰ ব্যৱস্থাপনা আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিবলৈ এই বৈঠক আহ্বান কৰা হৈছিল। বৈঠকত বিদেশ মন্ত্ৰী, জল শক্তি মন্ত্ৰী আৰু তিনিওটা মন্ত্ৰালয়ৰ সচিব পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। বৰ্তমান সময়ত সভাত কি আলোচনা হৈছিল সেই সম্পৰ্কে তথ্য প্ৰকাশ কৰা হোৱা নাই।
-
-
সিন্ধু জল চুক্তিৰ সন্দৰ্ভত অমিত শ্বাহৰ ঘৰত গুৰুত্বপূৰ্ণ বৈঠক
সিন্ধু জল চুক্তিৰ স্থগিত ৰখাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত পানীৰ ব্যৱস্থাপনা আৰু ব্যৱহাৰ সন্দৰ্ভত এখন বৈঠক আৰম্ভ হৈছে। বৈঠকত তিনিওটা মন্ত্ৰালয়ৰ বৈদেশিক মন্ত্ৰী, জল শক্তি মন্ত্ৰী আৰু সচিব পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। যোৱা দুদিনত জল শক্তি মন্ত্ৰালয়ে সিন্ধুৰ পানী বন্ধ কৰি ব্যৱহাৰৰ বাবে বিশদ প্ৰস্তুতি চলাইছে। এই বিষয়টোৰ ওপৰত আলোচনা চলি আছে।
-
পুলৱামাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ বিৰুদ্ধে অভিযান
পুলৱামাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান অব্যাহত আছে। বিশেষ অভিযান গোটে ঘৰে ঘৰে চলাইছে তালাচী ।
-
ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক ফোন কৰি পহাগাম আক্ৰমণক গৰিহণা দিয়ে
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা নিৰীহ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ এই বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে, এই সময়ত ব্ৰিটেইন ভাৰতৰ জনসাধাৰণৰ সৈতে থিয় দিছে।
-
পহলগাম কাণ্ডই ভাই-ভনীক ইজনে সিজনৰ বিৰুদ্ধে থিয় কৰাইছে: ৰাহুল গান্ধী
ৰাহুল গান্ধীয়ে শ্ৰীনগৰ ভ্ৰমণৰ সময়ত কয় যে, এই কাণ্ডই ভাই-ভনীক ইজনে সিজনৰ বিৰুদ্ধে থিয় কৰাইছে। চৰকাৰে যি পদক্ষেপ নলওক, আমি তাৰ লগত আছোঁ। একাংশ লোকে কাশ্মীৰী ভাই-ভনীক টাৰ্গেট কৰিছে, এইটো ভুল। জম্মু-কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। এই সময়ত সমগ্ৰ দেশ জাতিৰ লগত থিয় হৈ আছে। মই এল জি-চিএমক কৈছো যে, কংগ্ৰেছ আপোনাৰ লগত আছে। আমি আপোনাক আৰু চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিম।
-
ক’লা আৰ্মবেণ্ড পিন্ধি চুৰাটত নামাজ আদায়
পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত জনাই গুজৰাটৰ চুৰাট ৰাইজে ক’লা আৰ্মবেণ্ড বান্ধি নামাজ আগবঢ়ায়।
#WATCH | Surat, Gujarat | People offer Namaz wearing black arm bands to protest against the #PahalgamTerrorAttack. pic.twitter.com/WpM2lAsje7
— ANI (@ANI) April 25, 2025
-
আটাৰী সীমান্তত বিটিং ৰিট্ৰিট পেৰেড অনুষ্ঠিত হ’ব যদিও পাকিস্তানে হাত মিলাব নোৱাৰিব
আটৰী সীমান্তত বিটিং ৰিট্ৰিট পেৰেড আগৰ দৰে অনুষ্ঠিত হ’ব, কিন্তু ভাৰতৰ ফালৰ পৰা গেট খোলা নাথাকিব । লগতে পাক ৰেঞ্জাৰৰ সৈতে কোনো ধৰণৰ হাত মিলাব নোৱাৰিব ।
-
পহলগাম আক্ৰমণৰ দোষীক শাস্তি প্ৰদানৰ দাবী মানৱ অধিকাৰ আয়োগৰ
