চিৰদিনলৈ চকু মুদিলে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনে
বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকী কিডনী সম্পৰ্কীয় সমস্যাৰ উপৰিও আন বহু স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

শিবু ছোৰেনৰ মৃত্যু
ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ পিছত আজি চিৰদিনলৈ চকু মুদে বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে। বিগত কিছুদিনৰ পৰা তেওঁ দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাতে আজি শেষ নিশ্বাস ত্যাগ কৰে। শিবু ছোৰেনৰ মৃত্যুৰ এই তথ্য প্ৰকাশ কৰিছে তেওঁৰ পুত্ৰ তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে।
প্ৰকাশিত খবৰ অনুসৰি আজি পুৱা ৮:৪৮ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু ঘটে। বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকী কিডনী সম্পৰ্কীয় সমস্যাৰ উপৰিও আন বহু স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা পুত্ৰ হেমন্ত ছোৰেনে সামাজিক মাধ্যম যোগে পিতৃৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে। এক পোষ্টত পিতৃৰ মৃত্যুৰ বাতৰি ৰাজহুৱা কৰি তেওঁ কয়, “শ্ৰদ্ধাৰ দিশোম গুৰুজীয়ে আমাক সকলোকে এৰি থৈ গৈছে। আজি মই শূন্য হৈ পৰিছো।”
आदरणीय दिशोम गुरुजी हम सभी को छोड़कर चले गए हैं।
आज मैं शून्य हो गया हूँ…
— Hemant Soren (@HemantSorenJMM) August 4, 2025
জানিব পৰা মতে, যোৱা ২৪ জুনত শিবু ছোৰেনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ঝাৰখণ্ডৰ ৰাজ্য গঠন আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল শিবু ছোৰেনে। অনুৰাগীৰ মাজত ‘গুৰুজী’ হিচাপে পৰিচিত শিবু ছোৰেনে তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ এবাৰো কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।
শিবু ছোৰেনে ২০০৫ চনত ঝাৰখণ্ডৰ তৃতীয় মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। অৱশ্যে প্ৰথম কাৰ্যকালত তেওঁ মাত্ৰ ১০ দিন মুখ্যমন্ত্ৰীৰ আসনত আছিল। ইয়াৰ পিছত ২০০৮ চনত দ্বিতীয় কাৰ্যকালত প্ৰায় এবছৰ আৰু তৃতীয় কাৰ্যকালত কেইমাহমান মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল শিবু ছোৰেনে।
ঝাৰখণ্ডৰ ৰাজ্যিক ৰাজনীতিৰ লগতে কেন্দ্ৰীয় ৰাজনীতিতো সফল হৈছিল শিবু ছোৰেন। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা শিবু ছোৰেনে পিছত ১৯৮৬, ১৯৮৯, ১৯৯১ আৰু ১৯৯৬ চনত ধাৰাবাহিকভাৱে জয়লাভ কৰে। ইয়াৰ পিছত ২০০৪, ২০০৯ আৰু ২০১৪ চনতো তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল।
ইয়াৰ উপৰিও শিবু ছোৰেনে কেন্দ্ৰৰ নৰসিংহ ৰাও আৰু মনমোহন সিং চৰকাৰ মন্ত্ৰীসভাতো স্থান লাভ কৰিছিল। তেওঁ তিনিবাৰ কেন্দ্ৰত কয়লা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতিষ্ঠা কালৰে পৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতিৰ দায়িত্ব পালন কৰি অহাৰ পিছত চলিত বৰ্ষৰ ১৫ এপ্ৰিলত তেওঁ দলৰ সভাপতি আসন ত্যাগ কৰিছিল।