OYO হোটেলৰ কোঠাত যুৱক আৰু বিবাহিতা প্ৰেমিকা! পাছত সংঘটিত এক ভয়ংকৰ কাণ্ড…

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে বিভিন্ন অপৰাধজনিত ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে য'ত এগৰাকী বিবাহিতা মহিলাক প্ৰেমিকে হত্যা কৰে।

OYO হোটেলৰ কোঠাত যুৱক আৰু বিবাহিতা প্ৰেমিকা! পাছত সংঘটিত এক ভয়ংকৰ কাণ্ড...

মহিলাগৰাকী আৰু যুৱকজন

Published: 

09 Jun 2025 | 06:55 PM

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ বিগত কেইটামান বছৰৰ পৰা প্ৰেমজনিত কাৰণত বহু নৃশংস ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। একাংশই বিবাহ বহিৰ্ভুত সম্পৰ্কত আৱদ্ধ হৈ নৃশংসতাৰ বলি হোৱা পৰিলক্ষিত হয়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে, য’ত এজন যুৱকে তেওঁৰ বিবাহিতা প্ৰেমিকাক নৃশংসভাবে হত্যা কৰে।  এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বাংগালুৰত। এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, পূৰ্না প্ৰজ্ঞা লে-আউটত অৱস্থিত OYO হোটেলত বিবাহিতা মহিলাগৰাকীক নিৰ্মমভাবে হত্যা কৰা হয়। হোটেলত মহিলাগৰাকীক হত্যা কৰে তেওঁৰ প্ৰেমিকে। এই কাণ্ড ইমানেই নৃশংস আছিল যে মহিলাগৰাকীৰ শৰীৰৰ ১৭ টা পৃথক স্থানত প্ৰেমিকে প্ৰহাৰ কৰে। নিহত মহিলাগৰাকী হৰিণী (৩৬) আৰু অভিযুক্ত প্ৰেমিক যশ (২৫) বুলি চিনাক্ত হৈছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

অভিযুক্ত এজন চফটৱেৰ ইঞ্জিনিয়াৰ। মৃত হৰিণী বিবাহিত আৰু তেওঁৰ দুটা সন্তান আছে। তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ সৈতে যশৰ অবৈধ সম্পৰ্ক আছিল। দুয়ো এখন মেলাত লগ পাইছিল আৰু তাতেই তেওঁলোকৰ চিনাকী হৈছিল। এই মেলাতেই দুয়োয়ে ফোন নম্বৰ আদান প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত দুয়ো কথা পাতিবলৈ আৰম্ভ কৰিছিল আৰু বন্ধুত্ব গঢ় লৈ উঠিছিল।

দিনৰ পাছত দিন কথা পতাৰ অন্তত দুয়োৰে ঘনিষ্ঠতা বাঢ়ে। কেৱল ফোনতেই কথা-বতৰা সীমাবদ্ধ থকা নাছিল। দুয়ো ঘূৰা-ফুৰা আৰম্ভ কৰে। এই সময়চোৱাত মহিলাগৰাকীয়ে যশৰ সৈতে শাৰীৰিক সম্পৰ্কও স্থাপন কৰে। দিন বাগৰিছিল আৰু দুয়োৰে মাজত সম্পৰ্ক অধিক দৃঢ় হৈ পৰিছিল।  ইফালে মহিলাগৰাকী কাৰ্মকাণ্ড দেখি স্বামীৰ তেওঁৰ ওপৰত সন্দেহ জাগিছিল। এদিন স্বামীয়ে মহিলাগৰাকীৰ ফোন চেক কৰে আৰু তেতিয়াই তেওঁৰ অবৈধ সম্পৰ্কৰ বিষয়ে জানিব পাৰে। এই কথাত ক্ষোভিত হৈ স্বামীয়ে পত্নীক ঘৰত আৱদ্ধ কৰি ৰাখে।

ইফালে মহিলাগৰাকীক লগ নাপাই তেওঁৰ প্ৰেমিক যশ বিচলিত হৈ পৰে। ইয়াৰ পৰিণতিতে তেওঁ মহিলাগৰাকীক হত্যা কৰাৰ পৰিকল্পনা কৰে। মহিলাগৰাকীক হত্যাৰ বাবে যশে এখন ছুৰীও ক্ৰয় কৰে। কিছুদিন পাছত মহিলাগৰাকীয়ে যশক যোগাযোগ কৰে আৰু দুয়ো ৬ জুনত লগ কৰাৰ পৰিকল্পনা কৰে। সেই অনুসৰি মহিলাগৰাকী OYO হোটেলত উপস্থিত হয়। তাতেই দুয়োৰে মাজত পুনৰ শাৰীৰিক সম্পৰ্ক স্থাপন হয় আৰু পাছত যশে বিবাহিতা প্ৰেমিকাক ছুৰীৰে প্ৰহাৰ কৰি হত্যা কৰে।

এই ঘটনাৰ পাছতে যশে পলায়ন কৰে। কিন্তু ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। বহু বিচাৰ খোচৰ কৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যশক। হত্যাৰ কথা স্বীকাৰ কৰি যশে কয় যে মহিলাগৰাকীয়ে তেওঁৰ পৰা আঁতৰি থকা চেষ্টা কৰিছিল, যাৰ বাবে তেওঁ এই কাণ্ড সংঘটিত কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ ৰাজা ৰঘুবংশী কাণ্ডৰ মাষ্টাৰমাইণ্ড সোণম! গ্ৰেপ্তাৰ ৫ জন, প্ৰেমিক ৰাজ আৰক্ষীৰ জালত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...