জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ দুই সন্ত্ৰাসবাদী নিহত, শ্বহীদ দুই নিৰাপত্তাৰক্ষী
এই অভিযানৰ সময়ত চুবেদাৰ প্ৰভাত গৌৰ আৰু লেন্স নাইক নৰেন্দ্ৰ সিন্ধু নামৰ দুজন জোৱানে প্ৰাণ হেৰুৱায়। সংঘৰ্ষত এজন সেনা মেজৰো আহত হয়। অৱশ্যে বিষয়াগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।

কুলগামত অব্যাহত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ
জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। উপত্যকাটোৰ কুলগামত কালিৰে পৰা অব্যাহত আছে নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি পুৱাৰ পৰা নিৰাপত্তা বাহিনীয়ে পুনৰ কুলগামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। এই অভিযানৰ সময়ত এতিয়ালৈকে ২ জন সন্ত্ৰাসবাদী নিহত হৈছে। স্থানীয় এগৰাকী বিষয়াই সদৰী কৰা মতে, নিহত দুই সন্ত্ৰাসবাদীৰ ভিতৰত এজনক পাকিস্তানৰ নাগৰিক বুলি ধাৰণা কৰা হৈছে।
অভিযানৰ সময়ত ২ জন জোৱান শ্বহীদ হৈছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিছে। এই অভিযানত এগৰাকী সেনা মেজৰো আহত হোৱা বুলি খবৰ পোহৰলৈ আহিছে। প্ৰকাশিত খবৰ অনুসৰি, কুলগামৰ গুদ্দাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱা তথ্য লাভ কৰিছিল।
এই তথ্যৰ ভিত্তিত সোমবাৰে নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। এই তালাচী অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে। এই অভিযানৰ সময়ত চুবেদাৰ প্ৰভাত গৌৰ আৰু লেন্স নাইক নৰেন্দ্ৰ সিন্ধু নামৰ দুজন জোৱানে প্ৰাণ হেৰুৱায়।
সংঘৰ্ষত এজন সেনা মেজৰো আহত হয়। অৱশ্যে বিষয়াগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে। সেনাবাহিনীৰ কাশ্মীৰস্থিত চিনাৰ কৰ্পছে এক এক্স পোষ্ট যোগে কয়, “জাতিৰ সেৱা কৰাৰ সময়ত সৰ্বোচ্চ ত্যাগ কৰা সাহসী জোৱান চুবেদাৰ প্ৰভাত গৌৰ আৰু লেন্স নাইক নৰেন্দ্ৰ সিন্ধুক আমি শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ সাহস আৰু নিষ্ঠাই আমাক সদায় অনুপ্ৰাণিত কৰিব।”
ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰ আৰক্ষীৰ পৰা পোৱা চোৰাংচোৱাৰ ভিত্তিত সেনা, চি আৰ পি এফ আৰু আৰক্ষীয়ে যৌথভাৱে কুলগামৰ গুদ্দাৰ বনাঞ্চলত অভিযান চলাইছিল। ইফালে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী দুজনৰ এজন স্থানীয় লোক আৰু আনজন বিদেশী সন্ত্ৰাসবাদী বুলি কোৱা হৈছে।
নিহত এই পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীজকন ক’ড নাম ৰেহমান ভাই বুলি খবৰ প্ৰকাশ পাইছে। আৰক্ষী সঞ্চালক প্ৰধান নলিন প্ৰভাতে গুদ্দাৰৰ এনকাউণ্টাৰ স্থান পৰিদৰ্শন কৰি এই যৌথ অভিযানৰ প্ৰশংসা কৰে। বৰ্তমানো কুলগামত নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত থকা বুলি জানিব পৰা গৈছে।