Pahalgam terror attack: প্ৰথমে আমি ভাৰতীয়- কাশ্মীৰৰ মছজিদৰ পৰা হৈছে বিশেষ ঘোষণা, বিৰোধত উত্তাল কাশ্মীৰী…
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত বৰ্তমান পৰ্যন্ত ২৬ জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। এই সময়ত এই ঘটনাৰ কঠোৰ বিৰোধিতা কৰিছে কাশ্মীৰৰ জনসাধাৰণে।

পহলগাম
মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগাম অঞ্চলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। ধৰ্ম সোধাৰ পাছত হত্যা কৰা হৈছিল পৰ্যটকক। পোহৰলৈ অহা তথ্য অনুসৰি পৰ্যটকসকলক সন্ত্ৰাসবাদীয়ে কলমা পঢ়িব দিছিল, আৰু যিয়ে পঢ়িব পৰা নাছিল তেওঁক হত্যা কৰা হৈছিল। এই ঘটনাত প্ৰায় ২৬ জন পৰ্যটকৰ মৃত্যু হৈছে। পৃথিৱীৰ স্বৰ্গ বুলি অভিহিত কাশ্মীৰক মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে সন্ত্ৰাসবাদীয়ে মৰিশালীলৈ ৰূপান্তৰ কৰিলে। এই আক্ৰমণৰ পাছত শোকত ভাগি পৰিছে কাশ্মীৰীসকল আৰু ওলাই আহিছে একেলগে।
সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত কাশ্মীৰীসকল ক্ষোভিত হৈ পৰিছে। ধৰ্ম সুধি হত্যা কৰা ঘটনাক কঠোৰভাৱে গৰিহনা যোগাইছে। সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কাশ্মীৰৰ মছজিদত মনজুৰ কাছমীয়ে কিস্তৱাৰ বন্ধৰ আহ্বান জনাইছে। বুধবাৰেও কাশ্মীৰ বন্ধৰ আহ্বান জনাইছে মাৰ্কাজি শ্বুৰাই। এই আক্ৰমণৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে কাশ্মীৰী জনসাধাৰণ আৰু দোষীৰ শাস্তিৰ দাবী জনাইছে।
জাতি-ধৰ্ম নিৰ্বিশেষে কাশ্মীৰৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ ইমামসকলে লাউডস্পীকাৰৰ জৰিয়তে ঘোষণা কৰিছে যে সন্ত্ৰাসবাদী ইছলাম আৰু কাশ্মীৰিয়তৰ শত্ৰু। মঙলবাৰৰ ঘটনাৰ পাছত কাশ্মীৰৰ প্ৰায়ভাগ মছজিদত কাশ্মীৰ বন্ধৰ আহ্বান জনায়।
VIDEO | J&K: Locals of Pahalgam hold candle march for terror attack victims demanding justice.
(Full video available on PTI Videos – https://t.co/n147TvrpG7) pic.twitter.com/F19rAK7tFf
— Press Trust of India (@PTI_News) April 22, 2025
কিস্তৱাৰৰ মছজিদত ঘোষণা কৰা হয় যে, পহলগামত সংঘটিত হোৱা ঘটনাত বহু নিৰীহ লোকৰ প্ৰাণ গ’ল। সন্ত্ৰাসবাদৰ নামত মানুহক হত্যা কৰা হয়। সমগ্ৰ ইছলাম সমাজে ইয়াক গৰিহনা দিছে আৰু চৰকাৰৰ ওচৰত দাবী জনাইছে যে যিয়ে এই কাণ্ড সংঘটিত কৰিছে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰা হওক। এই আক্ৰমণৰ প্ৰতিবাদত বুধবাৰেও কিস্তৱাৰ বন্ধ থাকিব।
মঙলবাৰে নিশা অনন্তনাগ, পহলগাম, কুপৱাৰা, বাৰামুল্লা, বান্দিপোৰা, পুলৱামা, বুডগাম, শ্বোপিয়ান, শ্ৰীনগৰত আদিত মমবাতিৰ সমদল উলিওৱা হয়। এই আক্ৰমণত নিহত হোৱা সকলৰ প্ৰতি ন্যায় বিচাৰি ৰাইজে কয় যে, আজি পহলগামত যি ঘটনা সংঘটিত হৈছে, সেই ঘটনাক আমি তীব্ৰ গৰিহনা দিছো। আমি প্ৰথমে ভাৰতৰ বাসিন্দা, তাৰ পাছত কাশ্মীৰী।
উল্লেখ্য যে, পহলগাম আক্ৰমণৰ ঘটনাৰ পাছতে দেশত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আদি সকলোৱ সন্ত্ৰাসবাদীসকলক কঠোৰ সকিয়নী দিছে। ইয়াৰোপৰি আমেৰিকা, ৰাছিয়া, ইজৰাইল আদিৰ দৰে দেশে ভাৰতৰ হৈ থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। পহলগামৰ ঘটনাই কন্দুৱাই গৈছে সমগ্ৰ দেশবাসীক। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰত অনুৰোধ জনাইছে। গতিকে চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।