Kargil Vijay Diwas 2025: আজি দেশে উদযাপন কৰিছে ২৬ বছৰীয়া কাৰ্গিল বিজয় দিৱস…
পাকিস্তানৰ বিৰুদ্ধে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ৰ স্মৃতিত আজিৰ দিনটো সমগ্ৰ দেশত কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৱে সোঁৱৰাই দিয়ে যে, দেশৰ স্বাধীনতা আৰু নিৰাপত্তা কিমান মূল্যৱান।

কাৰ্গিল বিজয় দিৱস
আজি ২৬ জুলাই, দেশে উদযাপন কৰিব কাৰ্গিল বিজয় দিৱসৰ ২৬ বছৰীয়া জয়ন্তী । পাকিস্তানৰ বিৰুদ্ধে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ৰ স্মৃতিত আজিৰ দিনটো সমগ্ৰ দেশত কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। শ্বহীদ সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কাৰ্গিল যুদ্ধ স্মাৰকত মাল্যাৰ্পণৰ আয়োজন কৰা হ’ব।
এই কাৰ্যসূচীত ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী উপস্থিত থাকিব। পুৱা ৮ বজাত কাৰ্গিল যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰা হ’ব। ইয়াৰ পিছত পুৱা ৯:১৫ বজাত মুখ্য অতিথি আহিব আৰু পুৱা ৯:৩০ বজাত গৌৰৱ গাথা বৰ্ণিত হ’ব। একে সময়তে পুৱা ১০:১৫ বজাত ভাষণ দিব দেশৰ সেনা প্ৰধানে।
উল্লেখ্য যে, কাৰ্গিল বিজয় দিৱস প্ৰতি বছৰে ২৬ জুলাইত পালন কৰা হয়। ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই অপাৰেচন বিজয়ৰ সফলতাৰ কথা ঘোষণা কৰে। ভাৰতে টললিং আৰু টাইগাৰ হিলৰ দৰে অঞ্চলকে ধৰি কাৰ্গিলত পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ সৈতে তিনিমাহ ধৰি সংগ্ৰামৰ অন্তত জয়লাভ কৰে।
১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাইলৈকে চলিছিল কাৰ্গিল যুদ্ধ। এই যুদ্ধত জয়ী হোৱাটো ভাৰতীয় সেনাৰ বাবে এক অসাধাৰণ প্ৰত্যাহ্বান আছিল। কিন্তু সৈন্যসকলে সুউচ্চ অঞ্চল, বৰফ নাইবা কঠিন পাহাৰীয়া ভূখণ্ডত গৈ শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সাহসী সৈনিকসকলে কোনো ক্ষেত্ৰতে হাৰ মনা নাছিল।
লাডাখৰ উত্তৰ কাৰ্গিল জিলাৰ পাহাৰৰ শিখৰত পাকিস্তানী বাহিনীক দখল কৰা স্থানৰ পৰা উৎখাত কৰাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধ কৰিছিল ভাৰতে। ৬০ দিনতকৈও অধিক সময় ধৰি চলিছিল কাৰ্গিল যুদ্ধ আৰু সমাপ্ত হৈছিল ১৯৯৯ চনৰ ২৬ জুলাইত।
পাকিস্তানী সেনাই এই যুদ্ধত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছিল আৰু দাবী কৰিছিল যে, এয়া স্বাধীন কাশ্মীৰী বিদ্ৰোহী বাহিনীৰ দ্বাৰা হে সংঘটিত হৈছিল। কিন্তু উদ্ধাৰ হোৱা নথিপত্ৰ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ লগতে সেনা প্ৰধানে প্ৰকাশ কৰা বিবৃতিয়ে জেনেৰেল আশ্ৰাফ ৰছিদৰ নেতৃত্বত পাকিস্তানী অৰ্ধসামৰিক বাহিনী এই যুদ্ধত জড়িত থকা বুলি প্ৰমাণিত কৰে বুলি দাবী কৰা হয়।
পাকিস্তানৰ সৈতে হোৱা এই যুদ্ধত কেপ্তেইন বিক্ৰম বাত্ৰ, লেফটেনেণ্ট মনোজ কুমাৰ পাণ্ডে, ৰাইফলমেন সঞ্জয় কুমাৰ আৰু গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱৰ দৰে অগণন বীৰসকলে নিজৰ সাহসেৰে ইতিহাস ৰচনা কৰিছিল। এই যুদ্ধত জোৱানৰ শ্বহীদ হোৱাটোৱে সোঁৱৰাই দিয়ে যে, দেশৰ স্বাধীনতা আৰু নিৰাপত্তা কিমান মূল্যৱান।