জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ৩ জন

জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। এই সংঘৰ্ষত নিহত হৈছে তিনি সন্ত্ৰাসবাদী ।

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ৩ জন

ভাৰতীয় সেনা

Updated On: 

13 May 2025 13:47 PM

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে। বহু ঠাইত এতিয়াও নিৰাপত্তাবাহিনীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। সোমবাৰে সন্ধিয়া পাকিস্তানী ড্ৰোন দেখাৰ পিছত মঙলবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, প্ৰথম অৱস্থাত ২ৰ পৰা ৩জন সন্ত্ৰাসবাদীক ঘেৰাও কৰি অভিযান আৰম্ভ কৰিছিল ভাৰতীয় সেনাই। অভিযানত ভাৰতীয় সেনাৰ গুলীত এজন সন্ত্ৰাসবাদী থিতাতে নিহত হোৱাৰ বিপৰীতে দুঘণ্টীয়া দীঘলীয়া অভিযানৰ অন্তত সেনাৰ গুলীত বাকী দুজন সন্ত্ৰাসবাদীয়ো নিহত হয় বুলি জানিব পৰা গৈছে ।

অপাৰেচন সেন্দূৰৰ পিছতে জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীক নিঃশেষ কৰাৰ বাবে সেনাই অভিযান আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে চলোৱা অভিযানৰ সময়ত মঙলবাৰে নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয়। এই সময়ত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা হয়। সেনাবাহিনীৰ গুলীত নিহত হৈছে ৩জন সন্ত্ৰাসবাদী। বৰ্তমানে সেই অঞ্চলত চলি আছে অনুসন্ধান অভিযান। আটাইকেইজন সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰখা সন্ত্ৰাসবাদীয়ে সেনা জোৱানক দেখাৰ লগে লগে গুলীচালনা আৰম্ভ কৰে। অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰাপত্তাবাহিনীয়ে ইনপুট লাভ কৰিছিল। ইয়াৰ পাছতে নিৰাপত্তাবাহিনীয়ে আৰম্ভ কৰিছিল অভিযান।

Related Stories
আঠবাৰ ভাৰত আক্ৰমণ কৰা ব্যক্তিৰ নামেৰে প্ৰতিযোগিতা, অৰ্ধশতকেৰে উজলিল দিল্লী কেপিটেলছৰ খেলুৱৈ
বিদায় পৰ্বত আৱেগিক CJI সঞ্জীৱ খান্নাঃ নিজ ভাষণত ক’লে প্ৰত্যাহ্বানজনক সময়ৰ কথা
পাকিস্তানক পুনৰ প্ৰদান কৰা হ’ব নেকি সিন্ধু জল চুক্তিৰ সুবিধা! বৈদেশিক মন্ত্ৰালয়ে ক’লে এইদৰে…
মোদীয়ে কিয় ক’লে ‘পাৰমাণৱিক ব্লেকমেইল’ৰ কথা! আক্ৰমণৰ ভাবুকি দিছিল নেকি পাকিস্তানে?
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানজনক মন্তব্য! অপাৰেচন সেন্দূৰৰ সৈতে জড়িত এইগৰাকী সাহসী নাৰীৰ বিৰুদ্ধে কি ক’লে বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহে?
‘ধ্বংসই হ’ব ভাৰতৰ ওপৰত আক্ৰমণৰ একমাত্ৰ পৰিণাম’, স্পষ্ট হুংকাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
হঠাতে ৰক্তচাপ কিয় বৃদ্ধি হয় ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? জানক
কোহলীৰ অৱসৰৰ দুখ! প্ৰেমানন্দ মহাৰাজৰ ওচৰত এনে অনুৰোধ জনালে অনুৰাগীয়ে…
মঙলবাৰৰ দিনটোত হনুমানক প্ৰসন্ন কৰাৰ ৫ টা আটাইতকৈ সহজ উপায়
অনিয়মিত মাহেকীয়াৰ সমস্যা কেনেকৈ দূৰ কৰিব!