‘শাস্তি সকলোৱে ভোগ কৰিব লাগিব’….সন্ত্ৰাসবাদীৰ পৰা পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰি কাশ্মীৰী চালকে ক’লে এইদৰে…

ভাইৰেল হৈ থকা ভিডিঅ’টোত মহাৰাষ্ট্ৰৰ পৰা অহা পৰ্যটকৰ মাজত এগৰাকী মহিলাই চালক আদিলক প্ৰশংসা কৰা দেখা গৈছে। মহিলাগৰাকীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত আদিলে পৰিয়ালটোক কেনেদৰে সহায় কৰিছিল সেই কথা জানিবলৈ দিয়ে।তেওঁ কেৱল পৰিয়ালটোক নিজৰ ঘৰত আশ্ৰয় দিয়াই নহয়, খাদ্যৰ ব্যৱস্থাও কৰি তেওঁলোকৰ সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লৈছিল।

‘শাস্তি সকলোৱে ভোগ কৰিব লাগিব’....সন্ত্ৰাসবাদীৰ পৰা পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰি কাশ্মীৰী চালকে কলে এইদৰে...

কাশ্মীৰী চালক আদিল

Updated On: 

24 Apr 2025 14:24 PM

মঙলবাৰে কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্ব জোঁকাৰি গৈছে। সেই ঘটনাই কেৱল একাংশ নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা নহয়, শান্তি বিচৰা প্ৰতিজন কাশ্মীৰীৰ হৃদয়ত গভীৰ আঘাত কৰিছে। ইয়াৰ মাজতে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অচিনাকি পৰিয়ালৰ জীৱন ৰক্ষা কৰা কাশ্মীৰী চালক আদিলৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কেমেৰাত নিজৰ দুখ প্ৰকাশ কৰি আদিলে কয়, “এজন ব্যক্তিয়ে ভুল কৰিলে, কিন্তু শাস্তি আমি সকলোৱে ভোগ কৰিব লাগিব।” এই ভিডিঅ’টোৰ ওপৰত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে।

ভাইৰেল হৈ থকা ভিডিঅ’টোত মহাৰাষ্ট্ৰৰ পৰা অহা পৰ্যটকৰ মাজত এগৰাকী মহিলাই চালক আদিলক প্ৰশংসা কৰা দেখা গৈছে। মহিলাগৰাকীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত আদিলে পৰিয়ালটোক কেনেদৰে সহায় কৰিছিল সেই কথা জানিবলৈ দিয়ে।তেওঁ কেৱল পৰিয়ালটোক নিজৰ ঘৰত আশ্ৰয় দিয়াই নহয়, খাদ্যৰ ব্যৱস্থাও কৰি তেওঁলোকৰ সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লৈছিল।

‘এজন ব্যক্তিয়ে ভুল কৰিলে, কিন্তু শাস্তি সকলোৱে ভোগ কৰিব লাগিব’।

ইয়াৰ পিছত আদিলে নিজৰ দুখ প্ৰকাশ কৰি কয়, “এই আক্ৰমণৰ বাবে সমগ্ৰ কাশ্মীৰৰ অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। ৰাজপথত বিক্ৰেতাৰ পৰা হোটেলৰ মালিকলৈকে সকলো ক্ষতিগ্ৰস্ত হ’ব।’ তেওঁ আৰু কয়, ‘এয়া মানৱতাৰ হত্যা। নিৰীহ শিশুসকল পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ আহিছিল। তেওঁলোকে কেনেকৈ গ’ম পাব যে এনেকুৱা হ’ব? এজন ব্যক্তিয়ে ভুল কৰিলে, কিন্তু শাস্তি সকলোৱে ভোগ কৰিব লাগিব।”

এই ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ইউজাৰে লিখিছে,  “এইজন কেব চালক আদিল, যিয়ে মহাৰাষ্ট্ৰৰ পৰা অহা এটা পৰিয়ালক নিজৰ ঘৰত আশ্ৰয় দি আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰি জীৱন ৰক্ষা কৰিছিল। স্পষ্টভাৱে পাকিস্তানী সন্ত্ৰাসবাদীৰ জঘন্য কাণ্ডৰ বাবে কাশ্মীৰীৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। এই পোষ্টটোত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে।  কেৱল সন্ত্ৰাসবাদী নিৰ্মূলৰ কৰাই নহয়, পহলগামত ২৮ জন নিৰীহ লোকৰ মৃত্যুৰ বাবে দায়ী প্ৰতিজন ব্যক্তিৰ পৰা প্ৰতিশোধ ল’বলৈও মোদী চৰকাৰক অনুৰোধ জনাইছে সকলোৱে।

উল্লেখ্য যে,  ২০২৪ চনত কাশ্মীৰৰ পৰ্যটন উদ্যোগৰ মূল্য আছিল ১২ হাজাৰ কোটি টকা।ৰাজ্যখনৰ মুঠ অৰ্থনীতিৰ ৮ শতাংশ অংশই পৰ্যটনৰ পৰা অহা। এনে পৰিস্থিতিত ইয়াৰ বহু লোকৰ জীৱিকা নির্ভৰ কৰে পৰ্যটকৰ ওপৰত৷ কিন্তু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণে তেওঁলোকৰ জীৱিকা বিপদত পেলাইছে।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension