Leh Protestors Demand: পূৰ্ণাংগ ৰাজ্যৰ দাবীত লাডাখত Gen-Z ৰ প্ৰতিবাদ, মৃত্যু ৪ জনৰ…

Ladakh protest: যোৱা কেইবাটা দিন ধৰি লেহত অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে এই প্ৰতিবাদে হিংসাত্মক ৰূপ লয়। জানিব পৰা মতে, এতিয়ালৈকে প্ৰায় ৪ জনৰ মৃত্যু আৰু আহত হৈছে বহুতো।

Leh Protestors Demand: পূৰ্ণাংগ ৰাজ্যৰ দাবীত লাডাখত Gen-Z ৰ প্ৰতিবাদ, মৃত্যু ৪ জনৰ...

Leh Protest

Published: 

24 Sep 2025 | 08:02 PM

লাডাখক পূৰ্ণাংগ ৰাজ্য আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত যোৱা কেইবাটা দিন ধৰি লেহত অব্যাহত আছে প্ৰতিবাদ। জলবায়ু কৰ্মী সোণম ৱাংচুকৰ নেতৃত্বত বিগত প্ৰায় ১৫ টা দিন ধৰি চলা প্ৰতিবাদ ২৪ ছেপ্টেম্বৰত হিংসাত্মক ৰূপ লয়। পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। বৰ্তমানলৈ এই প্ৰতিবাদত ৪ জনৰ মৃত্যু আৰু প্ৰায় ৫০ জন আহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰতিবাদকাৰীসকলে  বিজেপিৰ এটা কাৰ্যালয় আৰু চিআৰপিএফৰ বাহনত অগ্নিসংযোগ কৰে। শীঘ্ৰেই দাবী পূৰণ হোৱাটো বিচাৰে প্ৰতিবাদকাৰীসকলে। লক্ষণীয় দিশটো এয়াই যে, প্ৰতিবাদকাৰীসকলৰ অধিকাংশই Gen-Z অৰ্থাৎ যুৱক-যুৱতী।

উল্লেখ্য যে, লাডাখ পূৰ্বে জম্মু-কাশ্মীৰৰ অংশ আছিল। কিন্তু ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰ আৰু লাডাখক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হয়। কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তক লাডাখে আদৰণি জনাইছিল। কিয়নো লাডাখবাসীয়ে ভাবিছিল যে কেন্দ্ৰৰ অধীনত থাকিলে দ্ৰুত উন্নয়ন হ’ব। কিন্তু সেই হিচাপে একো হৈ উঠা নাছিল। যাৰ বাবে লাডাখবাসীয়ে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

ষষ্ঠ অনুসূচী কিয় বিচাৰে

এতিয়া প্ৰতিবাদকাৰীসকলে লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে। ইয়াৰ দ্বাৰা লাডাখৰ অন্য স্বায়ত্তশাসন থাকিব। সংবিধানৰ ২৪৪(২) আৰু ২৭৫(১) অনুচ্ছেদত বিশেষ ব্যৱস্থাৰ ব্যৱস্থা কৰা হৈছে। যেতিয়া লাডাখ জম্মু-কাশ্মীৰৰ অংশ আছিল তেতিয়া তেওঁলোকে এই বিশেষ অধিকাৰ লাভ কৰিছিল।

এই বিশেষ ব্যৱস্থা অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰামকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত এতিয়াও প্ৰযোজ্য। ইয়াৰ সুবিধা এয়াই যে এওঁলোকৰ নিজা প্ৰশাসন আছে। ইয়াৰ পাছত স্বায়ত্ত শাসিত জিলা সৃষ্টি কৰি অঞ্চলৰ উন্নয়ন সাধন কৰিব পাৰিব। এই জিলাসমূহ ৩০ জন সদস্যৰে গঠিত। চাৰিজনক ৰাজ্যপালৰ দ্বাৰা মনোনীত কৰা হয়, আৰু বাকীসকলক স্থানীয় জনসাধাৰণৰ পৰা নিৰ্বাচিত কৰা হয়। জিলা পঞ্চায়তৰ অনুমোদন অবিহনে এই জিলাসমূহত একো কৰিব নোৱাৰি।

ইয়াৰোপৰি লাডাখৰ নতুন ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পাছতে চাকৰিৰ ক্ষেত্ৰতো সমস্যাই দেখা দিয়ে। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰ লোকসেৱা আয়োগৰ জৰিয়তে বিষয়া নিযুক্তি দিয়া হৈছিল। কিন্তু ৫ বছৰ ধৰি লাডাখত গেজেটেড পদৰ বাবে এটাও নিযুক্তি হোৱা নাই। লাডাখত বৃদ্ধি পাইছে নিবনুৱাৰ সমস্যা।

গতিকে বহু সমস্যাৰ সমাধানৰ উপায় হিচাপে লাডাখে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে। তেওঁলোকে লাডাখক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে বিচাৰিছে যাতে জনতাই নিজৰ অধিকাৰ ল’ব পাৰে। জানিব পৰা মতে,  এই সমগ্ৰ বিষয়টোৰ ওপৰত অহা ৬ অক্টোবৰত গৃহ মন্ত্ৰালয়ে লাডাখৰ প্ৰতিবাদকাৰীৰ সৈতে কথা পাতিব।

 

 

অন্য খবৰ পঢ়ক-Zubeen garg: মই গ’মেই পোৱা নাছিলো, মোৰ ওচৰত এজন ভগৱান আছিলঃ গৰিমা শইকীয়া

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...