মধ্যপ্ৰদেশৰ দম্পতীৰ সৈতে কি হৈছিল মেঘালয়ত? উদ্ধাৰ এখন দা, মহিলাৰ শ্বাৰ্ট আৰু…

বিয়াৰ কিছুদিন পাছতে মেঘালয় ফুৰিব আহি নিৰুদ্দেশ হৈছিল স্বামী-স্ত্ৰী। ঘটনাৰ পাছত স্বামীৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও আজি পৰ্যন্ত নিৰুদ্দেশ আছে পত্নী।

মধ্যপ্ৰদেশৰ দম্পতীৰ সৈতে কি হৈছিল মেঘালয়ত? উদ্ধাৰ এখন দা, মহিলাৰ শ্বাৰ্ট আৰু...

স্বামী-স্ত্ৰী

Updated On: 

04 Jun 2025 18:42 PM

মধ্যপ্ৰদেশৰ পৰা মেঘালয় ফুৰিব অহা এহাল দম্পতীৰ লগত সংঘটিত হয় এক শোকাবহ ঘটনা। বিয়াৰ মাত্ৰ কেইটামান দিন পাছতে দুয়ো মেঘালয়লৈ ফুৰিব আহিছিল, কিন্তু ২৩ মে’ত দুয়ো নিৰুদ্দেশ হৈ পৰে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুয়োকে বিচাৰ অভিযান আৰম্ভ কৰে । কিন্তু ২ জুনত দ’ খাৱৈৰ পৰা ৰাজা ৰঘুবংশী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ বিপৰীতে বৰ্তমান সময়তো নিৰুদ্দেশ হৈ আছে পত্নী সোণম ৰঘুবংশী।

মৃতদেহ উদ্ধাৰৰ পাছতে ৰাজাৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ প্ৰতিবেদনত পোহৰলৈ আহিছে যে, এয়া কোনো দুৰ্ঘটনা নহয়, ৰাজা ৰঘুবংশীক হত্যা কৰিছে কোনোয়ে। ইয়াৰ পাছতে মেঘালয় আৰক্ষী এক্টিভ হৈ পৰিছে।

জানিব পৰা মতে, দম্পতীহাল ২২ মে’ত মেঘালয়ৰ মাউলাখাইট গাঁৱত উপস্থিত হৈছিল। তাৰ পাছতে দুয়ো এখন স্কুটী ভাড়াত লৈ নংগ্ৰিয়াটলৈ গৈছিল। ইয়াত থকা লিভিং ৰুট ব্ৰীজত দুয়ো ট্ৰেকিঙৰ পৰিকল্পনা কৰিছিল। তাৰ বাবে দুয়ো সেই অঞ্চলৰে এটা হোমষ্টেত থাকি পৰৱৰ্তী দিনা পুৱা ৩০০০ টা চিৰিৰ ট্ৰেকিং আৰম্ভ কৰিছিল। কিন্তু তাৰ পাছতে আকস্মিকভাবে দুয়ো নিৰুদ্দেশ হৈ পৰে।

পৰিয়ালৰ লোকে অভিযোগ কৰি আহিছে  যে, দুয়োকে কোনোৱে হত্যা কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে জনাই যে, ঘটনাস্থলীৰ পৰা এখন দা উদ্ধাৰ কৰা হৈছে। সম্ভৱতঃ সেই দা খনেৰে ৰাজাক হত্যা কৰা হৈছিল। ইয়াৰোপৰি ৰাজাৰ মৃতদেহ ওচৰতে তেওঁৰ মোবাইল ফোন উদ্ধাৰ হৈছে।

ইয়াৰ বিপৰীতে বৰ্তমান পৰ্যন্ত সোণম ৰঘুবংশীৰ কোনো তথ্য লাভ কৰা নাই এছ আই টিয়ে। সোণম ৰঘুবংশীক বিচাৰি আৰক্ষী, এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই আছে। ড্ৰ’ন, পৰ্বতাৰোহীৰ সহায়তো অভিযান চলাই থকা হৈছে যদিও প্ৰতিকূল বতৰৰ বাবে বাৰে বাৰে অভিযান বন্ধ কৰিব লগা হৈছে।

আৰক্ষীৰ মতে, ৰাজাৰ মৃতদেহটো তেওঁৰ ভাতৃয়ে চিনাক্ত কৰিছে। তেওঁৰ হাতত ‘ৰাজা’ নামৰ এটা টেটু আছিল, যাৰ সহায়ত চিনাক্ত কৰিছিল ভাতৃয়ে।  ইয়াৰ বিপৰীতে আৰক্ষীয়ে মহিলাৰ বগা শ্বাৰ্ট, ঔষধৰ টোপোলা, এলচিডি স্ক্ৰীণৰ অংশ আৰু এটা স্মাৰ্ট ৱাটছ উদ্ধাৰ কৰিছে। ৰাজাৰ ভাতৃয়ে জনাই যে, ৰাজাই হাতত সোণৰ আঙুঠি, কান্ধত সোণৰ চেইন পিন্ধি আছিল। কিন্তু সোণৰ অলংকাৰৰ লগতে তেওঁ মানিবেগটো উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। গতিকে ই এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

ইয়াৰ মাজতে সোণম ৰঘুবংশীৰ বুলি দাবী কৰা এটা অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে। ক্লিপটো অনুসৰি সেই সময়ত সোণমে ট্ৰেকিং কৰি শাহুৱেকৰ সৈতে কথা পাতি আছিল। ক্লিপটোত সোণমে কৈছিল যে- “আমি এতিয়া পাহাৰ বগাই আছো। পিছত কথা পাতিম”। শাহুৱেকে সুধিছিল যে- আজি তোমাৰ ব্ৰত। তেতিয়া সোণমে কৈছিল, হয়, ব্ৰত ভংগ নকৰো মই। কথা-বতৰাৰ মাজত বাৰে বাৰে সোণমে অস্বস্তি অনুভৱ কৰা কথা কৈছিল। সোণমে কৈছিল- “মই ৰাজাক কৈছিলো যে আহিব নালাগে, কিন্তু তেওঁ কথা নুশুনে। মই ভাগৰিছো। ইয়াত একো সুবিধা নাই। খাদ্য ভাল নহয়”। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

অন্য খবৰ পঢ়কঃ বিয়াৰ ১০ দিন পাছত মেঘালয় ভ্ৰমণলৈ আহিছিল মধ্যপ্ৰদেশৰ দম্পতী, প্ৰথমে নিৰুদ্দেশ, তাৰ পাছত উদ্ধাৰ মৃতদেহ…

দূৰ হ'ব আৰ্থিক সমস্যা! পাকধৰৰ পৰা আঁতৰ কৰক এই ৩ সামগ্ৰী...
বিৰল সংযোগ! আগষ্ট মাহত কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, জানক...
এইদৰে ব্যৱহাৰ কৰক পদূনাৰ পাত, ছালৰ সৌন্দৰ্যই আকৰ্ষিত কৰিব আপোনাৰ শত্ৰুকো
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...