প্ৰেমৰ প্ৰস্তাৱ নাকচ…যুৱতীৰ সৈতে সংঘটিত কৰিলে নৃশংস কাণ্ড

এজন যুৱকে তেওঁৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এগৰাকী ২০ বছৰীয়া যুৱতীক ছাদৰ পৰা ঠেলি দিলে। খঙত যুৱকজনে যুৱতীগৰাকীক ঘৰৰ প্ৰথম মহলাৰ পৰা তলত পেলাই দিয়ে। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰেমৰ প্ৰস্তাৱ নাকচ...যুৱতীৰ সৈতে সংঘটিত কৰিলে নৃশংস কাণ্ড

প্ৰতীকি ফটো

Published: 

06 Jan 2026 | 04:54 PM

প্ৰেম এক স্বৰ্গীয় অনুভূতি। এয়া মানুহে কোৱা কথা। কিন্তু সচাঁকৈ এনে হয়নে? প্ৰেমৰ বাবে কিমান বেয়া পৰ্যায়লৈ যাব পাৰে মানুহ। তামিলনাডুৰ চেন্নাইত এজন যুৱকে তেওঁৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এগৰাকী ২০ বছৰীয়া যুৱতীক ছাদৰ পৰা ঠেলি দিলে। খঙত যুৱকজনে যুৱতীগৰাকীক ঘৰৰ প্ৰথম মহলাৰ পৰা তলত পেলাই দিয়ে। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

আৰিয়ালুৰ জিলাৰ বাসিন্দা চিলাম্বৰাছন নামৰ এজন অভিযুক্তক চিনাক্ত কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে চেন্নাইৰ নেলকুন্দ্ৰামত। অভিযুক্ত চিলাম্বৰাছন প্ৰথমে মহিলাগৰাকীৰ ঘৰৰ সমীপতে বাস কৰিছিল। যুৱকজনে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। কিন্তু যুৱতীগৰাকীয়ে সেই প্ৰস্তাৱ নাকচ কৰিলে। এই কথাই চিলম্বৰাছনক ক্ষুব্ধ কৰি তুলিছিল।

যুৱতীগৰাকী অৱদীৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ বি.কম ছাত্ৰী। শেহতীয়াকৈ যুৱতীগৰাকীয়ে পৰিয়ালক জনাইছে যে কলেজলৈ গ’লেই চিলাম্বৰাছনে তেওঁক হাৰাশাস্তি কৰে। ইফালে ৪ জানুৱাৰীৰ নিশা যুৱতীগৰাকীয়ে নিজৰ ঘৰৰ ছাদত শুকাই থকা কাপোৰ আনিবলৈ গৈছিল। চিলাম্বৰাছনে তেওঁক দূৰৰ পৰা দেখা পাই ছাদলৈ জপিয়াই । তাৰ পিছত যুৱতীগৰাকীক তললৈ ঠেলি দিলে।

মহিলাগৰাকীৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়াই ঘটনাস্থলীত উপস্থিত হৈ চিলাম্বৰাছনক আটক কৰে।  তাৰ পিছত যুৱকজনক কয়াম্বেডু আৰক্ষী থানাত খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, অভিযুক্তগৰাকীয়ে পাঁচ বছৰ পূৰ্বে মহিলাগৰাকীৰ ঘৰৰ ওচৰতে বাস কৰিছিল যদিও তাৰ পিছত তেওঁৰ পৰিয়ালটো স্থানান্তৰিত হৈছিল।

ইয়াৰ পিছতো চিলাম্বৰাছনে সঘনাই তেওঁৰ ওচৰলৈ গৈছিল। তাৰ পিছত যুৱতীগৰাকীক ছাদৰ পৰা ঠেলি দিলে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চিলাম্বৰাছনক। আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰি তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰিছে।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?