৬বছৰীয়া শিশুক মাতি নিলে হাবিলৈ, পাছত জঘন্য কাণ্ড! অভিযুক্ত ছলমানক আৰক্ষীৰ এনকাউন্টাৰ…

এগৰাকী ৬ বছৰীয়া শিশুৰ লগত জঘন্য কৰাৰ অভিযোগত এজন অভিযুক্ত গ্ৰেপ্তাৰ। এই অভিযুক্তজন পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্য়াহত আছে।

৬বছৰীয়া শিশুক মাতি নিলে হাবিলৈ, পাছত জঘন্য কাণ্ড! অভিযুক্ত ছলমানক আৰক্ষীৰ এনকাউন্টাৰ...

অভিযুক্ত

Published: 

28 Nov 2025 | 08:52 AM

মাত্ৰ ৬ বছৰীয়া এটি শিশুৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযুক্তক আৰক্ষীৰ এনকাউন্টাৰ। বৃহস্পতিবাৰে নিশা অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰাৰ চেষ্টা কৰিছিল আৰু তেতিয়াই আৰক্ষীয়ে তেওঁৰ এনকাউন্টাৰ কৰে। এই সময়চোৱাত অভিযুক্তৰ ভৰিত গুলী লাগে। বৰ্তমান তেওঁ হাস্পাতালত চিকিৎসাধীন হৈ আছে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰাইজেনত। অভিযুক্তজন ছলমান বুলি চিনাক্ত হৈছে।

জানিব পৰা মতে, শিশুটিৰ সৈতে সংঘটিত ধৰ্ষণ কাণ্ড পোহৰলৈ অহাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি বহু মানুহে প্ৰতিবাদো সাব্যস্ত কৰিছিল। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে আৰক্ষীৰ এনকাউন্টাৰ কৰে, য’ত তেওঁ আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে, অভিযুক্ত ছলমানে এখন দোকানত চাহ খাব সোমাইছিল আৰু তেতিয়াইৰ আৰক্ষীয়ে তেওঁক আটক কৰে। কিন্তু অভিযুক্তই আৰক্ষীৰ বন্দুকেৰে আৰক্ষীৰ ওপৰত গুলীচালনা কৰি পলায়নৰ চেষ্টা কৰিছিল। তেতিয়াই আৰক্ষীয়ে তেওঁক গুলীয়াবলৈ বাধ্য হয়।

ঘটনাটো কি

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২১ নৱেম্বৰত ৰাইজেন অঞ্চলৰ এগৰাকী ৬ বছৰীয়া কন্যা ঘৰৰ বাহিৰত খেলি আছিল। তেতিয়া অভিযুক্ত ছলমানে শিশুটিক চকলেট দিয়াৰ প্ৰলোভন ওচৰলৈ মাতে। পৰৱৰ্তী সময়ত ছলমানে শিশুটিক হাবিলৈ লৈ যায় আৰু ধৰ্ষণ কৰি পলায়ন কৰে। ইয়াৰ কিছুসময় পাছতে স্থানীয় ৰাইজে হাবিত কোনো শিশুক কান্দি থকা শুনি সেই স্থানত উদ্ধাৰ হয় আৰু শিশুটিক উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে।

লগে লগে এই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখে আৰু অভিযুক্ত ছলমানক ধৰিব পাৰিলে ৩০ হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা কৰে।

এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰে যে মুখ্যমন্ত্ৰী মোহন যাদৱে নিশা বৈঠক অনুষ্ঠিত কৰি ৰাইজেন এছ পি পংকজ পাণ্ডেক অপসাৰণ কৰে। লগতে ৰাইজেনত আশুতোষক নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পাছতে শেহতীয়াকৈ এতিয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ বহুবিবাহ প্ৰতিৰোধ বিধেয়ক কি? ইয়াৰ অধীনত কি কি শাস্তি হ’ব পাৰে, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...