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। এই আক্ৰমণত নিৰীহ লোকৰ মৃত্যু আৰু আহত হোৱাৰ খবৰ পাই উদ্বেগ প্ৰকাশ কৰিছে এন এইচ আৰ চিয়ে। আয়োগে এই আক্ৰমণে মানৱ অধিকাৰ উলংঘা আৰু ই সমাজত ভয় আৰু সন্ত্ৰাস বিয়পাই দিয়া বুলি উল্লেখ কৰিছে। এন এইচ আৰ চিয়ে এই আক্ৰমণৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। আহতসকলৰ চিকিৎসাৰ লগতে তেওঁলোকৰ পৰিয়ালক সাহায্য প্ৰদানৰ বাবেও আয়োগে আহ্বান জনাইছে।
-
পহলগাম আক্ৰমণৰ পিছত ডাঙৰ সিদ্ধান্ত…
পহলগাম আক্ৰমণৰ পিছতে গৃহ মন্ত্ৰালয়ে লৈছে এক ডাঙৰ সিদ্ধান্ত। তেওঁ পাকিস্তানৰ সৈতে জড়িত সকলো ভিছা বাতিল কৰাৰ নিৰ্দেশ দিছে। গৃহমন্ত্ৰী অমিত শ্বাহে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে। সকলো মুখ্যমন্ত্রীকে অতি শীঘ্ৰে নিজ নিজ ৰাজ্যৰ পৰা পাকিস্তানী লোকক অপসাৰণ কৰিবলৈ কোৱা হৈছে ৷
-
আমিনুল ইছলামৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ৰফিকুল ইছলামৰ
AIUDF ৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে ২৫ এপ্ৰিলত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত আমিনুল ইছলামে কৰা বিতৰ্কিত মন্তব্যক গৰিহণা দিছে । তেওঁ কয় যে, এই মতামত “ব্যক্তিগত” আৰু এই সময়ত এনেধৰণৰ মন্তব্য় প্ৰকাশ কৰাটো উচিত নহয় ।
#WATCH | Guwahati: On the arrest of AIUDF MLA Aminul Islam for his remarks on the terror attack in Pahalgam, party MLA and General Secretary Rafiqul Islam says, “It was his personal statement and such statements should not be made at this time…” pic.twitter.com/eW7kR1sSEm
— ANI (@ANI) April 25, 2025
এএনআইৰ সৈতে হোৱা কথা-বতৰাত বিধায়কগৰাকীয়ে কয় যে, “এয়া তেওঁৰ ব্যক্তিগত বক্তব্য আছিল আৰু এই সময়ত এনে বক্তব্য দিয়া উচিত নহয়।” তেওঁ আৰু কয় যে, এই সময়ছোৱাত সকলোৱে ভাৰত চৰকাৰ আৰু নিৰাপত্তাৰক্ষীৰ সৈতে থিয় দিব লাগে। এই বিষয়ত চৰকাৰে উপযুক্ত পদক্ষেপ ল’ব বুলি আৰু দৃঢ়তাৰে কয় যে, এয়া ব্যক্তিগত বক্তব্য দিয়াৰ সময় নহয়।
-
কাশ্মীৰীক অনাহাৰে ৰখাৰ ষড়যন্ত্ৰ চলিছে,সন্ত্ৰাসবাদীক পাহৰিব নোৱাৰাকে শাস্তি দিম :আলোক কুমাৰ
পহলগাম আক্ৰমণ সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি আলোক কুমাৰে কয়, “আমি ইয়ালৈ আহিছো এটা সংকল্প ল’বলৈ। আমি বিচাৰি উলিয়াই ধৰি আনিম। আমি তেওঁলোক এনেদৰে শাস্তি দিম যে সি পাহৰিব নোৱাৰিব। জাতি নহয়, ধৰ্মৰ কথা সুধিলে আৰু তাৰ পিছত আমাক হত্যা কৰিলে। পৰ্যটকৰ ওপৰত এইটোৱেই প্ৰথম আক্ৰমণ। পৰ্যটন বন্ধ হ’লে কাশ্মীৰীৰ ভোকত মৰিবলৈ বাধ্য হ’ব ৷ কাশ্মীৰ ভ্ৰমণৰ পৰিকল্পনা কৰা ৬০ শতাংশ লোকে বাতিল কৰিলে টিকট। এয়া কাশ্মীৰীক অনাহাৰে ৰখাৰ ষড়যন্ত্ৰ। এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী ছৌদি আৰৱত আছিল। এইবাৰ কোনো আৰৱ দেশ পাকিস্তানৰ লগত নাই। ইৰাণে পাকিস্তানক সমৰ্থন কৰা নাছিল।”
-
শ্ৰীনগৰত উপস্থিত ৰাহুল গান্ধী
