Pahalgam Attack: “আমি জীয়াই আছো”…নিহত বিনয় নৰৱালৰ নামত ভাইৰেল হোৱা ভিডিঅ’ক লৈ ক’লে দম্পতীয়ে…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। য’ত দাবী কৰা হৈছে যে এই আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় নৌসেনাৰ বিষয়া লেফটেনেণ্ট বিনয় নৰৱালৰ এইটোৱেই শেষ ভিডিঅ’, কিন্তু ইয়াৰ সত্যতা আন কিবাহে।

Pahalgam Attack: আমি জীয়াই আছো...নিহত বিনয় নৰৱালৰ নামত ভাইৰেল হোৱা ভিডিঅ’ক লৈ কলে দম্পতীয়ে...

নিহত বিনয় নৰৱালৰ নামত ভাইৰেল ভিডিঅ’টোক লৈ ক'লে দম্পতীয়ে

Updated On: 

24 Apr 2025 | 03:30 PM

কাশ্মীৰৰ পহলগামত ঘটা অবৰ্ণনীয় ঘটনা প্ৰতিগৰাকী ভাৰতীয়ৰ অন্তৰৰ এক ক্ষোভৰ সৃষ্টি কৰিছে। সেই অনাকাংশিত ঘটনাই আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল সাহসী নৌসেনাৰ বিষয়া লেফটেনেণ্ট বিনয় নৰৱালক। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰা ২৮ পৰ্যটকৰ ভিতৰত আছিল নৰৱাল। এই শোকৰ মাজতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা ভুৱা ভিডিঅ’। যিটো নৰৱাল আৰু তেওঁৰ পত্নী হিমাংশীৰ বুলি দাবী কৰা হৈছে। কিন্তু এই ভিডিঅ’টোৰ সত্যতা আন কিবাহে। ভিডিঅ’টোত দেখা দম্পতীটো আন কোনোবা, আৰু তেওঁলোকে নিজেই আগবাঢ়ি আহি এই কথা প্ৰকাশ কৰিছে, ‘আমি এতিয়াও জীয়াই আছো।”

 

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ১৯ ছেকেণ্ডৰ এটা ক্লিপত কাশ্মীৰৰ উপত্যকাত দম্পতীয়ে হাঁহি হাঁহি মধুৰ সময় উদযাপন কৰি থকা দেখা গৈছে। দ্ৰুতগতিত শ্বেয়াৰ হোৱা ভিডিঅ’টোত এই দাবী কৰা হৈছিল যে, এয়া আক্ৰমণৰ পূৰ্বে লেফটেনেণ্ট বিনয় নৰৱাল আৰু তেওঁৰ পত্নী হিমাংশীৰ শেষ ভিডিঅ’। কিন্তু ভিডিঅ’টোত দেখা দম্পতী যশিকা শৰ্মা আৰু তেওঁৰ স্বামী আশীষ চেহৰাৱত। যশিকা পেছাত কেবিন ক্ৰু আৰু লাইফষ্টাইল ভ্লগাৰ, আনহাতে আশীষ এজন পেছাদাৰী ক্ৰিকেটাৰ, আৰু ইণ্ডিয়ান ৰেলৱেৰ ৰঞ্জি ট্ৰফীৰ খেলুৱৈ। তেওঁ নিজেই আগবাঢ়ি আহি এই ভাইৰেল ভিডিঅ’টোৰ সমগ্ৰ সত্যতা প্ৰকাশ কৰিছে। আপুনিও শুনক দম্পতীহালে কোৱা কথাবোৰ-

ভিডিঅ’টোত দম্পতীয়ে কৈছে, “আপোনালোকে জীৱিত দম্পতীক RIP লিখি  ভাইৰেল কৰি তুলিছে,  আমি এতিয়াও জীয়াই আছো।” তেওঁ ক’লে, “কেনেকৈ আৰু কোনে ভাইৰেল কৰিলে নাজানো, কিন্তু ইয়াৰ বাবেই আমি আৰু আমৰ পৰিয়ালটো বৰ অশান্তিত আছো।” তেওঁ লগতে কয়, তেওঁলোক পৰিয়ালৰ বাবে আমাৰ সহানুভূতি আছে, কিন্তু এই কাম নকৰিব। আপোনালোকে কাৰোবাক জীয়াই থাকোঁতে হত্যা কৰিলে।

১৬ এপ্ৰিলত বিবাহৰ পাছত হাৰিয়ানাৰ কৰ্ণালৰ বাসিন্দা বিনয়ে পত্নীৰ সৈতে পহলগামলৈ গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাইৰেল হোৱা এখন ফটোত তেওঁৰ পত্নী হিমাংশী তেওঁৰ নশ্বহৰ দেহৰ কাষত বহি থকা দেখা গৈছে, যিয়ে ছ’চিয়েল মিডিয়াত শোক আৰু ক্ষোভৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: ‘শাস্তি সকলোৱে ভোগ কৰিব লাগিব’….সন্ত্ৰাসবাদীৰ পৰা পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰি কাশ্মীৰী চালকে ক’লে এইদৰে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...