দেৱালীত পুত্ৰক উপহাৰ দিলে নতুন জীৱন! মাতৃয়ে দান কৰিলে যকৃতৰ টুকুৰা…

দেৱালীৰ সময়ত এগৰাকী মাতৃয়ে পুত্ৰক উপহাৰ দিলে নতুন জীৱন। পুত্ৰৰ যকৃত নষ্ট হৈ গৈছিল। তেনে অৱস্থাত মাতৃৰ যকৃত মিল খাই আৰু মাতৃয়ে যকৃতৰ টুকুৰা দান কৰে। যাৰ পাছতে সফলতাৰে পুত্ৰৰ অস্ত্ৰোপচাৰ হয়।

দেৱালীত পুত্ৰক উপহাৰ দিলে নতুন জীৱন! মাতৃয়ে দান কৰিলে যকৃতৰ টুকুৰা...

মাতৃ-পুত্ৰ

Published: 

21 Oct 2025 09:43 AM

সন্তানৰ প্ৰতি মাতৃৰ মৰমৰ তুলনা যেন কাৰো লগতে নহয়! এগৰাকী মাতৃয়ে সন্তানৰ বাবে যিকোনো কাম কৰিব পাৰে! শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে এই কথাকে প্ৰমাণ কৰিছে। এগৰাকী মাতৃয়ে নিজৰ ১০ বছৰীয়া পুত্ৰক দান কৰিলে যকৃত। মহিলাগৰাকীৰ সন্তানৰ যকৃত ৮০ শতাংশ নষ্ট হৈ গৈছিল। ইয়াৰ পূৰ্বে মহিলাগৰাকীৰ কন্যাৰো একে কাৰণত মৃত্যু হৈছিল। কিন্তু এইবাৰ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰে মাতৃয়ে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছিওনী জিলাৰ যমুনিয়াত।

ঘটনাৰ বিৱৰণী অনুসৰি তেজলাল ছানোদিয়া নামৰ লোকজন এজন খেতিয়ক। তেওঁৰ এগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তান আছিল। যকৃত নষ্ট হোৱা বাবে মাত্ৰ ১০ বছৰ বয়সত কন্যাৰ মৃত্যু হৈছিল। তেজলালে কয় যে, কন্যাৰ মৃত্যুৰ পাছত তেওঁৰ ১০ বছৰীয়া পুত্ৰ শৌৰ্যই যোৱা ২ বছৰ ধৰি পেটৰ বিষত ভুগি আছিল। কন্যাৰ দৰে পুত্ৰতো এইমছ দিল্লীলৈ লৈ যায়, য’ত ধৰা পৰে শৌৰ্যৰ ৮০ শতাংশ যকৃতৰ ক্ষতি হোৱা বুলি।

পাছত আত্মীয়ৰ পৰামৰ্শ অনুসৰি শৌৰ্যক তেওঁলোকে হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ লৈ যায়। তাত চিকিৎসকে ৪০ লাখ টকা খৰচ হ’ব বুলি জনায়। ইফালে দিল্লীৰ এখন হাস্পাতালত ইয়াৰ খৰচ ২২ লাখ বুলি জানিব পাৰে। কিন্তু পৰিয়ালটো আছিল আৰ্থিকভাৱে দুৰ্বল।

তেতিয়া শৌৰ্যৰ মাতৃ গীতা ছানোদিয়াই কয় যে, “মই মোৰ যকৃত দান কৰিম”। সৌভাগ্যক্ৰমে মাতৃ আৰু পুত্ৰৰ লিভাৰ মেচ হয়। ইয়াৰ পাছত চিকিৎসকে সফলতাৰে যকৃতৰ সংৰোপন কৰে। অৱশ্যে এতিয়াও শৌৰ্যৰ চিকিৎসাৰ বাবে এতিয়াও যথেষ্ট খৰচৰ প্ৰয়োজন হ’ব। শৌৰ্যৰ পৰিয়ালে জনাই যে বিভিন্নজনে তেওঁলোকক সহায় কৰাৰ লগতে কেইবা লাখ টকাৰ ঋণ লৈছে। বৰ্তমান শৌৰ্যৰ চিকিৎসা চলি আছে।

 

 

অন্য খবৰ পঢ়কঃ পুনৰ পালে হ্ৰাস! আজিৰ দিনটোত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক মূল্য…

পেটৰ আলচাৰৰ পৰা হাত সাৰিবলৈ এই খাদ্যসমূহ পৰিহাৰ কৰক
কাজি নেমুৱে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে নেকি?
ভগৱান হনুমান সন্তুষ্ট হ’লে ভক্তই লাভ কৰে এই সংকেত! জানক...
মৃত্যুৰ পাছত আত্মাৰ সৈতে কি হয়? জানক গৰুড় পুৰাণৰ পৰা...