কোচবিহাৰৰ উত্তম কুমাৰলৈ অসম চৰকাৰৰ জাননী, প্ৰমাণ দিব লাগে ভাৰতীয় বুলি, মমতা বেনাৰ্জীৰ ক্ষোভ

কোচবিহাৰৰ চৌধুৰীহাটৰ ছাদিয়ালৰ কুঠি অঞ্চলৰ বাসিন্দা উত্তম কুমাৰ। তেওঁলৈ আহিছে অসম চৰকাৰৰ এখন জাননী। স্বাভাৱিকতেই প্ৰশ্ন হয়, পশ্চিমবংগৰ বাসিন্দা উত্তম কুমাৰলৈ অসম চৰকাৰৰ জাননী আহিল কেনেকৈ?

কোচবিহাৰৰ উত্তম কুমাৰলৈ অসম চৰকাৰৰ জাননী, প্ৰমাণ দিব লাগে ভাৰতীয় বুলি, মমতা বেনাৰ্জীৰ ক্ষোভ

প্ৰতীকী ছবি

Published: 

08 Jul 2025 13:58 PM

NRC ক লৈ সমগ্ৰ দেশ এতিয়া প্ৰায় মৌন । কিন্তু অসমত NRC ক লৈ চৰ্চা এতিয়াও অব্যাহত আছে। অসম চৰকাৰেও NRC ক যেন পুনৰুজ্জিৱীত কৰিব খুজিছে। এইবাৰ অসম চৰকাৰৰ NRC সংক্ৰান্তীয় এখন জাননী আহিল পশ্চিম বংগৰ এগৰাকী ব্যক্তিলৈ। এই জাননীক লৈ ব্যাপক চৰ্চা চলা দেখা গৈছে।

কোচবিহাৰৰ চৌধুৰীহাটৰ ছাদিয়ালৰ কুঠি অঞ্চলৰ বাসিন্দা উত্তম কুমাৰ। তেওঁলৈ আহিছে অসম চৰকাৰৰ এখন জাননী। স্বাভাৱিকতেই প্ৰশ্ন হয়, পশ্চিমবংগৰ বাসিন্দা উত্তম কুমাৰলৈ অসম চৰকাৰৰ জাননী আহিল কেনেকৈ?

এই সন্দৰ্ভত উত্তম কুমাৰে কয়, “জন্মৰ পৰাই মই এই ঠাই বাসিন্দা। মোৰ দেউতা-ককা ইয়াতেই আছিল। কোনোদিন অসমলৈ যোৱা নাই। তাৰ পাছতো কেনেকৈ এই জাননী আহিল বুজি পোৱা নাই।”

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা জানুৱাৰী মাহতেই আৰক্ষীয়ে NRC ৰ জাননীখন প্ৰেৰণ কৰিছিল উত্তম কুমাৰলৈ। কিন্তু কিহৰ জাননী সেয়া বুজি পোৱা নাছিল উত্তমে। চুবুৰীয়া এজন লোকে তেওঁক সেইখন NRC ৰ জাননী বুলি কয়।

কি আছে এই জাননীত?
অসম চৰকাৰে প্ৰেৰণ কৰা জাননীত কোৱা হৈছে, দিনহাটৰ এই ব্যক্তিগৰাকীয়ে ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অবৈধভাৱে অসমৰ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ কৰিছিল। লগতে আৰক্ষীৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত তেওঁ বৈধ নথি-পত্ৰ দেখুৱাব পৰা নাছিল, সেয়েহে তেওঁক অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত কৰা হৈছে। যদি ১৫ জুলাইৰ ভিতৰত উপযুক্ত নথি-পত্ৰ দেখুৱাব নোৱাৰে তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উত্তম কুমাৰৰ অধিবক্তা অপূৰ্ব সিনহাই অভিযোগ কৰে যে অসম চৰকাৰে তেওঁৰ ক্লায়েণ্টৰ বিৰুদ্ধে ২০১৫ চনত এই গোচৰ ৰুজু কৰিছিল। যাৰ জাননী প্ৰায় ৯ বছৰৰ পিছত আহিছিল। এইটো কেনেকৈ সম্ভৱ? তাৰোপৰি বংগই NRC ক স্বীকৃতি দিয়া নাই। অসম চৰকাৰে এনে জাননী কেনেকৈ প্ৰেৰণ কৰিব?

