মাতৃ মুকবধিৰ! ৫বছৰীয়া শিশুৰ সৈতে শ্বামছাদৰ জঘন্য কাণ্ড, আদালতে বিহিলে শাস্তি…

একাংশ পাষাণ লোকৰ পৰা সাৰি নাযায় শিশুও। শেহতীয়াকৈ এজন লোকক আদালতে শাস্তি বিহে। অভিযোগ অনুসৰি, দোষী সাব্যস্ত হোৱা লোকজনে এটি ৫ বছৰীয়া কনমানিৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছিল।

মাতৃ মুকবধিৰ! ৫বছৰীয়া শিশুৰ সৈতে শ্বামছাদৰ জঘন্য কাণ্ড, আদালতে বিহিলে শাস্তি...

আদালত

Published: 

18 Dec 2025 16:55 PM

কিমান নৃশংস হ’লে কোনোৱে শিশুৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিব পাৰে? আচৰিত লাগিলেও এনে ঘটনা আমাৰ চাৰিওফালে বিভিন্ন সময়ত হৈ থাকে। শেহতীয়াকৈ আদালতে শিশু ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২০ বছৰৰ কাৰাদণ্ডৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমণা বিহে। অভিযোগ অনুসৰি, শ্বামছাদ ওৰফে ৰাজা নামৰ লোকজনে ৫ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰিছিল। দীৰ্ঘদিন ধৰি আদালতত গোচৰ চলাৰ পাছত শেহতীয়াকৈ উত্তৰপ্ৰদেশৰ গোৰখপুৰ আদালতে তেওঁক শাস্তি বিহে।

এই ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ২০২৪ চনৰ ১৮ এপ্ৰিলৰ নিশা। প্ৰাপ্ত খবৰ অনুসৰি, ৫ বছৰীয়া শিশুটিৰ মাতৃ মুকবধিৰ আৰু বেলুন বিক্ৰী কৰি তেওঁ পৰিয়াল পোহপাল দিয়ে। ঘটনাৰ নিশা মহিলাগৰাকী কন্যা সন্তানৰ সৈতে শুই আছিল। তেতিয়াই হাৰাজগঞ্জৰ ঘুগলী থানা এলেকাৰ বাসিন্দা শ্বামছাদ ওৰফে ৰাজা সেই স্থানত উপস্থিত হয় আৰু শিশুটিক নিৰ্জন ঠাইলৈ লৈ যায়। পাছত তাতে শিশুটিক ধৰ্ষণ কৰি পলায়ন কৰে। যেতিয়া শিশুটিয়ে চিঞৰিবলৈ আৰম্ভ কৰে তেতিয়া স্থানীয় লোক সেইস্থানত উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ শিশুটিক হাস্পাতালত ভৰ্তি কৰে। এই ঘটনাৰ তদন্ত কৰা আৰক্ষীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। কিয়নো শিশুটিৰ মাতৃ মুকবিধৰ। পাছত ভুক্তভোগীৰ মাহীয়েকক ফোন কৰি গোচৰ ৰুজু কৰা হয়। ঘটনা সন্দৰ্ভত তদন্ত কৰি পাছত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

১৮ মাহৰ ভিতৰত ট্ৰায়েল সম্পূৰ্ণ

এই গোচৰ আদালতত ইমানেই কঠোৰ আছিল যে অভিযুক্তই এবাৰো জামিন লাভ কৰা নাছিল। আৰক্ষীয়ে আদালতত বহু শক্তিশালী প্ৰমাণ দাখিল কৰিছিল। এনে অৱস্থাত মাত্ৰ ১৮ মাহৰ ভিতৰতে এই জঘন্য কাণ্ডৰ আদালতে ৰায় প্ৰদান কৰে। আদালতে দোষীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু জৰিমণা বিহে। আদালতৰ ৰায়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে শিশুটিৰ মাতৃয়ে।

 

অন্য খবৰ পঢ়কঃ দিয়া নাছিল ৬ মাহৰ ভাড়া! মহিলাৰ সৈতে স্বামী-স্ত্ৰীৰ ভয়ংকৰ কাণ্ড, ছুটকেছত উদ্ধাৰ…

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী