বৰফ গলিছে, শুভ্ৰ কাঞ্চনজংঘাৰ শিখৰত জিলিকিছে ক’লা শিলাখণ্ড

চিন্তাত পেলোৱা ধৰণৰ এখন ছবি পোহৰলৈ আহিছে কাঞ্চনজংঘাৰ । হিমালয়ৰ তৃতীয় সু-উচ্চ শৃংগ, যিটো বছৰৰ সকলো সময়তে বৰফাবৃত হৈ থাকে । সেই কাঞ্চনজংঘাত এতিয়া বৰফ নাই, দেখা গৈছে মাত্ৰ ক'লা শিলাখণ্ড ।

বৰফ গলিছে, শুভ্ৰ কাঞ্চনজংঘাৰ শিখৰত জিলিকিছে কলা শিলাখণ্ড

কাঞ্চনজংঘা

Updated On: 

30 May 2025 15:21 PM

ব্যস্ততাপূৰ্ণ জীৱনত দুই-তিনিদিনৰ বাবে একেলগে ছুটী পালে আপোনাৰো নিশ্চয় মন যায় ফুৰিবলৈ যাব । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাইলৈ গৈ কিছু মানসিক প্ৰশান্তি লভিবলৈ আপুনিও নিশ্চয় ইচ্ছা কৰে । বহুতেই ভাল পায় পাহাৰীয়া অঞ্চলত ঘূৰি-ফুৰি । কাঞ্চনজংঘাও পৰ্যটকৰ অন্যতম আকৰ্ষণৰ থল ।

“মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰ শিৰ ময়ে অভ্ৰভেদি বীৰ…” মনত আছে নিশ্চয় কবিতাটো । কিন্তু এতিয়া যেন ক্ৰমে হেৰাই গৈছে কাঞ্চনজংঘাৰ সেই তুষাৰ শুভ্ৰ শিৰ । শেহতীয়াকৈ প্ৰকাশিত এখন ছবিয়ে চিন্তাত পেলাইছে সকলোকে । বহুতৰে মনত প্ৰশ্ন উঠিছে এয়া শুভ্ৰ কাঞ্চনজংঘা নে কালাপাহাৰ ।

চিন্তাত পেলোৱা ধৰণৰ এখন ছবিয়েই পোহৰলৈ আহিছে কাঞ্চনজংঘাৰ । হিমালয়ৰ তৃতীয় সু-উচ্চ শৃংগ, যিটো বছৰৰ সকলো সময়তে বৰফাবৃত হৈ থাকে । সেই কাঞ্চনজংঘাত এতিয়া বৰফ নাই, দেখা গৈছে মাত্ৰ ক’লা শিলাখণ্ড ।

শুকুলা কাঞ্চনজংঘাৰ এই ৰূপ বহুতেই সহিব পৰা নাই । পৃথিৱীৰ তৃতীয় সু-উচ্চ শৃংগত কি অভাৱ ঘটিছে বৰফৰ ? ৩০ মে’ত গেংটকৰ পৰা এগৰাকী বিশেষজ্ঞই কেমেৰাত বন্দী কৰা ফটো-ভিডিঅ’ই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । সেই ফটো আৰু ভিডিঅ’ত দেখা গৈছে কাঞ্চনজংঘা শৃংগত বৰফৰ শুকুলা আৱৰণৰ কেইডালমান ৰেখা আছে । বাকী অংশ সম্পূৰ্ণ ক’লা শিলাখণ্ড । কাঞ্চনজংঘাৰ বৰফবোৰ গলি গ’ল নেকি?

বিশেষজ্ঞৰ মতে, জলবায়ু পৰিৱৰ্তনৰ ফলতেই দ্ৰুতভাৱে গলিছে বৰফ । এইদৰে হৈ থাকিলে পাহাৰীয়া নদীৰ পানীৰ পৰিমাণ হ্ৰাস পাব । উত্তৰ বংগ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পানীৰ অন্যতম উৎস এই নদীসমূহ । পানী কম হৈ গ’লে সমতলৰ মানুহ ব্যাপক সমস্যাত পৰিব ।

গোলকীয় উষ্ণতাক লৈ দীৰ্ঘদিন ধৰি আলোচনা-বিলোচনা চলি থকা দেখা গৈছে । সেয়া কেৱল উদ্বেগতে সীমাবদ্ধ হৈ থকা নাই । যদি কাঞ্চনজংঘাৰ দৰে সুউচ্চ শৃংগত বৰফ গলি যায়, তেন্তে আগন্তুক সময়ত পৰিস্থিতি কিমান ভয়ানক হ’ব ই এক চিন্তাৰ কাৰণ ।

হাড় শক্তিশালী কৰিবলৈ কি খাব লাগে? সবিশেষ জানক
দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?