পত্নীয়ে খোলা নাছিল দুৱাৰ, আছিল নিচাত! CCTV ত বন্দী স্বামীৰ গাৰ নোম শিয়ৰি উঠা কাণ্ড…

পত্নীৰ সৈতে কাজিয়া লাগি এজন লোকে সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড। জানিব পৰা মতে, দেৱালীৰ দিনা সুৰাপান কৰি লোকজন উপস্থিত হৈছিল ঘৰত। পত্নীক তেওঁৰ বাৰে বাৰে দুৱাৰ খুলিবলৈ আহ্বান কৰিছিল কিন্তু খোলা নাছিল।

পত্নীয়ে খোলা নাছিল দুৱাৰ, আছিল নিচাত! CCTV ত বন্দী স্বামীৰ গাৰ নোম শিয়ৰি উঠা কাণ্ড...

চিচিটিভি

Published: 

22 Oct 2025 | 03:17 PM

দেৱালীৰ দিনা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এজন লোকে পত্নীৰ ওপৰত ক্ষোভিত হৈ কৰে এক ডাঙৰ কাণ্ড। লোকজনে নিজৰ গাত জ্বলনশীল তৰল পদাৰ্থ ঢালি নিজকে জুই লগাই দিয়ে। মুহূৰ্ততে যুৱকজন জুইৰ কবলত পৰে। তেতিয়া তেওঁ দৌৰি গৈ ওচৰ-চুবুৰীয়াৰ সহায় বিচাৰে, কিন্তু যেতিয়ালৈকে ওচৰ-চুবুৰীয়াই দুৱাৰ খোলে তেতিয়ালৈকে বহু দেৰি হৈ যায়। উত্তৰ প্ৰদেশ গাজিয়াবাদত সংঘটিত হৈছে এই ঘটনা।

অলপ সময়ৰ ভিতৰতে লোকজন আধা জ্বলি যায়। লগে লগে ওচৰ চুবুৰীয়াই কাপোৰ আৰু বোকাৰে তেওঁৰ শৰীৰৰ জুই নুমুৱাই আৰু আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসকে লোকজনৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰে। কিন্তু মঙলবাৰে বিয়লি এই লোকজনে মৃত্যুক সাৱতি লয়।

লোকজনে নিজকে জুই লগোৱাৰ দৃশ্য চিচিটিভিত বন্দী হৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে যুৱকজনে ঘৰৰ সন্মুখত বহি থাকে আৰু পাছত নিজক জুই লগাই দিয়ে। জুই লগাৰ পাছত তেওঁ ইফালে সিফালে দৌৰিব আৰম্ভ কৰে।

খবৰ অনুসৰি, নন্দগ্ৰাম অঞ্চলৰ টিংকু কুমাৰ নামৰ এজন লোকে সোমবাৰে সুৰাপান কৰি ঘৰত উপস্থিত হয়। কিবা কথাত তেওঁ পত্নীৰ সৈতে কাজিয়া কৰি আছিল। টিংকুয়ে বাৰে বাৰে পত্নীক ঘৰৰ দুৱাৰ খুলিবলৈ আহ্বান কৰিছিল কিন্তু পত্নীয়ে দুৱাৰ খোলা নাছিল। সেই সময়ত অত্যধিক নিচাত আছিল লোকজন। পত্নীয়ে দুৱাৰ নোখোলা বাবে লোকজনে নিজৰ গাত ডিজেল ঢালি জ্বলাই দিয়ে।

আৰক্ষীৰ মতে, জুই লগাৰ লগে লগে তেওঁ নিজকে ৰক্ষা কৰিবলৈ ইফালে সিফালে দৌৰিছিল। ওচৰ-চুবুৰীয়াৰ ঘৰৰ দুৱাৰত টুকুৰিয়াইছিল। কিন্তু উদ্ধাৰ কৰাৰ পূৰ্বে তেওঁ গুৰুতৰভাৱে জ্বলি যায়। অৱশেষত এই লোকজনৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্য়াহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু, উশাহ লোৱা হৈ পৰিছে এতিয়া ডাঙৰ প্ৰত্যাহ্বান…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...