এটা ভিডিঅ’ আৰু পাছত নীলা ড্ৰামত মৃতদেহ! কি হৈছিল সেইদিনা, অভিযুক্তই জনালে সকলো…

কিছুমাহ পূৰ্বে উদ্ধাৰ হৈছিল এটা আধা জ্বলা মৃতদেহ। কিন্তু জালত পৰা নাছিল মূল অভিযুক্ত। এতিয়া এই ঘটনাৰ প্ৰায় ২০ মাহ পাছত আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

এটা ভিডিঅ আৰু পাছত নীলা ড্ৰামত মৃতদেহ! কি হৈছিল সেইদিনা, অভিযুক্তই জনালে সকলো...

প্ৰতীকি ফটো

Published: 

17 Sep 2025 15:13 PM

এক ভয়ংকৰ ঘটনাৰ প্ৰায় ২০ মাহৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্তক। জানিব পৰা মতে, ২০২৪ চনৰ ২০ ফেব্ৰুৱাৰীত এজন যুৱকৰ আধা জ্বলা মৃতদেহ উদ্ধাৰ হৈছিল। এই মৃতদেহটো পাছলৈ ১৯ বছৰীয়া ৰাকেশ নামৰ যুৱকজনৰ বুলি চিনাক্ত হৈছিল। অভিযোগ অনুসৰি, অভিযুক্তই প্ৰথমে ৰাকেশক অপহৰণ কৰি হত্যা কৰে আৰু পাছত এটা নীলা ড্ৰামত ভৰাই থয়। ইয়াৰ পাছতে ড্ৰামটো এটা নিৰ্জন ঠাইলৈ লৈ গৈ পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। এই ঘটনাৰ মূল অভিযুক্ত দেৱীৰাম সিং বাঘেলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, অভিযুক্ত ৰাকেশৰ সম্পৰ্কীয় মোমায়েক আৰু মোমায়েকৰ ভতিজাক আছিল। এই ঘটনা সংঘটিত হৈছিল উত্তৰ প্ৰদেশৰ আগ্ৰাত। ঘটনাৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ হ’লেও এতিয়াও পলাতক অৱস্থাত আছে কিশোৰসহ আন দুজন অভিযুক্ত।

ঘটনাৰ বিৱৰণী অনুসৰি ২০২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত নিৰুদ্দেশ হৈছিল ১৯ বছৰীয়া ৰাকেশ। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল। পাছত আৰক্ষীয়ে তদন্ত কৰি ২০ ফেব্ৰুৱাৰীত ৰাকেশৰ আধা জ্বলা মৃতদেহ উদ্ধাৰ কৰিছিল। মৃতদেহটোৰ অৱস্থা ইমানেই বেয়া আছিল যে তেওঁৰ মুখখনো চিনি পাব পৰা অৱস্থাত নাছিল। পৰৱৰ্তী সময়ত ডি এন এ টেষ্টৰ দ্বাৰা মৃতদেহটো ৰাকেশৰ বুলি চিনাক্ত হৈছিল।

পিছে মাহৰ পাছত মাহ তদন্ত কৰিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত ২০২৫ চনৰ ১৫ ছেপ্টেম্বৰত আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত দেৱীৰামক গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত তেওঁ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে যদিও পাছলৈ তেওঁৰ বিৰুদ্ধে বহু প্ৰমাণ উদ্ধাৰ হয়। ৰাকেশৰ মোবাইলত অভিযুক্তই প্ৰেৰণ কৰা এটা ক্লিপ আৰক্ষীয়ে উদ্ধাৰ কৰে। যাৰ পাছত তেওঁ হত্যাৰ কথা স্বীকাৰ কৰি সকলো বিৱৰি কয়।

কিয় হত্যা কৰিছিল

অভিযুক্তই জেৰাৰ সময়ত কয় যে, ৰাকেশে তেওঁৰ কন্যাৰ গা ধুই থকা সময়ৰ এটা ভিডিঅ’ কৰিছিল। পাছত সেই ভিডিঅ’টো দেখাই অভিযুক্তৰ কন্যাক ব্লেকমেইল কৰি গৈছিল। যেতিয়া অভিযুক্তই এই কথা গম পাইছিল তেতিয়া তেওঁ ভতিজাকৰ সৈতে মিলি ৰাকেশক হত্যা কৰে।

জেৰাৰ সময়ত অভিযুক্তই কয় যে, ৰাকেশ তেওঁলোকৰ সম্পৰ্কীয় আছিল। যাৰ বাবে ঘৰলৈ সঘনাই অহা যোৱা চলিছিল। এই সময়চোৱাতে ৰাকেশে দেৱীৰামৰ ১৬ বছৰীয়া কন্যাৰ গা ধুই থকা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। যাৰ বাবে ৰাকেশক হত্যাৰ পৰিকল্পনা কৰি সেয়া সফল কৰিছিল অভিযুক্তই।

কেনেকৈ কৰিছিল সকলো

অভিযুক্তই জনাই যে, জীয়েকক ৰাকেশৰ সৈতে বিয়া দিব বুলি কৈ অভিযুক্তই  প্ৰথম যুৱকজনক নিজৰ দোকানলৈ মাতি আনিছিল। পাছত মাফলাৰ আৰু তাঁৰেৰে ডিঙি চেপি হত্যা কৰিছিল। এই কাণ্ডৰ পাছত মৃতদেহটো এটা নীলা ড্ৰামত ভৰাই থৈ নদীৰ পাৰলৈ লৈ যায়। য’ত তেওঁলোকে সেই ড্ৰামটোত জুই লগাই দিয়ে। ইমানেই নহয়, এই হত্যাকাণ্ড যাতে পোহৰলৈ নাহে তাৰ বাবে অভিযুক্তই ৰাকেশৰ মোবাইল আৰু হত্যাত ব্যৱহৃত সামগ্ৰী নদীত পেলাই দিয়ে। তাৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্ত। বৰ্তমান অন্য অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ প্ৰথমে লৈ গ’ল তৃতীয় মহলালৈ, পাছত… এগৰাকী মাতৃৰ কু-কাণ্ডই আচৰিত কৰি তুলিব আপোনাক…

ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
এই ৫টা অভ্যাসে কম কৰে পুৰুষৰ যৌন ক্ষমতা! জানক...
বাৰে বাৰে জ্বৰ উঠাটো কি ৰোগৰ লক্ষণ? জানি হ'ব আচৰিত!