দেশত বান ,ভূমিস্খলনৰ বিধ্বংসী ৰূপ! ব্যাহত জনজীৱন, জম্মুত মৃত্যুৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি…
বৰষুণ, বান আৰু ভূমিস্খলনে ব্যাহত কৰিছে দেশৰ পাঁচখন ৰাজ্যৰ জনজীৱন। এই পৰ্যন্ত জম্মু-কাশ্মীৰত ৪১ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে ৩৪ জন লোকৰ মৃত্যু হৈছে বৈষ্ণো দেৱী পথত হোৱা ভূমিস্খলনত। হিমাচল প্ৰদেশত ৫৮৪ টা পথ বন্ধ থকাৰ বিপৰীতে পঞ্জাৱত ৩০ আগষ্টলৈকে বন্ধ বিদ্যালয় ।

দেশত বৰষুণ,ভূমিস্খলনৰ বিধ্বংসী ৰূপ!
বৰষুণ, বান আৰু ভূমিস্খলনে দেশৰ ৫ খন ৰাজ্যত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। জম্মু-কাশ্মীৰত ৪১ জনলৈ বৃদ্ধি পাইছে বৰষুণ আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা। একে সময়তে বৰষুণ আৰু ভূমিস্খলনৰ বাবে হিমাচলৰ ১০খন জিলাৰ ৫৮৪ টা পথ বন্ধ হৈ পৰিছে। পঞ্জাৱৰ বিদ্যালয়সমূহত ৩০ আগষ্টলৈকে বন্ধ ঘোষণা কৰা হৈছে। উত্তৰ প্ৰদেশৰো ১৭খন জিলাৰ ৬৮৮খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ছত্তীশগড়ৰ বস্তৰ অঞ্চলৰ চাৰিখন জিলাত ধাৰাসাৰ বৰষুণ আৰু কৃত্ৰিম বানৰ ফলত ৫ জন লোকৰ মৃত্যু হয়।
দুদিন ধৰি জম্মু-কাশ্মীৰত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বিগত ৪৮ ঘণ্টাত মৃত্যুৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৩৪ জন লোকৰ বৈষ্ণো দেৱী পথত হোৱা ভূমিস্খলনৰ ফলত মৃত্যু হয় । বিষয়াসকলে জনোৱা মতে, নিহতসকলৰ ভিতৰত আছে ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু মহাৰাষ্ট্ৰৰ লোক। জম্মুত ২৪ ঘন্টাত ৩৮০ মিলিমিটাৰ বৰষুণ হোৱাৰ অভিলেখ স্থাপন কৰিছে। অনন্তনাগ আৰু শ্ৰীনগৰত ঝিলাম নদীয়ে বিপদসীমা অতিক্ৰম কৰি বহু আৱাসিক আৰু বাণিজ্যিক অঞ্চল বুৰাই পেলায়। জানিব পৰা মতে, বানাক্ৰান্ত অঞ্চলৰ পৰা ১০ হাজাৰৰো অধিক লোকক নিৰাপদে উলিয়াই অনা হৈছে।
ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিসাধন হৈছে দলং, পথ আৰু আৱাসগৃহৰ । জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাৰ লগতে ৰে’ল যাতায়ততো ক্ষতিগ্ৰস্ত হৈছে। উত্তৰ ৰে’লৱে ৫৮খন ৰে’ল বাতিল কৰাৰ লগতে আধাবাটতে ৬৪খন ৰে’ল ৰখাব লগা হয়। ইফালে পৰিস্থিতিৰ পৰ্যালোচনা কৰি সাহায্যৰ কাম ক্ষিপ্ৰ কৰা হৈছে জনাইছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। বহু জিলাত এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে নদীসমূহ।
নেৰানেপেৰা বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে ওড়িশাৰ জীৱন । দক্ষিণ ভাৰতত কৰ্ণাটক আৰু তেলেংগানাৰ বহু অঞ্চলত মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে। তেলেংগানাৰ নিম্নভূমি অঞ্চলত পানী জমা হোৱাৰ বাবে জনসাধাৰণ হাৰাশাস্তিৰ সন্মুখীন বিপৰীতে বেংগালুৰুকে ধৰি কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত যাতায়ত স্তব্ধ হৈ পৰিছে। ইয়াৰ মাজত ৩০ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
