ঈশা ফাউণ্ডেশ্যনলৈ বৃহৎ সকাহ! গেছিফায়াৰ শ্মশানৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ আদালতৰ…

Isha Foundation: আদালতৰ পৰা এক ডাঙৰ সকাহ লাভ কৰিছে ঈশা ফাউণ্ডেশ্যনে। উল্লেখ্য যে, ঈশা ফাউণ্ডেশ্যনে নিৰ্মাণ কৰি থকা শ্মশানৰ বিৰুদ্ধে আদালতত আবেদন দাখিল হৈছিল। ইয়াৰ ওপৰত ৰায় দিয়ে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।

ঈশা ফাউণ্ডেশ্যনলৈ বৃহৎ সকাহ! গেছিফায়াৰ শ্মশানৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ আদালতৰ...

ঈশা ফাউণ্ডেশ্যন

Published: 

28 Jan 2026 | 06:37 PM

মাদ্ৰাজ উচ্চ ন্যায়ালয় (Madras High Court) ৰ পৰা ডাঙৰ সকাহ লাভ কৰিলে ঈশা ফাউণ্ডেচনে। কইম্বাটুৰত ঈশা ফাউণ্ডেশ্যন (Isha Foundation)ৰ দ্বাৰা নিৰ্মাণৰত গেছিফায়াৰ শ্মশান (Kalabhairavar Dhagana Mandapam)ৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰে ন্য়ায়ালয়। আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে, গেছযুক্ত শ্মশানৰ উদ্দেশ্য কেৱল সমাজক উপকৃত কৰা। মুখ্য ন্যায়াধীশ মনিন্দ্ৰ মোহন শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ জি অৰুল মুৰুগানে গঠিত বিচাৰপীঠে এই সন্দৰ্ভত কয় যে, বাসগৃহ আৰু খোৱাপানীৰ উৎসৰ পৰা ৯০ মিটাৰৰ ভিতৰত শ্মশান নিৰ্মাণ কৰাত কোনো আইনী বাধা নাই।

লগতে ন্যায়ালয়ে কয় যে, এই ক্ষেত্ৰত গ্ৰাম পঞ্চায়তৰ পৰা লাইচেঞ্চ লোৱা প্ৰয়োজনীয় চৰ্ত। এই ক্ষেত্ৰত ন্যায়ালয়ে তামিলনাডু গাঁও পঞ্চায়ত (সমাধি আৰু শ্মশান গ্ৰাউণ্ডৰ ব্যৱস্থা) নিয়ম, ১৯৯৯ৰ উদ্ধৃতি দিয়ে।

সমাজৰ সুবিধাৰ্থে গেছিফায়াৰ শ্মশান

ন্যায়ালয়ে কয় যে, সমাজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হয় গেছিফায়াৰ শ্মশান। ইয়াত জনস্বাৰ্থৰ বিৰুদ্ধে বুলি বিবেচনা কৰিব নোৱাৰি। শ্মশান ক’ত কেনেকৈ নিৰ্মাণ কৰিব লাগে সেয়া চোৱাচিকা কৰা প্ৰশাসন আৰু স্থানীয় সংস্থাৰ দায়িত্ব। যদি বৈধ অনুজ্ঞাপত্ৰ থাকে তেন্তে এই ক্ষেত্ৰত আদালতে হস্তক্ষেপ কৰিব নোৱাৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায় ঈশা ফাউণ্ডেশ্যনৰ বাবে এক বৃহৎ সকাহ।

ৰিট আবেদনৰ শুনানি

উল্লেখ কৰা প্ৰয়োজন যে, কইম্বাটুৰৰ ইকৰাই বলুভাম্পট্টি গাঁৱত ইছা ফাউণ্ডেচনে গেছিফায়াৰ শ্মশান নিৰ্মাণ কৰি আছে। এই শ্মশান নিৰ্মাণক প্ৰত্যাহ্বান জনাই তিনিখনকৈ ৰিট আবেদন দাখিল হৈছিল। ইকৰাই বোলুবমপট্টী গ্ৰাম পঞ্চায়তৰ অধ্যক্ষ, পঞ্চায়তৰ সহ নিৰ্দেশক (গ্ৰামীণ) আৰু কইম্বাটুৰ দক্ষিণৰ জিলা পৰিৱেশ অভিযন্তাই (তামিলনাডু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড) য়ে শ্মশানত অনুমোদন জনোৱাক প্ৰত্যাহ্বান জনাইছিল।

কিন্তু এই ৰীট আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে, ১৯৯৯ চনৰ তামিলনাডু গ্ৰাম পঞ্চায়ত (সমাধিস্থল আৰু দাহস্থলীৰ ব্যৱস্থা) নিয়মৰ ৭ নং নিয়মৰ অধীনত ৯০ মিটাৰ দূৰত্বৰ নিয়ম কেৱল ৫ নং নিয়মৰ অধীনত ইতিমধ্যে পঞ্জীয়নভুক্ত বা অনুজ্ঞাপত্ৰ থকা ঠাইৰ ক্ষেত্ৰতহে প্ৰযোজ্য নহয়। লগতে ন্যায়ালয়ে স্পষ্টকৈ কয়, এই শ্মশান জনতাৰ সুবিধাৰ্থে। গতিকে আদালতৰ এই ৰায়ে ঈশা ফাইণ্ডেশ্যনৰ বাবে শ্মশান নিৰ্মাণৰ বাট মুকলি কৰি দিয়ে।

 

অন্য খবৰ পঢ়কঃ দেখা নাপালে ৰাণৱে…দুৰ্ঘটনা সন্দৰ্ভত কি ক’লে বিমান কোম্পানীৰ মালিকে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...