‘হাজাৰ উত্তৰতকৈ মোৰ মৌনতা শ্ৰেষ্ঠ’, কিয় এইদৰে কৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে?

Manmohan Singh Death Anniversary: আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যু বাৰ্ষিকী। ২০২৪ চনৰ ২৬ ডিচেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে। তেওঁ দহ বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ শেষত তেওঁ যি কৈছিল, 'মোক কোনেও পাহৰিব নোৱাৰিব'।

হাজাৰ উত্তৰতকৈ মোৰ মৌনতা শ্ৰেষ্ঠ’, কিয় এইদৰে কৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে?

মনমোহন সিঙ

Updated On: 

26 Dec 2025 11:48 AM

২৬ ডিচেম্বৰ দিনটো আছিল ভাৰতীয় ৰাজনীতিৰ বাবে আটাইতকৈ দুখৰ দিন। ২০২৪ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান ঘটে। যিজন নেতা কেতিয়াও লোকসভা নিৰ্বাচনত জয়ী হোৱা নাছিল, যাক “আকস্মিক প্ৰধানমন্ত্ৰী” বুলি কোৱা হৈছিল, তথাপিও ১০ বছৰ ধৰি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নেতৃত্ব দিছিল। কিন্তু তেওঁৰ নিস্তব্ধতাই কোলাহল হৈ পৰিল, যিটো ইতিহাসেও সুঁৱৰে।

“হাজাৰ উত্তৰতকৈ মোৰ মৌনতা ভাল; নাযানো কিমান প্ৰশ্ন জমা কৰি ৰাখিছোঁ।” সংসদৰ কৰিডৰত প্ৰতিধ্বনিত এই শাৰীবোৰ কেৱল এটা বাক্যই নহয়, বৰঞ্চ বিশ্বই “নিৰৱ” বুলি গণ্য কৰা এজন প্ৰধানমন্ত্ৰীৰ উত্তৰ আছিল। বহুলোকে তেোঁক বিভিন্ন ধৰণেৰে সমালোচনা কৰিছিল। মনমোহন সিঙৰ কাৰ্যকাল ইমান সহজ নাছিল। বিৰোধীয়ে তেওঁক “দুৰ্বল” আৰু “ৰিম’ট কণ্ট্ৰ’ল” প্ৰধানমন্ত্ৰী হিচাপে চিত্ৰিত কৰিছিল যদিও তেওঁ নিৰৱে নিজৰ কাম কৰি গৈছিল। তেওঁ এটাই কৈছিল, ‘ইতিহাসে মোক মনত ৰাখিব’।

মুদ্ৰাস্ফীতি, টেলিকম আৰু কয়লা কেলেংকাৰীৰে আগুৰি থকা তেওঁৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰা হয়। আনকি তেওঁক দুৰ্বল প্ৰধানমন্ত্ৰী বুলিও কোৱা হৈছিল। এই পৰিৱেশত ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ শেষত তেওঁ যি কৈছিল, তেওঁক কোনেও পাহৰিব নোৱাৰিব।

তেওঁৰ এটা বিশেষ কথা আছিল যে, কেতিয়াও কাকো উচ্চস্বৰত প্ৰত্যাহ্বান জনোৱা বা গালি-গালাজ কৰা শুনা নাযায়। ভদ্ৰ, মৃদুভাষী আৰু শান্ত ৰাজনীতিবিদ মনমোহন সিঙক অতি কঠোৰ ৰাজনৈতিক পৰিৱেশতো মৌনতা আৰু হাঁহিৰে দেখা গৈছিল। যি সময়ত ভাৰতীয় সংসদত কাজিয়া আৰু আনকি গালি-গালাজৰ ব্যৱহাৰো দেখা গৈছে, সেই সময়ত তেওঁৰ সাংসদ হিচাপে কাৰ্যকালৰ কথা মনত পেলোৱাটো আনন্দদায়ক। য’ত তেওঁ কেতিয়াও সংসদীয় পৰম্পৰাক নিজৰ মানদণ্ডৰ পৰা বিচ্যুত হ’বলৈ নিদিলে। তিনি দশকৰো অধিক সময় ৰাজ্যসভাৰ সদস্য হৈ থকাৰ সময়তে সংসদ সমৃদ্ধ কৰিছিল। শাৰীৰিকভাৱে অসুস্থ হৈ থকাৰ পাছতো তেওঁ হুইল চেয়াৰত বহি বহু গুৰুত্বপূৰ্ণ অনুষ্ঠানত সংসদত উপস্থিত হৈছিল।

১৯৯১ চনত যেতিয়া ভাৰতে নিজৰ সোণ বন্ধকত ৰখাৰ পথত আছিল, তেতিয়া বিত্তমন্ত্ৰী হিচাপে মনমোহন সিঙে অৰ্থনৈতিক উদাৰীকৰণৰ দুৱাৰ মুকলি কৰিছিল। আজি যদি আমি বিদেশী ব্ৰেণ্ড, এমএনচি, আৰু বিশ্ব অৰ্থনীতিৰ কথা কওঁ, তেন্তে ইয়াৰ ভেটি স্থাপন কৰিছিল মনমোহন সিঙে।

 

উদ্বেগ, হতাশা বৃদ্ধি পায় নেকি ! ভাল কলেষ্টেৰলৰ মাত্ৰা কম হ’লে কি কি সমস্যা হয়? জানক
আপোনাৰ মনতো আছে নেকি হৃদৰোগৰ ভয়? এনে খাদ্যই দূৰ কৰিব হৃদযন্ত্ৰৰ চিন্তা
এই ৫টা ভুলে মানুহক কৰিব পাৰে দৰিদ্ৰ! জানক সকলো...
শীতকালত ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ ৫ টা সহজ উপায়, জানক চিকিৎসকৰ পৰা...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া