দিল্লীত বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনা
আগষ্ট মাহত এইবাৰ দিল্লীত বৰষুণৰ পৰিমাণে সৃষ্টি কৰিছে অভিলেখ । য’ত স্বাভাৱিকতকৈ ৬০% অধিক বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। বুধবাৰে নিশা ৮ বজালৈকে যমুনাৰ জলপৃষ্ঠ ২০৫.৩৫ মিটাৰত উপনীত হয়, যিটো বিপদসীমাৰ ওপৰত।
হিমাচল প্ৰদেশৰ ১০খন জিলাৰ ৫৮৪টা পথ বন্ধ
বৰষুণ আৰু ক্ষতিগ্ৰস্ত পথৰ বাবে স্থগিত ৰখা হৈছে মণিমহেশ যাত্ৰা। যাৰ ফলত চাম্বাত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ ভক্ত। এই পৰ্যন্ত ৩,২৬৯ গৰাকী তীৰ্থযাত্ৰীক এন ডি আৰ এফে নিৰাপদে উদ্ধাৰ কৰে। ৰাজ্যৰ ১২খন জিলাৰ ভিতৰত ১০খন জিলাত মুঠ ৫৮৪টা পথ বন্ধ হৈ আছে। বিয়াছ নদীৰ বানৰ ফলত মানালীত ব্যাপক ধ্বংসলীলা হোৱাৰ লগতে মোবাইলৰ সংযোগতো বিঘিনি ঘটে।
পঞ্জাৱতো বৰষুণৰ ধ্বংসলীলা
ধাৰাবাহিক বৰষুণৰ ফলত ভয়াৱহ হৈ পৰিছে পঞ্জাৱৰ বান পৰিস্থিতি । এনডিআৰ এফ আৰু সেনাই উদ্ধাৰ অভিযানত নিয়োজিত হৈছে। পাঠানকোটৰ মাধোপুৰ বেৰেজত নিয়োজিত ৬০জন বিষয়াক বিমানেৰে লৈ যায় বায়ুসেনাই। গুৰদাসপুৰ জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত আৱদ্ধ হৈ থকা ৩৮১ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৭০ গৰাকী শিক্ষককো নিৰাপদে উলিয়াই অনা হয়। ৰাজ্য চৰকাৰে ২৭ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বিদ্যালয়ত বন্ধ ঘোষণা কৰিছে। আগন্তুক ২৪ ঘণ্টাৰ বাবে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে পঞ্জাৱত।
প্ৰয়াগৰাজত বিপদৰ সীমাৰ ওপৰত আছে গংগা
প্ৰয়াগৰাজৰ গংগা-যমুনাৰ জলপৃষ্ঠই বিপদৰ সীমা অতিক্ৰম কৰিছে। ক্ষতিগ্ৰস্ত হৈছে ১৭ খন জিলাৰ ৬৮৮ খন গাঁও। এই পৰ্যন্ত ২.৪৫ লাখতকৈ অধিক লোক আৰু ৩০ হাজাৰ গৰু-ম’হ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।
ছত্তীশগড়ৰ বাষ্টাৰত ৫জন নিহত
ছত্তীশগড়ৰ বাস্তৰ অঞ্চলৰ চাৰিখন জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু কৃত্ৰিম বানত ৫ জন লোকৰ মৃত্যু হৈছে। দুহেজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে। শ শ ঘৰৰ ক্ষতিসাধন হৈছে।
তেলেংগানা আৰু কৰ্ণাটকত বান
তেলেংগানাৰ বহু জিলাত বৰষুণৰ ফলত নিম্নভূমি ডুব গৈছে। দেৱাল ভাঙি মৃত্যু হয় এজন লোকৰ। ধাৰাসাৰ বৰষুণৰ ফলত কৰ্ণাটকৰ বেংগালুৰুকে ধৰি বহু ঠাইত যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে জীৱন যাপন ব্যাহত হৈ পৰিছে। সামগ্ৰিকভাৱে উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ বৰষুণ আৰু বানপানীয়ে সমগ্ৰ দেশৰ জীৱনত বেয়া প্ৰভাৱ পেলাইছে। ইফালে নিৰন্তৰভাৱে অব্যাহত আছে সাহায্য আৰু উদ্ধাৰ অভিযান।