ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! কোঠাৰ ভিতৰত ভয়ংকৰ কাণ্ড, উদ্ধাৰ এগৰাকী নাৰ্ছৰ মৃতদেহ…

এগৰাকী যুৱতীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। ২৩ বছৰীয়া যুৱতীগৰাকীক হত্যা কৰে কোনোয়ে। নাৰ্ছ হিচাপে কৰ্মৰত আছিল তেওঁ। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! কোঠাৰ ভিতৰত ভয়ংকৰ কাণ্ড, উদ্ধাৰ এগৰাকী নাৰ্ছৰ মৃতদেহ...

নাৰ্চ

Published: 

10 Oct 2025 10:43 AM

এগৰাকী নাৰ্ছৰ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে এটা সম্পূৰ্ণ অঞ্চল। জানিব পৰা মতে, এটা কোঠাৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ হয়। এই নাৰ্ছগৰাকী প্ৰিয়ংকা দাস (২৩) বুলি চিনাক্ত হৈছে। ত্ৰিকোণ প্ৰেমৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত। ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত অব্যাহত আছে।

জানিব পৰা মতে, যুৱতীগৰাকীৰ দুৰ্গেশ নামৰ এজন যুৱকৰ সৈতে চিনাকী আছিল। চিৰমিৰীৰ বাসিন্দা ছানী নামৰ আন এজন যুৱকৰ সৈতেও যুৱতীগৰাকীৰ যোৱা ৭ বছৰ ধৰি ভাল সম্পৰ্ক আছিল। ইয়াকে লৈ যুৱতীগৰাকীৰ প্ৰেমিকৰ সৈতে বিবাদ চলে। যাৰ পৰিণতিত কালি গভীৰ নিশা যুৱতীগৰাকীৰ হত্যা হয় বুলি সন্দেহ কৰা হৈছে।

কোঠাত উদ্ধাৰ মৃতদেহ

জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰিয়ংকাৰ বান্ধৱীয়ে তেওঁক লগ কৰিবলৈ ৰুমলৈ আহিছিল। কিন্তু কোঠাত উপস্থিত হৈয়ে বান্ধৱী আচৰিত হৈ পৰে। কিয়নো মজিয়াত পৰি আছিল যুৱতীগৰাকীৰ তেজেৰে লুতুৰী-পুতুৰী নিথৰ দেহ। লগে লগে তেওঁ চিঞৰি উঠে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ বুকুত তিনিবাৰকৈ ছুৰীৰে আঘাত কৰা চিন স্পষ্ট হৈ আছে। বৰ্তমান এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ পৰা এখন দা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইফালে ঘটনাৰ লগত জড়িত এজনক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱতীগৰাকী যোৱা এমাহ ধৰি এটা ভাড়াঘৰত বাস কৰি আহিছিল। তেওঁ এম এম আই হাস্পতালত নাৰ্চিং ষ্টাফ মেম্বাৰ হিচাপে কাম কৰি আছিল। গভীৰ নিশা এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। বৰ্তমান সমগ্ৰ কাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহা সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ ধৰ্ম পৰিৱৰ্তন কৰি দ্বিতীয় বিবাহ! পুনৰ অবৈধ প্ৰেম, পাছত স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…

একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ধন প্ৰাপ্তিৰ পূৰ্বে মা লক্ষ্মীয়ে দিয়ে এই ৫ টা সংকেত! কি কি জানক...
কম বিনিয়োগত লাখ টকা উপাৰ্জন, ডাকঘৰে আপোনাৰ বাবে লৈ আহিছে ডাঙৰ সুযোগ...
ডাৰ্ক চাৰ্কল পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক সমস্যা!
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...