সন্ত্ৰাসবাদীৰ ঘৰত বুলড’জাৰ! ভাঙি পেলোৱা হ’ল দিল্লী বিস্ফোৰণৰ অভিযুক্ত ডাঃ ওমৰৰ বাসগৃহ…

দিল্লীৰ বিস্ফোৰণ কাণ্ডত ডাঃ ওমৰৰ নাম পোহৰলৈ আহিছে। যিয়ে জৈছ-ই-মহম্মদৰ সৈতে মিলি সন্ত্ৰাসবাদী কাৰ্যকলাৰ ষড়যন্ত্ৰ ৰচা বুলি অভিযোগ উত্থাপন হৈছে। এতিয়া আৰক্ষীয়ে ওমৰৰ ঘৰ ধ্বংস কৰে।

সন্ত্ৰাসবাদীৰ ঘৰত বুলডজাৰ! ভাঙি পেলোৱা হল দিল্লী বিস্ফোৰণৰ অভিযুক্ত ডাঃ ওমৰৰ বাসগৃহ...

ওমৰৰ ঘৰ ধ্বংস

Published: 

14 Nov 2025 08:42 AM

সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণ ঘটনা। য’ত ১৩ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। এই ঘটনাত জড়িত আছিল জম্মু-কাশ্মীৰৰ বাসিন্দা ডাঃ ওমৰ নবী। বাহনখনত তেওঁ নিজেই বিস্ফোৰণ কৰিছিল। এতিয়া তদন্তত পোহৰলৈ আহিছে যে, দীৰ্ঘদিন ধৰি ওমৰে এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰ আৰক্ষীয়ে ভাঙি পেলাই ওমৰৰ ঘৰ।

লালকিল্লাৰ সমীপত বোমা বিস্ফোৰণ হোৱাৰ পাছতে আৰক্ষীয়ে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত অভিযান চলায়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, এই বিস্ফোৰণ ওমৰে সংঘটিত কৰিছিল। ইয়াৰোপৰি তেওঁলোকে প্ৰায় ২ বছৰ ধৰি এই বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ওমৰৰ মাতৃ আৰু ভাতৃক।

 

আৰক্ষীৰ জেৰাত ওমৰৰ মাতৃয়ে কৈছে যে, তেওঁ জানিছিল পুত্ৰ সন্ত্ৰাসবাদৰ পিনে ঢাল খোৱা বুলি। কিয়নো দিনে দিনে তেওঁ সলনি হৈ পৰিছিল। কাৰো লগত কথা পতা নাছিল। ঘৰৰ মানুহক ফোন কৰিবলৈ বাধা দিছিল। অৱশ্যে এই কথা ওমৰৰ পৰিয়ালে কেতিয়াও আৰক্ষীক অৱগত কৰা নাছিল।

বিস্ফোৰণ সংঘটিত হোৱা বাহনখনত যে ওমৰ আছিল সেয়া প্ৰায় নিশ্চিত হৈছে। কিয়নো ওমৰৰ DNA মাতৃৰ DNA ৰ সৈতে মিল খাইছে। ওমৰ মহম্মদ পেছাত চিকিৎসক আছিল। তেওঁ জয়ছ-ই-মহম্মদ মডিউলৰ সৈতে জড়িত আছিল। এই বিস্ফোৰণৰ পূৰ্বে আৰক্ষীয়ে প্ৰায় ৩ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী আৰু ওমৰৰ দলৰ কেইবাজনক গ্ৰেপ্তাৰ কৰিছিল।

সম্প্ৰতি সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত চলি আছে। তদন্তকাৰী বিষয়াই তথ্য উলিওৱাৰ চেষ্টা কৰি আছে যে তেওঁলোকে আৰু ক’ত ক’ত বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। গতিকে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ সাংসদ পিতৃৰ VIP বাহন ব্যৱহাৰ, মেঘালয় আৰক্ষীৰ ৰোষত ৰকি পুত্ৰ তাঞ্জিল হুচেইন…

দক্ষিণ আফ্ৰিকা শৃংখলাৰ প্ৰাকক্ষণত অনুৰাগীলৈ ডাঙৰ খবৰ, প্ৰত্যাৱৰ্তন ঘটিব ৰোহিত শৰ্মাৰ!
কিয় যমুনাৰ পানী ঘৰত ৰখা নহয়, ইয়াৰ আঁৰৰ কাৰণ জানি হ'ব আচৰিত!
স্বামীৰ ভাগ্য উদয় হ’ব এই ৫ টা ৰাশিৰ কন্যা বিয়া পাতিলে!
শচীন, কোহলী, দ্ৰাবিড়ৰ সৈতে একে ক্লাবত গিল; দক্ষিণ আফ্ৰিকাৰ বিপক্ষে শৃংখলাতে পাব ডাঙৰ সুযোগ