পহলগামৰ আক্ৰমণ সংঘটিত হোৱাৰ পাছতে আজি শ্ৰীনগৰত উপস্থিত কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধী । আজি তেওঁ আহতসকলক সাক্ষাৎ কৰাৰ লগতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে বৈঠকত মিলিত হ’ব।
-
পহলগামৰ আক্ৰমণৰ সৈতে জড়িত দোষীক “স্বাধীনতা সংগ্ৰামী” আখ্যা পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ
এইবাৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে পহলগামৰ আক্ৰমণৰ সৈতে জড়িত দোষীক “স্বাধীনতা সংগ্ৰামী” বুলি প্ৰশংসা কৰিছে । প্ৰকাশিত খবৰ অনুসৰি, ইছলামবাদত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে । তেওঁ কয়,“যিসকলে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত আক্ৰমণ সংঘটিত কৰিছিল তেওঁলোক হয়তো স্বাধীনতা সংগ্ৰামী হ’ব পাৰে।”
-
পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’ব লাগিবঃ সাংসদ প্ৰমোদ তিৱাৰী
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে প্ৰয়াগৰাজত কয়, “সন্ত্ৰাসবাদীয়ে প্ৰতিজন ভাৰতীয়কে আঘাত কৰিছে। ইয়াৰ প্ৰতিশোধ ল’ব লাগিব। কালি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় আৰু ভাৰতৰ মিত্ৰজোঁটে চৰকাৰক কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমি আপোনালোকৰ লগত আছো, আপোনালোকে দেশৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰিব লাগে।”
-
ৰাহুল গান্ধীৰ জম্মু কাশ্মীৰ ভ্ৰমণ
আজি জম্মু কাশ্মীৰ ভ্ৰমণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী । এই ভ্ৰমণ কালতে ৰাহুল গান্ধীয়ে দিনৰ ২ বজাত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক সাক্ষাৎ কৰিব। ইয়াৰ পিছত তেওঁ সন্ধিয়া ৪ বজাত জম্মু-কাশ্মীৰৰ এল জি মনোজ সিনহাক সাক্ষাৎ কৰিব। ইয়াৰ পিছত তেওঁ দিল্লীলৈ ৰাওনা হ’ব।
-
সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ জুমাৰ নামাজ আদায় কৰক
লক্ষ্ণৌ ঈদগাহ ইমাম মৌলানা খালিদ ৰছিদ ফাৰংগী মহলীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত কয়, “আজি আমি সকলো মছজিদ আৰু ইমামক আহ্বান জনাইছো যে, আমাৰ দেশৰ পৰা আৰু সমগ্ৰ বিশ্বৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে বিশেষকৈ এই বৰ্বৰ আক্ৰমণৰ লগত জড়িতসকলৰ বাবে আৰু আহত সকলো লোকৰ ক্ষিপ্ৰ আৰোগ্যৰ বাবে জুমাৰ নামাজ আদায় কৰক।”
#WATCH | Lucknow, UP | On Pahalgam terror attack, Lucknow Eidgah Imam, Maulana Khalid Rasheed Farangi Mahli says, “… On the occasion of Friday Jumma today, we have appealed to all the mosques and imams to organise a special dua to pray for the elimination of terrorism from our… pic.twitter.com/cwsAHBQaxh
— ANI (@ANI) April 25, 2025
-
এনকাউণ্টাৰত নিহত লস্কৰৰ সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰৰ বান্দিপোৰাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এক এনকাউণ্টাৰ চলি আছে। ইফালে নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা অৰ্জন কৰিছে। লস্কৰৰ এজন সন্ত্ৰাসবাদী নিহত হৈছে এনকাউণ্টাৰত ।