পহলগাম কাণ্ডত জড়িত আশ্বিফ আছিল স্নাতক উত্তীৰ্ণ, নিৰাপত্তাৰক্ষীৰ এনকাউন্টাৰত নিহত…
জম্মু-কাশ্মীৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। পুলৱামাত আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় ৩জনকৈ সন্ত্ৰাসবাদী। ইয়াৰে এজন পহলগাম সন্ত্ৰাসবাদী ঘটনাৰ সৈতে জড়িত আছিল।

বাওঁফালে পহলগাম কাণ্ডত জড়িত সন্ত্ৰাসবাদী
বৃহস্পতিবাৰে পুৱা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত ৩ জনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহি পৰিছে।কাশ্মীৰৰ পুলৱামাৰপহ অৱন্তিপুৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত ৩ জনকৈ সন্ত্ৰাসবাদী নিহত হয়। জানিব পৰা মতে, এই সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত এজন পহলগাম সন্ত্ৰাসবাদী কাণ্ডত জড়িত আছিল। সেনাৰ সূত্ৰৰ খবৰ অনুসৰি, নিহত ৩ জন হৈছে- আছিফ শ্বেইখ, আমিৰ নাজিৰ ওৱানি আৰু ইয়াৰ ভাট।
তথ্য অনুসৰি ,২৮ বছৰীয়া আছিফ শ্বেইখ এজন স্নাতক বৰ্ষৰ ছাত্ৰ। ইয়াৰ বিপৰীতে ২০ বছৰীয়া নাজিৰ স্নাতকৰ দ্বিতীয় বৰ্ষ আৰু ২৬ বছৰীয়া ইয়াৰ ভাট নৱম শ্ৰেণীলৈ পঢ়া এজন যুৱক। এই সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত আশ্বিফ আছিল পহলগাম কাণ্ডৰ সৈতে জড়িত অভিযুক্ত।
উল্লেখ্য যে, আজি পুৱাই কাশ্মীৰ আৰক্ষীয়ে এক্স হেণ্ডেলত পোষ্ট কৰি এনকাউন্টাৰৰ বিষয়ে জনাইছিল। প্ৰথম অৱস্থাত এজন সন্ত্ৰাসবাদীৰ মত্যুৰ খবৰ আহিছিল যদিও পৰৱৰ্তী সময়ত গম পোৱা গৈছিল যে ৩ জনৰ মৃত্যু হৈছে। আৰু এই আটাইকেইজন জেইছ-ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত।
উল্লেখ কৰা প্ৰয়োজন যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা কেইটামান দিনত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই কেইবাজনো সন্ত্ৰাসবাদীক নিহত কৰিছে।
শেহতীয়াকৈ অপাৰেশ্যেন কেলৰত ৩জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। এই সন্ত্ৰাসবাদী কেইজনৰ দুজন শ্বাহিদ কুট্টে আৰু আদনান শ্বাফি বুলি চিনাক্ত হৈছিল। ইয়াৰ বিপৰীতে এজন সন্ত্ৰাসবাদীৰ এতিয়ালৈকে চিনাক্ত হোৱা নাই। এই আটাইকেইজন সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ লগত জড়িত। ইয়াৰোপৰি বহু সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জড়িত আছিল সন্ত্ৰাসবাদী কেইজন।
তথ্য অনুসৰি, শ্বাহিদ কুট্টে শ্বোপিয়ান জিলাৰ মহম্মদ ইউছুফ কুট্টেৰ পুত্ৰ আছিল। ২০২৩ চনৰ ৮ মাৰ্চত সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা শ্বাহিদ ২০২৪ চনৰ ৮ এপ্ৰিলত শ্ৰীনগৰৰ ডেনিছ ৰিজ’ৰ্টত সংঘটিত গুলীচালনা কাণ্ডত জড়িত আছিল। শ্বাহিদ কেটেগৰী এ,লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আছিল। ইয়াৰোপৰি বহু সন্ত্ৰাসবাদী কাণ্ডৰ সৈতে জড়িত আছিল তেওঁ। ইয়াৰ বিপৰীতে দ্বিতীয়জন সন্ত্ৰাসবাদী আছিল শ্বোপিয়ানৰ ৱাণ্ডুনা মেলহোৰাৰ বাসিন্দা মহম্মদ শ্বাফি দাৰৰ পুত্ৰ আদনান শ্বাফি দাৰ।২০২৪ চনৰ ১৮ অক্টোবৰত সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰা আদনান আছিল কেটেগৰী চি লস্কৰৰ অপাৰেটিভ।
উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে। অপাৰেশ্যন সেন্দূৰৰ সমান্তৰালকৈ নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে যৌন অভিযান চলাই কাশ্মীৰত বহু সন্ত্ৰাসবাদীক নিহত কৰিছে। এতিয়াও কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।
অন্য খবৰ পঢ়কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ এনকাউন্টাৰত নিহত ৩ সন্ত্ৰাসবাদী…