জম্মু-কাশ্মীৰত অপাৰেচন পিম্পলৰ সাফল্য, নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ গ’ল দুই সন্ত্ৰাসবাদীৰ

কুপৱাৰাৰ কেৰাণ খণ্ডত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে। ইয়াৰ পিছতে শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে এক যৌথ অভিযান আৰম্ভ কৰে। নিৰাত্তা বাহিনীৰ এই সন্ত্ৰাসবাদ বিৰোধী অভিযানক অপাৰেচন পিম্পল হিচাপে নামকৰণ কৰা হৈছে।

জম্মু-কাশ্মীৰত অপাৰেচন পিম্পলৰ সাফল্য, নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ গ’ল দুই সন্ত্ৰাসবাদীৰ

জম্মু-কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী

Updated On: 

08 Nov 2025 10:16 AM

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। সন্ত্ৰাসমুক্ত কৰি তোলাৰ লক্ষ্যৰে উপত্যকাটোত ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে নিৰাপত্তা বাহিনীয়ে। আজি পুনৰ নিৰাপত্তা বাহিনীয়ে উপত্যকাটোত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত এক বৃহৎ সাফল্য লাভ কৰিছে। জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ কেৰাণ খণ্ডত আজি নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱাইছে দুই সন্ত্ৰাসবাদীয়ে। এক যৌথ অভিযানত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰি প্ৰাণ লয় সন্ত্ৰাসবাদী দুজনৰ।

জানিব পৰা মতে, কুপৱাৰাৰ কেৰাণ খণ্ডত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে। ইয়াৰ পিছতে শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে এক যৌথ অভিযান আৰম্ভ কৰে। নিৰাত্তা বাহিনীৰ এই সন্ত্ৰাসবাদ বিৰোধী অভিযানক অপাৰেচন পিম্পল হিচাপে নামকৰণ কৰা হৈছে।

ভাৰতীয় সেনাৰ চিইনাৰ কৰ্পছে নিজা এক্স হেণ্ডেল যোগে উল্লেখ কৰা মতে ৭ নৱেম্বৰ, অৰ্থাৎ শুকুৰবাৰে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা সন্দৰ্ভত চোৰাংচোৱা সংস্থাসমূহৰ পৰা তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিত কুপৱাৰাৰ কেৰণ খণ্ডত যৌথ অভিযান আৰম্ভ কৰা হয়। সেনাই সন্দেহজনক কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি সন্ত্ৰাসবাদীক প্ৰত্যাহ্বান জনায়।

 

ইয়াৰ পিছতে সন্ত্ৰাসবাদীয়ে সৈন্যবাহিনীৰ দলটোক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। ইয়াৰ পিছতে নিৰাপত্তা বাহিনীয়েও প্ৰত্যাক্ৰমণ চলায়। নিৰাপত্তাৰক্ষীৰ গুলীচালনাত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। এতিয়াও উক্ত স্থানত সংঘৰ্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে।

নিহত সন্ত্ৰাসবাদী দুজনৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই। বিষয়াসকলে জানিবলৈ দিয়া মতে, উগ্ৰপন্থীৰ উপস্থিতিৰ চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছত ভাৰতীয় সেনাৰ সহযোগত জম্মু-কাশ্মীৰ আৰক্ষীয়ে চত্ৰু ​​অঞ্চলত যৌথ অভিযান আৰম্ভ কৰে। অঞ্চলটোত অভিযানকাৰী দলে তালাচী অভিযান অব্যাহত ৰাখিছে বুলি বিষয়াসকলে উল্লেখ কৰিছে

ভালকৈ টোপনি আহিবলৈ শোৱাৰ পূৰ্বে কৰক এই ৫টা কাম, সবিশেষ...
ঔষধ খোৱাৰ প্ৰয়োজন নাই, ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ৫ টা ঘৰুৱা উপায় জানক...
৫ প্ৰকাৰৰ হোম লোন: আপুনি কোনটো বাছি ল’ব? জানক
সপোনত এই পাঁচটা বস্তু দেখাটো অত্যন্ত শুভ, জীৱনলৈ আহে সুখ!