মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি , প্ৰস্তাৱত অনুমোদন লোকসভাৰ
মণিপুৰত ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে ৰাষ্ট্ৰপতিৰ শাসন । সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । এই বৃদ্ধি ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব। ১৩ ফেব্ৰুৱাৰীত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।লোকসভাত প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভাৰতীয় সেনা
মণিপুৰত ৬ মাহৰ বাবে বৃদ্ধি কৰা ৰাষ্ট্ৰপতিৰ শাসন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰা প্ৰস্তাৱৰ পিছতে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে। প্ৰকৃততে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য বিধানসভা ভংগ কৰি মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিছিল।
কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ অধীনত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিছিল। এতিয়া পুনৰ ৬ মাহৰ বাবে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বাহাল থাকিব। উল্লেখ্য যে, সংসদৰ অনুমোদন সাপেক্ষে প্ৰতি ছমাহৰ মূৰে মূৰে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰিব পাৰে। কিন্তু এয়া কোৱল তিনি বছৰৰ বাবেহে বৃদ্ধি কৰিব পাৰি। ১৩ আগষ্টত মণিপুৰত ছমাহৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰপতিৰ শাসন সম্পূর্ণ হ’ব।এনে পৰিস্থিতিত আৰু অধিক বৃদ্ধিৰ প্রস্তাৱ অনা হৈছে৷ চলিত বছৰৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল।এই বৃদ্ধি ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব।
সদনৰ হৈ কোৱা হৈছে যে, ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত মণিপুৰৰ সন্দৰ্ভত সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে জাৰি কৰা ঘোষণাক ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা অতিৰিক্ত ছমাহৰ বাবে অব্যাহত ৰখাত অনুমোদন জনাইছে।
ৰাষ্ট্ৰপতিৰ শাসন কিয় জাপি দিয়া হ’ল?
২০২৩ চনত মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।২০২৩ চনৰ মে’ মাহত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত জাতিগত সংঘাতৰ সৃষ্টি হয় যিয়ে পিছলৈ হিংসাত্মক ৰূপ লয়। সংঘাতত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ লগতে হাজাৰ হাজাৰ লোকে ঘৰ এৰি আন ঠাইলৈ গুচি যাবলগীয়া হয়। এই পৰিস্থিতিসমূহ নিয়ন্ত্ৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত পদত্যাগ কৰে, তাৰ পিছত ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য বিধানসভা ভংগ কৰাৰ সিদ্ধান্ত লয় আৰু ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়ে।
চৰকাৰ পুনৰুদ্ধাৰৰ দাবী
বিগত সংসদ অধিৱেশনত অমিত শ্বাহে কৈছিল যে, এন বীৰেণ সিঙৰ পদত্যাগৰ পিছত কোনেও চৰকাৰক নেতৃত্ব দিয়াৰ দাবী নকৰাৰ বাবেই ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পদক্ষেপ লোৱা হৈছে। কিন্তু এপ্ৰিল মাহৰ পৰা এন বীৰেণ সিংকে ধৰি এন ডি এৰ বিধায়ক, তেওঁৰ ঘনিষ্ঠ বিধায়ক আৰু তেওঁৰ বিৰুদ্ধে মতানৈক্য থকাসকলে ৰাষ্ট্ৰপতিৰ শাসনৰ প্ৰতি সমৰ্থনৰ অভাৱ আৰু ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ দিশত অপৰ্যাপ্ত অগ্ৰগতিৰ উদাহৰণ দি “লোকপ্ৰিয়” চৰকাৰ পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰি আহিছে।