আঁঠু ল’বলৈ বাধ্য হৈছিল পাকিস্তানী সেনা ! কাৰ্গিল যুদ্ধত ভাৰতে ব্যৱহাৰ কৰিছিল এই ৮ বিধ ‘ব্ৰহ্মাস্ত্ৰ’…

কাৰ্গিল যুদ্ধই ভাৰতীয় সেনাৰ বীৰত্বৰ প্ৰতীকেই নহয়, আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিয়ে ভাৰতীয় সামৰিক বাহিনীক কেনেদৰে শক্তিশালী কৰি ৰাখিছে সেই কথাও প্ৰতিফলিত কৰে। কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে জানোঁ আহক, এই যুদ্ধত আমাৰ জোৱানসকলে কি কি অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিছিল?

আঁঠু লবলৈ বাধ্য হৈছিল পাকিস্তানী সেনা ! কাৰ্গিল যুদ্ধত ভাৰতে ব্যৱহাৰ কৰিছিল এই ৮ বিধ ব্ৰহ্মাস্ত্ৰ...

বফৰ্চ হাউইটজাৰ

Updated On: 

26 Jul 2025 12:09 PM

২৬ জুলাই দিনটোত সমগ্ৰ দেশে পালন কৰে কাৰ্গিল বিজয় দিৱস। এই দিনটো ভাৰতবাসীৰ বাবে গৌৰৱৰ দিন। ১৯৯৯ চনৰ মে’ মাহৰ পৰা পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ হোৱা কাৰ্গিল যুদ্ধ জুলাইৰ মাহত অন্ত পৰে। ১৯৯৯ চনৰ ২৬ জুলাই দিনটোতে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধ বিজয়ী হয় ভাৰত। এই দিনটোৱে আমাৰ শ্বহীদ বীৰ জোৱানসকলৰ বীৰত্বক সোঁৱৰাই দিয়ে। এই ঐতিহাসিক বিজয়ৰ পাছতে ভাৰতীয় ইতিহাসত কাৰ্গিল বিজয় দিৱস হিচাপে এই তাৰিখটো লিপিবদ্ধ কৰা হয়।

আজিৰ দিনটোতে কাৰ্গিল যুদ্ধত ভাৰতীয় সেনাই পাকিস্তানক পৰাস্ত কৰে। এই যুদ্ধত ভাৰতীয় সেনাই অদম্য সাহস, কৌশল আৰু অতি আধুনিক অস্ত্ৰ-শস্ত্ৰৰ বলত শত্ৰুক পিছুৱাই যাবলৈ বাধ্য কৰাইছিল। কাৰ্গিল যুদ্ধই ভাৰতীয় সেনাৰ বীৰত্বৰ প্ৰতীকেই নহয়, আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিয়ে ভাৰতীয় সামৰিক বাহিনীক কেনেদৰে শক্তিশালী কৰি ৰাখিছে সেই কথাও প্ৰতিফলিত কৰে।

কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল যেতিয়া পাকিস্তানী সেনা আৰু অনুপ্ৰৱেশকাৰীয়ে ভাৰতৰ ভূখণ্ড দখল কৰিছিল। বিশেষকৈ ভাৰতৰ ভূখণ্ডৰ সুউচ্চ পাহাৰসমূহ দখল কৰিছিল পাকিস্তানৰ অনুপ্ৰৱেশকাৰীয়ে। এই অঞ্চলসমূহ কৌশলগত দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ আছিল। ভাৰতীয় সেনাই অপাৰেচন বিজয়ৰ অধীনত এই পাহাৰসমূহ পুনৰ নিজৰ হাতলৈ আনিবলৈ অভিযান আৰম্ভ কৰিছিল।

কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে জানোঁ আহক, এই যুদ্ধত আমাৰ জোৱানসকলে কি কি অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিছিল?

বফৰ্চ হাউইটজাৰ (Bofors FH-77B Howitzer)

কাৰ্গিল যুদ্ধত বফৰ্চ বন্দুকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। এই ১৫৫ mm হাউইটজাবোৰে সুউচ্চ অঞ্চলত শত্ৰুৰ কেম্পক লক্ষ্য কৰি লোৱাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। এই বন্দুকবোৰৰ গুলীৰ শক্তি আৰু সঠিকতাই শত্ৰুৰ বাংকাৰবোৰ ধ্বংস কৰি পেলাবলৈ সক্ষম হৈছিল। বফৰ্চে ভাৰতীয় সেনাক শত্ৰুৰ স্থানত অবিৰতভাৱে আৰু সঠিকভাৱে গুলীচালনা কৰাত সহায় কৰিছিল।

