ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি, থ্ৰীডি এয়াৰ চাৰ্ভিলেন্স ৰাডাৰে দিব সুৰক্ষা

এইবাৰ ভাৰতীয় নৌসেনাই কাৰ্যক্ষম কৰিছে নিজৰ প্ৰথম থ্ৰীডি এয়াৰ চাৰ্ভিলেন্স ৰাডাৰ। ইতিমধ্যে ইয়াৰ ট্ৰায়েল কৰা হৈছে। স্পেইনৰ প্ৰতিৰক্ষা কোম্পানী ইন্দ্ৰাৰ সহযোগত টাটা এডভান্সড চিষ্টেমছে নিৰ্মাণ কৰিছে Lanza-N। আচলতে Lanza-N ইন্দ্ৰাৰ Lanza 3D ৰাডাৰৰ এটা সংস্কৰণ।

ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি, থ্ৰীডি এয়াৰ চাৰ্ভিলেন্স ৰাডাৰে দিব সুৰক্ষা

ভাৰতীয় নৌসেনা

Published: 

13 Sep 2025 19:06 PM

বৰ্তমান সময়ত প্ৰতিৰক্ষা শক্তি বৃদ্ধি কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বিশ্বৰ প্ৰায়সমূহ দেশে। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰত। ভাৰতীয় নৌসেনায়ো বৃদ্ধি কৰিছে নিজৰ শক্তি। এইবাৰ ভাৰতীয় নৌসেনাই কাৰ্যক্ষম কৰিছে নিজৰ প্ৰথম থ্ৰীডি এয়াৰ চাৰ্ভিলেন্স ৰাডাৰ। ইতিমধ্যে ইয়াৰ ট্ৰায়েল কৰা হৈছে। স্পেইনৰ প্ৰতিৰক্ষা কোম্পানী ইন্দ্ৰাৰ সহযোগত টাটা এডভান্সড চিষ্টেমছে নিৰ্মাণ কৰিছে Lanza-N। আচলতে Lanza-N ইন্দ্ৰাৰ Lanza 3D ৰাডাৰৰ এটা সংস্কৰণ।

অৱশ্যে নৌসেনাৰ কামৰ বাবে নতুন সংস্কৰণটো প্ৰস্তুত কৰা হৈছে। স্পেইনৰ বাহিৰত এইবাৰ প্ৰথমবাৰৰ বাবে কাম কৰিবলৈ ওলাইছে Lanza-N ৰাডাৰে। দীৰ্ঘ দূৰত্বৰ বায়ু প্ৰতিৰক্ষা আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ৰাডাৰৰ ভিতৰত ই স্থান শীৰ্ষত আছে। ২০২০ চনত প্ৰায় ১৪৫ মিলিয়ন মাৰ্কিন ডলাৰৰ চুক্তিৰ অধীনত ক্ৰয় কৰা এই ৰাডাৰ এতিয়া ব্যৱহাৰ কৰা হ’ব।

এই সফলতাই টাটা এডভান্সড চিষ্টেমছৰ গৌৰৱো বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে জ্ঞাত সূত্ৰই। কাৰণ তেওঁলোকে Next Generation Naval Surveillance Radar System নিৰ্মাণ কৰা প্ৰথমটো ভাৰতীয় কোম্পানী হিচাপে আত্মপ্ৰকাশ কৰিছে।

ফলত তেওঁলোকে সামৰ্থ্য পৰীক্ষাত কৃতকাৰ্য হোৱাৰ লগতে তেওঁলোকৰ গ্ৰহণযোগ্যতাও বহু পৰিমাণে বৃদ্ধি পাইছে বুলি জ্ঞাত সূত্ৰত প্ৰকাশ। এক বিবৃতিত টাটা এডভান্সড চিষ্টেমছে কয় যে প্ৰথমটো কমিচনিঙৰ পিছত এই ৰাডাৰ ব্যৱস্থাটো ভাৰতীয় নৌসেনাৰ ফ্ৰিগেট, ধ্বংসকাৰী আৰু বিমানবাহী জাহাজত অতিৰিক্তভাৱে সংযোজন কৰা হ’ব।

ইন্দ্ৰা Lanza-N ৰ সামৰ্থ্যৰ আঁৰত একাধিক কাৰণ আছে। দীৰ্ঘ দূৰত্বৰ নিৰীক্ষণত ই সমানে ফলপ্ৰসূ হোৱাৰ দৰেই ইয়াৰ থ্ৰীডি মডিউলাৰ নিৰীক্ষণ ব্যৱস্থাই বিভিন্ন ধৰণৰ ড্ৰ’ন, ছুপাৰছ’নিক যুঁজাৰু বিমান আৰু এণ্টি-ৰেডিয়েচন মিছাইলৰ লগতে সকলো ধৰণৰ নৌসেনাৰ জাহাজ ধৰা পেলাবলৈ সক্ষম।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
ঘটনাৰ বাস্তৱতকৈ বিজেপি নেতাৰ ভাবমূৰ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হ’ল: প্ৰধানমন্ত্ৰীক তীব্ৰ কটাক্ষ গৌৰৱ গগৈৰ
সিদ্ধান্ত লোৱাত পলম হ’ল ! প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ
বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…
‘মণিপুৰবাসীৰ কাষত মই আছোঁ’: প্ৰধানমন্ত্ৰীয়ে ক’লে আশা আৰু আত্মবিশ্বাসৰ নতুন সূৰুযে টোকৰ মাৰিছে মণিপুৰৰ দুৱাৰত
আজৱ ঘটনা! ৪১ বাৰকৈ সাপে কামুৰিলে এগৰাকী যুৱতীক, চিকিৎসকে ক’লে- প্ৰতিবাৰেই…
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!