উত্তৰ বংগৰ উন্নয়ন মন্ত্ৰী উদয়ন গুহাই ইতিমধ্যে উত্তম কুমাৰৰ NRC বিষয়ক লৈ মাত মাতিছে। তেওঁ কয়, ‘‘উত্তম কুমাৰ ব্ৰজৰ ভাৰতীয় নাগৰিক। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকে কেনেকৈ কোচবিহাৰৰ দিনহাটৰ বাসিন্দা এজনলৈ এই পত্ৰ প্ৰেৰণ কৰিব পাৰে? ১৯৭১ চনৰ আগতে অহাসকলৰ নাগৰিকত্বৰ ক্ষেত্ৰত কোনো সমস্যা হ’ব নালাগে।”

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

অসমৰ বিদেশী ন্যায়াধিকৰণে কোচবিহাৰৰ এই লোকজনক অবৈধ প্ৰব্ৰজনকাৰী বুলি ঘোষণা কৰি জাননী জাৰি কৰাৰ পিছতে মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

এই পদক্ষেপক “গণতন্ত্ৰৰ ওপৰত পদ্ধতিগত আক্ৰমণ” বুলি অভিহিত কৰি বেনাৰ্জীয়ে অভিযোগ কৰে যে বিজেপিয়ে পশ্চিম বংগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) অবৈধভাৱে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছে, য’ত বিজেপিৰ কোনো অধিকাৰক্ষেত্ৰ নাই। এই কাণ্ডক বিপজ্জনক আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ ওপৰত লক্ষ্য নিৰ্ধাৰণ কৰি চলোৱা আক্ৰমণ বুলি অভিহিত কৰে মমতা বেনাৰ্জীয়ে।

“অসমৰ বিদেশী ন্যায়াধিকৰণে ৫০ বছৰতকৈও অধিক সময় ধৰি কোচবিহাৰৰ দিনহাট বসবাস কৰা উত্তম কুমাৰ ব্ৰজাবাসীক NRCৰ জাননী জাৰি কৰাৰ কথা জানিব পাৰি মই স্তম্ভিত হৈছোঁ। বৈধ পৰিচয় নথি-পত্ৰ প্ৰদান কৰাৰ পিছতো তেওঁক ‘বিদেশী/অবৈধ প্ৰব্ৰজনকাৰী’ বুলি সন্দেহৰ ভিত্তিত হাৰাশাস্তি কৰা হৈছে।” মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত এইদৰে লিখিছে।

বিজেপিয়ে NRC প্ৰক্ৰিয়াক বংগৰ বিশেষকৈ প্ৰান্তীয় জনগোষ্ঠীৰ লোকসকলক ভয় খুৱাবলৈ, ভোটাধিকাৰ বঞ্চিত কৰিবলৈ, পৰিচয় মচি পেলোৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ঘটনাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে NRC ৰ বিতৰ্কিত বিষয়টোক পুনৰ চৰ্চালৈ আনি বিজেপি আৰু টিএমচিৰ মাজত নতুন ৰাজনৈতিক সংঘাতৰ সূচনা কৰিছে।

ঘৰৰ এই কোণটো সদায় খালী ৰাখিব, নহ'লে পৰিয়ালৰ সৰ্বনাশ!
হঠাতে চুলি বেছিকৈ সৰিবলৈ আৰম্ভ কৰিছে নেকি? জানি লওক ই কি ৰোগৰ লক্ষণ
গ্ৰীষ্মকালত খালী পেটত কেতিয়াও নাখাব এইসমূহ খাদ্য...
মানুহৰ লগত অন্যায় কিয় হয়? প্ৰেমানন্দ মহাৰাজে ক’লে...