মিগ-২১, মিগ-২৭ আৰু মিৰাজ-২০০০ যুদ্ধ বিমান

কাৰ্গিল যুদ্ধত ভাৰতীয় বায়ুসেনাই প্ৰথমবাৰৰ বাবে মিৰাজ-২০০০ বিমান ব্যৱহাৰ কৰিছিল। এই বিমানসমূহে লেজাৰ নিৰ্দেশিত বোমা নিক্ষেপ কৰি শত্ৰুৰ লক্ষ্য ধ্বংস কৰিছিল। বোমা বিস্ফোৰণ আৰু স্থল সমৰ্থনত মিগ-২১ আৰু মিগ-২৭ বিমানেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মিৰাজ-২০০০ৰ সঠিকতা আৰু অধিক উচ্চতাত উৰণৰ ক্ষমতাই যুদ্ধৰ গতিপথ সলনি কৰিছিল । ইয়াৰ সহায়ত টাইগাৰ হিল, টললিং, মুছকোহৰ দৰে শত্ৰুৰ লক্ষ্যক ভেদ কৰিবলৈ সক্ষম হৈছিল।

মিৰাজ-২০০০ যুদ্ধ বিমান

5.56 mm INSAS ৰাইফল

ভাৰতীয় সেনাৰ জোৱানসকলৰ হাতত সেই সময়ত নতুনকৈ অহা INSAS (Indian Small Arms System) ৰাইফল আছিল। এই ৰাইফলবোৰ আছিল লঘু, সঠিক আৰু স্বয়ংক্ৰিয়ভাৱে গুলী চলাব পৰা। সুউচ্চ অঞ্চলত ইয়াৰ ব্যৱহাৰ সৈনিকসকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ল।

AK-47 আৰু LMG (Light Machine Gun)

ভাৰতীয় সেনাৰ একাংশ জোৱানৰ হাতত AK-47 ৰাইফলো আছিল, যিবোৰ শত্ৰুৰ বিৰুদ্ধে ঘনিষ্ঠ যুদ্ধত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। ইয়াৰ উপৰিও শত্ৰুৰ অৱস্থান দমন কৰিবলৈও LMG ব্যৱহাৰ কৰা হৈছিল।

মৰ্টাৰ আৰু গ্ৰেনেড লঞ্চাৰ

৮১ mm আৰু ১২০ mm মৰ্টাৰ ব্যৱহাৰ কৰি পাকিস্তানী বাংকাৰ আৰু পোষ্ট ধ্বংস কৰা হৈছিল। শত্ৰুৰ লুকাই থকা অঞ্চলক গ্ৰেনেড লঞ্চাৰে লক্ষ্য কৰি লোৱা হয়।

এণ্টি টেংক গাইডেড মিছাইল

ভাৰতীয় সেনাই শত্ৰুৰ বাংকাৰ আৰু পোষ্ট ধ্বংস কৰিবলৈও এণ্টি টেংক গাইডেড মিছাইল ব্যৱহাৰ কৰিছিল। এই ক্ষেপণাস্ত্ৰই শত্ৰুৰ শক্তিশালী স্থান ভাঙি পেলোৱাত সহায় কৰিছিল।

স্নাইপাৰ ৰাইফল

ভাৰতীয় সেনাইও সুউচ্চ পাহাৰত অৱস্থান লোৱা শত্ৰুক প্ৰত্যুত্তৰ দিবলৈ স্নাইপাৰ ৰাইফল ব্যৱহাৰ কৰিছিল। ইয়াৰ দ্বাৰা শত্ৰুৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ সৈনিকসকলক লক্ষ্য কৰি লোৱা হৈছিল।

পিনাকা মাল্টি বেৰেল ৰকেট লঞ্চাৰ

এই ব্যৱস্থাই শত্ৰুৰ কেম্পক ধ্বংস কৰিছিল। পিনাকাই ১৬১টা ৰকেট নিক্ষেপ কৰিবলৈ সক্ষম হৈছিল। ৪০ কিলোমিটাৰ পৰ্যন্ত দূৰত্ব সামৰি লৈছিল। ইয়াক অতি কম ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ প্ৰদৰ্শন অতি উত্তম আছিল। কিন্তু কাৰ্গিল যুদ্ধ বুলিলে পিনাকাৰ চৰ্চা খুব কম হয়।

পিনাকা মাল্টি বেৰেল ৰকেট লঞ্চাৰ

তদুপৰি কাৰ্গিল যুদ্ধত অস্ত্ৰ-শস্ত্ৰৰ উপৰিও ভাৰতীয় সেনাই যোগাযোগ সঁজুলি, নৈশ দৃষ্টিৰ যন্ত্ৰ, উপগ্ৰহৰ চিত্ৰ আদিৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত শত্ৰুৰ অৱস্থান ধৰা পেলোৱা আৰু কৌশল তৈয়াৰ কৰাত সহায়ক হৈছিল।

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক