নিশা ১১ বজাত কি হৈছিল? দুই কন্যাই ধৰিলে হাত-ভৰি আৰু মাতৃয়ে…গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ কাণ্ড…

এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত এজন লোকক অতি নৃশংসভাৱে হত্যা কৰে লিভ-ইন-পাৰ্টনাৰ আৰু তেওঁৰ দুই কন্যাই। আৰক্ষীৰ জেৰাত এতিয়া পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।

নিশা ১১ বজাত কি হৈছিল? দুই কন্যাই ধৰিলে হাত-ভৰি আৰু মাতৃয়ে...গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ কাণ্ড...

মহিলাগৰাকী আৰু সূৰ্য প্ৰতাপ

Published: 

11 Dec 2025 | 11:15 AM

দেশত প্ৰতিদিনেই বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হোৱা দেখা যায়। শেহতীয়াকৈ পোহৰলৈ আহিছে লিভ-ইন-পাৰ্টনাৰক নৃশংসভাৱে হত্যা কৰাৰ এক ঘটনা। জানিব পৰা মতে, এগৰাকী মহিলাই দুই কিশোৰী কন্যাৰ সৈতে মিলি সূৰ্য প্ৰতাপ সিং নামৰ লোকজনক হত্যা কৰে। আৰক্ষীয়ে প্ৰায় ২০ ঘন্টা ধৰি জেৰা চলোৱাৰ পাছত এতিয়া ঘটনাৰ সমগ্ৰ তথ্য পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত।

জানিব পৰা মতে, ইঞ্জিনিয়াৰ সূৰ্য প্ৰতাপ সিং (৪০) নামৰ লোকজন লক্ষ্ণৌৰ জাংকিপুৰম ছেক্টৰ Gত এগৰাকী মহিলাৰ সৈতে বাস কৰিছিল। মহিলাগৰাকীৰ দুই কন্যা সন্তানো আছিল। সেই দুই কন্যাৰ সৈতে মিলি ৮ ডিচেম্বৰৰ পুৱা মহিলাগৰাকীয়ে সূৰ্য প্ৰতাপক হত্যা কৰে আৰু পাছত আৰক্ষীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীৰ ২০ ঘন্টা ধৰি চলা জেৰাৰ অন্তত এতিয়া সত্য পোহৰলৈ আহিছে। তিনিও স্বীকাৰ কৰিছে সূৰ্য প্ৰতাপৰ হত্যাৰ কথা।

কিয় কৰিলে হত্যা?

জেৰাৰ সময়ত মহিলাগৰাকীয়ে কয় যে, সূৰ্য প্ৰতাপে সদায় তেওঁলোকক মাৰপিট কৰিছিল। ইমানেই নহয়, ডাঙৰ কন্যাক বেয়া চকুৰে চাইছিল। তিনিওকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল। অভিযোগ অনুসৰি, সূৰ্য প্ৰতাপে প্ৰায়ে মহিলাগৰাকীৰ ডাঙৰ কন্যাক বেয়াকৈ স্পৰ্শ কৰিছিল। যেতিয়া তেওঁ বিৰোধ কৰিছিল তেতিয়া মাৰপিট কৰিছিল। ইয়াৰ মাজতে ৭ ডিচেম্বৰত সূৰ্য প্ৰতাপ ঘৰলৈ আহি ডাঙৰ কন্যাৰ মোবাইল চেক কৰে। মোবাইলত কিশোৰগৰাকীৰ ফটো এজন যুৱকৰ সৈতে দেখি সূৰ্য প্ৰতাপ ক্ষোভিত হৈ পৰে।

সেই যুৱকজন প্ৰেমিক বুলি কৈ সূৰ্য প্ৰতাপে ডাঙৰ কন্যাক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। নিশা প্ৰায় ১১ বজালৈ কিশোৰীগৰাকীক মাৰপিট কৰে তেওঁ। ইয়াৰ পাছতে মাতৃ-কন্যাই সূৰ্য প্ৰতাপক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে। পৰিকল্পনা অনুসৰি, ৮ ডিচেম্বৰৰ পুৱা প্ৰায় ৫বজাত তেওঁলোকে এক নৃশংস কাণ্ড সংঘটিত কৰে। সেই সময়ত সূৰ্য প্ৰতাপ শুই আছিল। তেতিয়াই কোঠাত মাতৃ কন্যাই প্ৰৱেশ কৰে। ইয়াৰ পাছত দুই কন্যাই সূৰ্য প্ৰতাপৰ হাত-ভৰি ধৰি ৰাখে আৰু মহিলাগৰাকীয়ে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে। যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে তিনিও সূৰ্য প্ৰতাপক হেঁচি ধৰে। ইয়াৰ পাছত মহিলাগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে আৰু পাছত তিনিওকে আটক কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ আজিৰ ১ কোটি টকাৰ মূল্য ২০৪০ চনত কিমান হ’ব? শুনি চকু কপালত উঠিব আপোনাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...