নুমুৱাই দিয়ক আদালতৰ লাইট, আন্ধাৰৰ মাজত শুনানি গ্ৰহণ ন্যায়াধীশৰ, কাৰণ জানিলে হ’ব আচৰিত…

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ভাৰ্চুৱেলি যুক্তি দাঙি ধৰে। নিজৰ পক্ষ দাঙি ধৰি তেওঁ কয় যে পৰীক্ষাৰ ফলাফল ভালকৈ ওলাইছে। আনকি বিদ্যুৎ কৰ্তন হোৱা পৰীক্ষা কেন্দ্ৰবোৰতো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

নুমুৱাই দিয়ক আদালতৰ লাইট, আন্ধাৰৰ মাজত শুনানি গ্ৰহণ ন্যায়াধীশৰ, কাৰণ জানিলে হব আচৰিত...

আদালত

Updated On: 

24 Jun 2025 | 10:34 AM

যোৱা ৪ মে’ত অনুষ্ঠিত হোৱা NEET UG 2025 পৰীক্ষাৰ ফলাফল ১৪ জুনত প্ৰকাশ পায়।  নীটৰ পৰীক্ষাৰ সময়ত মধ্যপ্ৰদেশৰ ইন্দোৰত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰসমূহ আন্ধাৰ হৈ পৰে আৰু পৰীক্ষাৰ্থীসকল যথেষ্ঠ অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ পাছতে ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰীক্ষাৰ বাবে আদালতত আবেদন দাখিল কৰে। এই গোচৰৰ শুনানি আদালতে আন্ধাৰত কৰে।

ছাত্ৰ-ছাত্ৰীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে ১৩ মিনিটৰ বাবে আদালতৰ চৌহদ অন্ধকাৰ কৰি ৰাখে। আন্ধাৰত কাম কৰিব পাৰি নে নোৱাৰি সেয়া জানিবলৈ ন্যায়াধীশগৰাকীয় লাইট বন্ধ কৰা বুলি কয়। আবেদনকাৰীয়ে কয় যে, বৰষুণৰ বাবে লাইট বন্ধ হৈ গৈছিল, যাৰ বাবে কোঠাটো আন্ধাৰ হৈ যায় আৰু ইয়াৰ বাবে সঠিকভাবে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিলে। সেয়েহে তেওঁলোকে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায়।  এই গোচৰৰ শুনানি আদালতে আন্ধাৰত কৰে আৰু ৰায় সুৰক্ষিত কৰে।

অধিবক্তাই কি কয়

আবেদনকাৰীৰ হৈ অধিবক্তাই কয় যে, পৰীক্ষা কেন্দ্ৰসমূহত কোনো ধৰণৰ বেকআপৰ ব্যৱস্থা নাই। বৰষুণ আৰু ধুমুহাৰ বাবে খিৰিকীবোৰো বন্ধ কৰিব লগা হয়।  আন্ধাৰত পঢ়িব নোৱাৰি, গতিকে পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেনেকৈ দিব?

পিছে ছাত্ৰ-ছাত্ৰীসকলৰ এই আবেদনৰ বিৰোধিতা কৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ভাৰ্চুৱেলি যুক্তি দাঙি ধৰে। নিজৰ পক্ষ দাঙি ধৰি তেওঁ কয় যে পৰীক্ষাৰ ফলাফল ভালকৈ ওলাইছে। আনকি বিদ্যুৎ কৰ্তন হোৱা পৰীক্ষা কেন্দ্ৰবোৰতো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীত আবেদন নাকচ কৰিব লাগে।

১৩ মিনিট লাইট বন্ধ

এই গোচৰৰ শুনানি আদালতে আন্ধাৰত কৰে। শুনানিৰ সময়ত ন্যায়াধীশ সুবোধ অভ্যংকৰে ১৩ মিনিট লাইট বন্ধ কৰি ৰাখে যাতে আন্ধাৰত কাম কৰাটো কিমান কঠিন সেই কথা জানিব পৰা যায়। তেওঁ কয় যে, “আদালত কক্ষৰ লাইট বন্ধ কৰক। শুনানি আন্ধাৰতে হ’ব। পোহৰ অবিহনে কিমান অসুবিধা হয় আমি চাব বিচাৰো”। এই ৰায় সংৰক্ষিত কৰি ন্যায়াধীশ সুবোধ অভ্যংকৰে লাইট জ্বলায়।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়।  ইয়াৰ পূৰ্বেও এনে অনন্য পদ্ধতি ব্যৱহাৰ কৰি ইন্দোৰত শুনানি গ্ৰহণ কৰা হৈছে। এবাৰ বিল্ডিং নিলামৰ গোচৰত আদালতে চৌহদত নিবিদাৰ আহ্বান জনাইছিল। এবাৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে আক্ৰমণৰ গোচৰত গোচৰ ৰুজু হৈছিল। বি আৰ টি এছৰ গোচৰৰ শুনানিৰ সময়ত তদানীন্তন ন্যায়াধীশ এন কে মোডী আৰু পি কে জয়ছৱালে এখন গাড়ীৰে গোটেই ১১ কিলোমিটাৰ কৰিড’ৰ ভ্ৰমণ কৰিছিল।

 

অন্য খবৰ পঢ়কঃ Khorramshahr-4: ৮০ টাতকৈ অধিক স্থানত একেলগে আক্ৰমণ! জানক ইৰাণৰ খোৰামশ্বহৰ-৪ মিছাইলৰ বিষয়ে…

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...