ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে যোগদান কৰিব বিজেপিত

চম্পাই ছোৰেনে বিজেপিত যোগদান কৰিব। চম্পাই ছোৰেন ঝাৰখণ্ডৰ এগৰাকী জনপ্ৰিয় আদিবাসী নেতা। ঝাৰখণ্ডক পৃথক ৰাজ্য কৰাৰ ক্ষেত্ৰত চম্পাই ছোৰেনৰ অৱদান মনকৰিবলগীয়া।

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে যোগদান কৰিব বিজেপিত

চম্পাই ছোৰেন

Updated On: 

27 Aug 2024 | 09:00 AM

ঝাৰখণ্ডৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে। শৰ্মাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ আদিবাসী নেতা চম্পাই ছোৰেনে যোগদান কৰিব বিজেপিত। কিছু সময়ত পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত হোৱা সাক্ষাতৰ পাছতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চম্পাই ছোৰেনে ৩০ আগষ্টত বিজেপিত যোগদান কৰিব।

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ নৱেম্বৰ মাহত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱণা আছে। তেনে ক্ষেত্ৰত চম্পাই ছোৰেনৰ বিজেপিত যোগদান জে এম এমৰ বাব ডাঙৰ ক্ষতি।  বিগত কেইটামান দিনৰ পৰা চম্পাই ছোৰনৰ জে এম এম (ঝাৰখণ্ড মুক্তি মৰ্চা) লগত সম্পৰ্ক ঠিক নাছিল। শেহতীয়াকৈ চম্পাই ছোৰেনে দলত অপমানিত হোৱাৰ কথাও উল্লেখ কৰিছিল। তেওঁ কৈছিল যে,যোৱা তিনিদিনত যি অপমানৰ সন্মুখীন হৈছো তাৰ পাছত মই চকুলো নিয়ন্ত্ৰণ কৰিব পৰা নাই।  তেওঁলোকৰ মূল লক্ষ্য আছিল কেৱল চকীখন। মোৰ এনে লাগিছিল সেই দলটোত মোৰ কোনো অস্তিত্ব নাই। কিন্তু সেই দলটোৰ প্ৰতি মই মোৰ সকলো সমৰ্পন কৰিছিলো। আৰু বহু অপমানজনক ঘটনা সংঘটিত হৈছে কিন্তু সেয়া মই উল্লেখ কৰিব বিচৰা নাই। ইমান অপমানৰ পাছত বিকল্প  পথ বিচাৰিবলৈ বাধ্য হ’লোঁ।

ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই চম্পাই ছোৰেনৰ হৈ মাত মাতিছিল। শৰ্মাই কৈছিল যে চম্পাই ছোৰেনৰ লগত যি হৈছে সেয়া ঠিক হোৱা নাই।  জেএমএম আৰু কংগ্ৰেছ দলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা এজন জ্যেষ্ঠ জনজাতীয় নেতাক অপসাৰণ কৰা দুখজনক। মই নিশ্চিত যে ঝাৰখণ্ডৰ ৰাইজে এই কাৰ্যক তীব্ৰ গৰিহণা দি দৃঢ়তাৰে নাকচ কৰিব”।

উল্লেখ্য যে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন জেললৈ যোৱাৰ পাছতেই ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰিছিল চম্পাই ছোৰেনে। কিন্তু যেতিয়া হেমন্ত ছোৰেন জেলৰ পৰা উভতি আহে, তেতিয়া চম্পাই ছোৰনক আঁতৰাই পুনৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰে। ইয়াকে লৈ কিছু ক্ষোভিত আছিল চম্পাই ছোৰেন। কিছুদিন পূৰ্বে চম্পাই ছোৰেন দিল্লীলৈ যোৱাৰ সময়ত অনুমান কৰা  হৈছিল যে তেওঁ বিজেপিত যোগদান কৰিব।

এতিয়া সকলো জল্পনা- কল্পনাৰ অৱকাশ ঘটাই ঘোষণা কৰা হ’ল যে চম্পাই ছোৰেনে বিজেপিত যোগদান কৰিব। চম্পাই ছোৰেন ঝাৰখণ্ডৰ এগৰাকী জনপ্ৰিয় আদিবাসী নেতা। ঝাৰখণ্ডক পৃথক ৰাজ্য কৰাৰ ক্ষেত্ৰত চম্পাই ছোৰেনৰ অৱদান মনকৰিবলগীয়া। এইবোৰ কাৰণতেই চম্পাই ছোৰেনক ‘ঝাৰখণ্ডৰ বাঘ’ বুলি কোৱা হয়। এইগৰাকী নেতাই বিজপিত যোগদান কৰাৰ ফলত আগন্তুত নিৰ্বাচনত কাৰ ওপৰত কি প্ৰভাৱ পৰে সেয়া হ’ব লক্ষণীয়।

ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
পূৰণ হ'ব সকলো মনৰ ইচ্ছা! এই ৫টা উপায়ে সন্তুষ্ট কৰক হনুমানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?