নাছিল ব্যক্তিগত অংগ! ১২ বছৰীয়া কিশোৰৰ সৈতে গাৰ নোম শিয়ৰি উঠা কাণ্ড…

এটি কিশোৰৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জানিব পৰা মতে, অতি নৃশংসভাৱে কিশোৰটিক হত্যা কৰা হয়। এই ঘটনা ইমানেই নৃশংস আছিল যে কিশোৰটিৰ ব্যক্তিগত অংগতো আক্ৰমণ কৰে।

নাছিল ব্যক্তিগত অংগ! ১২ বছৰীয়া কিশোৰৰ সৈতে গাৰ নোম শিয়ৰি উঠা কাণ্ড...

প্ৰতীকী ফটো

Published: 

28 Oct 2025 | 08:29 AM

পুনৰ পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে, এটি ১২ বছৰীয়া কিশোৰক অতি নৃশংসভাৱে হত্যা কৰি খেৰৰ মাজত পেলাই থৈ দিয়ে। এই ঘটনা ইমানেই নৃশংস আছিল যি, কিশোৰটিৰ ডিঙি ৰেপি হত্যা কৰাৰ লগতে তেওঁৰ ব্যক্তিগত অংগও ছেদ কৰি পেলায়। ভয়ংকৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত।

তথ্য অনুসৰি ঘটনাৰ দেওবাৰৰ পৰা কিশোৰটি নিৰুদ্দেশ হৈ আছিল। পৰিয়ালে বিচাৰ খোচৰ কৰিছিল যদিও কোনো সম্ভেদ পোৱা নাছিল। সোমবাৰ (২৭ অক্টোবৰ) য়ে কিশোৰটিৰ মৃতদেহ এটা কোঠাৰ ভিতৰত খেৰৰ মাজত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ হয়। মৃতদেহটোৰ অৱস্থাত দেখি আচৰিত হৈ পৰে স্থানীয় লোক। কিয়নো কিশোৰটিক ডিঙি ৰেপি হত্যা কৰাৰ লগতে তেওঁৰ ব্যক্তিগত অংগ কাটি পেলোৱা হৈছিল।

লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় লোকে অভিযোগ কৰে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। কিশোৰ হত্যাকাণ্ডৰ কাৰণ কি, কোনে এই নৃশংস কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

কিশোৰটিৰ পিতৃ ৰঞ্জিত যাদৱৰ একমাত্ৰ সন্তান আছিল কিশোৰটি। ৰঞ্জিতে শ্ৰমিক হিচাপে কাম কৰে, কিন্তু পুত্ৰৰ মৃত্যুত এতিয়া তেওঁ শোকত ভাগি পৰিছে। কিশোৰটিৰ মাতৃকো এই হত্যাকাণ্ডই জোকাৰি হৈছে।

আৰক্ষীৰ সূত্ৰই জনাই যে, অভিযুক্তি ব্যক্তিজনে বহুত বেছি ক্ষোভ বা মানসিক ৰোগত আক্ৰান্ত হ’ব পাৰে। পাৰিবাৰিক বিবাদ, অনৈতিক সম্পৰ্ক আদি বিভিন্ন দিশত আৰক্ষীয়ে তদন্ত চলাই আছে। আৰক্ষীয়ে পৰিয়াল তথা স্থানীয় লোকক এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

এই ঘটনাৰ পাছতে অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ঘৰৰ পৰা কোনো শিশু ওলাই অহা নাই। স্থানীয় লোকৰ মতে, প্ৰথমবাৰৰ বাবে গাঁৱত এনে ঘটনা সংঘটিত হৈছে। এই ১২ বছৰীয়া কিশোৰটিৰ লগত কোনে ইমান নৃশংসতা কৰিব পাৰিলে তাক লৈ স্তম্ভিত বহুতো। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ শ্ৰেয়াছ আয়াৰৰ স্বাস্থ্যৰ পৰা আমেৰিকালৈ, পুৱাৰ খবৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...