নৃশংস! শ্বহীদ জোৱানৰ পেটত সংৰোপন কৰিছিল বোমা, গ্ৰেপ্তাৰ ৪ মাওবাদী…

ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ জনকৈ মাওবাদীক। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত এজন কুখ্যাত মাওবাদী আছে যিয়ে এজন শ্বহীদ জোৱানৰ পেটত বোমা সংৰোপন কৰিছিল।

নৃশংস! শ্বহীদ জোৱানৰ পেটত সংৰোপন কৰিছিল বোমা, গ্ৰেপ্তাৰ ৪ মাওবাদী...

গ্ৰেপ্তাৰ ৪ জন

Published: 

15 Jul 2025 09:10 AM

শেহতীয়াকৈ ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ জনকৈ নক্সালবাদীক। কিছুদিন পূৰ্বে ঝাৰখণ্ডস্থিত চেণ্ট্ৰেল ক’লফিল্ডছ লিমিটেডৰ এজন কৰ্মচাৰীক ১ কোটি টকা মুক্তিপণৰ দাবী কৰিছিল। এই গোচৰত মাওবাদী ক’ৱেল-শাংখ জ’ন কমিটীৰ নাম পোহৰলৈ আহিছিল। এতিয়া এই গোচৰতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪ জনকৈ মাওবাদীক। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে যোগেন্দ্ৰ গাঞ্জু ওৰফে পৱন গাঞ্জু। এই কুখ্যাত অপৰাধীজনেই এজন শ্বহীদ জোৱানৰ পেট ফালি বোমা সংস্থাপন কৰিছিল।

মাওবাদী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ ৰাঞ্চিৰ এছ এছ পি চন্দন কুমাৰ সিনহাই এটা বিশেষ দল গঠন কৰিছিল। পাছত গোপন তথ্যৰ ভিত্তিত খালাৰী থানা এলেকাৰ বাক্ষী বাংলা চট্টি নদী অঞ্চলত গ্ৰেপ্তাৰ হয় ৪ জন। এই কেইজন ক্ৰমে- যোগেন্দ্ৰ গাঞ্জু ওৰফে পৱন গাঞ্জু, মুকেশ গাঞ্জু, ৰাজকুমাৰ নাহক আৰু মনু গাঞ্জু। এই মাওবাদী কেইজনৰ পৰা আৰক্ষীয়ে এটা লোডেড দেশীয় পিষ্টল, তিনিটা সজীৱ কাৰ্টিজ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে।

২৫ জুনত ধন দাবী

২০২৫ চনৰ ২৫ জুনত সংঘটিত হৈছিল এক ধন দাবীৰ ঘটনা। চি চি এলৰ জেনেৰেল মেনেজাৰৰ কাৰ্যালয়ত কৰ্মৰত এজন কৰ্মচাৰীক চি পি আই মাওবাদী সংগঠনৰ নামত ১ কোটি টকা ধন দাবী কৰিছিল। এই সন্দৰ্ভত ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত এই গোচৰৰ তদন্ত কৰিবলৈ আৰক্ষীয়ে এখন বিশেষ কমিটী গঠন কৰে আৰু পাছত গ্ৰেপ্তাৰ হয় ৪ জন।

যোগেন্দ্ৰ গাঞ্জু ওৰফে পৱন গঞ্জু কোন?

কুখ্যাত মাওবাদী যোগেন্দ্ৰ গাঞ্জু ওৰফে পৱন গঞ্জুৰ বিৰুদ্ধে ঝাৰখণ্ডৰ বহু কেইখন আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে। তেওঁৰ বিৰুদ্ধে বহু জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে। ২০১৩ চনত লাতেহাৰৰ গাৰু থানা এলেকাৰ কাটিয়া বনাঞ্চলত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছিল। সেই সময়ত এজন জোৱান শ্বহীদ হৈছিল। তেতিয়া সেই জোৱানৰ পেটৰ ভিতৰত এইজন যোগেন্দ্ৰই বোমা সংস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, যোগেন্দ্ৰই জোৱানজনৰ পেট ফালি বোমাটো ৰোপন কৰিছিল।

২০০৬ চনত পৱন গাঞ্জুৱে গাৰু-ছাৰ্যু অঞ্চলৰ এলেকা কমাণ্ডাৰ হয়। ২০০৯ চনত তেওঁ ছাব-জোনেল কমাণ্ডাৰ হয়। ২০১২ চনত এই কুখ্যাত অপৰাধীজন গ্ৰেপ্তাৰ হৈছিল আৰু সংগঠনটোৰ পৰা আঁতৰি আহিছিল। কিন্তু আৰ্থিক সমস্যাৰ বাবে তেওঁ পুনৰ সংগঠনটোত যোগদান কৰে। তাৰ পাছত তেওঁ ব্যৱসায়ী, ঠিকাদাৰ, কয়লা ব্যৱসায়ীৰ পৰা ধন দাবী কৰিবলৈ আৰম্ভ কৰে।

 

অন্য খবৰ পঢ়কঃ বিশ্বৰ সবাতোকৈ বয়সীয়াল এথলীট ফৌজা সিঙৰ ১১৪ বছৰ বয়সত মৃত্যু…

Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?
সাৱধান! এইসকল লোকে ভুলতো নাখাব কণী, জানক...