News9 Global Summit: বিশ্বক প্ৰয়োজন ভাৰতৰ…আঁৰৰ কাৰণ ক’লে ডাঃ বীৰমণিয়ে…

News9 Global Summit: দুদিনীয়া কাৰ্যসূচীৰে জাৰ্মানীত আৰম্ভ হৈছে নিউজ৯ গ্লোবেল চামিট ২০২৫। এই অনুষ্ঠানত দেশ-বিদেশৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰিছে। এই সময়চোৱাত নিটি আয়োগৰ সদস্য ড০ অৰবিন্দ বীৰমানীয়েও মন্তব্য প্ৰদান কৰে।

News9 Global Summit: বিশ্বক প্ৰয়োজন ভাৰতৰ...আঁৰৰ কাৰণ কলে ডাঃ বীৰমণিয়ে...

ডাঃ অৰবিন্দ বীৰমণি

Updated On: 

10 Oct 2025 11:56 AM

ভাৰতৰ আগশাৰীৰ নিউজ নেটৱৰ্ক টিভি ৯ নেটৱৰ্কে জাৰ্মানীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে নিউজ ৯ গ্লোবেল ছামিট। এই সন্মিলনৰ দ্বিতীয় সংস্কৰণ ৯ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে আৰম্ভ হৈছে। য’ত দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। এই সন্মিলনত ভাৰত আৰু জাৰ্মানীৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰে নিটি আয়োগৰ সদস্য তথা প্ৰখ্যাত অৰ্থনীতিবিদ ড০ অৰবিন্দ বীৰমানীয়ে। তেওঁ “TRADE, TARIFF, TUMULT: INDIA-EU FTA,” বা “বিশ্ব অস্থিৰতাৰ মাজত বাণিজ্য, কৰ, আৰু ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি”ৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰে।

তেওঁ কয় যে, মই মোৰ সমগ্ৰ জীৱন ব্যক্তিগত ব্যৱসায়ক চৰকাৰী ৰেড টেপৰ জালৰ পৰা মুক্ত কৰা চেষ্টা কৰি কটালো। দশক দশক ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত এতিয়া আয়কৰ আৰু জি এছ টিৰ দৰে বৃহৎ সংস্কাৰ ৰূপায়ণ কৰা হৈছে। এই সংস্কাৰবোৰ কেৱল কাগজত নহয়, ভাৰতৰ অৰ্থনৈতিক ভেটিও শক্তিশালী কৰি তুলিছে। যাৰ ফলত ভাৰতে বিশ্বজননী প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও শক্তিশালী হৈ থিয় দি আছে।

প্ৰতি ৬ মিনিটত বিক্ৰী মাৰ্ছিডিজ

নিউজ ৯ ৰ সাংবাদিক এজনে ড° বীৰমানিক প্ৰশ্ন কৰে যে, নৱৰাত্ৰিৰ সময়ত ভাৰতত প্ৰতি ৬ মিনিটত এখন মাৰ্ছিডিজ বিক্ৰী হৈছে। এই ক্ষেত্ৰত আপুনি কি ভাবে ?এই প্ৰশ্নত তেওঁ হাঁহি হাঁহা উত্তৰ দিয়ে যে, ভাৰত আৰু জাৰ্মানী উভয়ৰে বাণিজ্যৰ বাবে এয়া এক ভাল খবৰ। তেওঁ আৰু কয় যে, এই সংখ্যাই ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা মধ্যবিত্ত শ্ৰেণীটোক প্ৰতিফলিত কৰিছে। এই বিশাল মধ্যবিত্ত শ্ৰেণীটোৱে এতিয়া কেৱল প্ৰয়োজনীয় বস্তুৰ বাবে নহয়, তেওঁলোকৰ আশা-আকাংক্ষাৰ বাবেও ব্যয় কৰিবলৈ আৰম্ভ কৰিছে। যাৰ বাবে বিশ্বৰ বিভিন্ন কোম্পানীয়ে ভাৰতক অপৰিসীম সম্ভাৱনাৰ ক্ষেত্ৰ হিচাপে চাই বাণিজ্যৰ বাবে আগবাঢ়ি আহিছে।

ভাৰত উন্নতিৰ ইঞ্জিন

তেওঁ আৰু কয়, আজি সমগ্ৰ বিশ্বই মুদ্ৰাস্ফীতি, যোগান শৃংখলৰ সমস্যা আৰু আৰ্থিক মন্দাৱস্থাৰ দৰে প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছে। এনে অৱস্থাত ভাৰত দ্ৰুতগতিত আগবঢ়া মুখ্য অৰ্থব্যৱস্থা হৈ পৰিছে। লগতে কয়,ভাৰতে কঠিন সময়ত গাঁথনিগত সংস্কাৰ, বিত্তীয় অনুশাসন, কৌশলগত অংশীদাৰিত্বৰ পথ গ্ৰহণ কৰিছে। ইউৰোপে নিজৰ উন্নয়নৰ পথ পুনৰ সংজ্ঞায়িত কৰি থকাৰ সময়তে ভাৰত আৰু জাৰ্মানীৰ দৰে দেশৰ অৰ্থনৈতিক পৰিপূৰকতাই এই খণ্ডিত বিশ্বব্যৱস্থালৈ স্থিৰতা আনিব পাৰে।  তেওঁ আৰু কয় যে, এনে অনিশ্চিত সময়ত সমন্বিত নীতিয়েহে কেৱল আৰ্থিক উন্নতি কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ দলৰ প্ৰতি অসন্তুষ্টি! বিজেপিৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ…

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...