কিয় নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিলে ISROৰ PSLV-C61 ৰকেট? অধ্যক্ষই ক’লে প্ৰকৃত কাৰণ…
ইছৰোৰ মেৰু উপগ্ৰহ উৎক্ষেপণ যান (PSLV)-C61 ৰকেটৰ তৃতীয় পৰ্যায়ত চাপ সম্পৰ্কীয় সমস্যাৰ বাবে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ EOS-09 উৎক্ষেপণত ব্যৰ্থ হয়। এই তথ্য দি ইছৰোৰ অধ্যক্ষই কয় যে দ্বিতীয় পৰ্যায়লৈকে সকলো স্বাভাৱিক আছিল, কিন্তু তৃতীয় পৰ্যায়ৰ পৰিচালনাত সমস্যাৰ সৃষ্টি হৈছিল।

PSLV C61
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ মেৰু উপগ্ৰহ উৎক্ষেপণ যান (PSLV)-C61 ৰকেট তৃতীয় পৰ্যায়ত বিকল হৈ পৰে। চাপ সম্পৰ্কীয় সমস্যাৰ বাবে দেওবাৰে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটো উৎক্ষেপণ কৰিব নোৱাৰিলে ISRO-এ। মহাকাশ সংস্থাৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে এয়া মহাকাশ সংস্থা ইছৰোৰ ১০১ সংখ্যক অভিযান। তেওঁ কয় যে পূৰ্বনিৰ্ধাৰিত সময়ত পুৱা ৫.৫৯ বজাত পিএছএলভিয়ে উৰা মাৰিলে যদিও মিছনৰ লক্ষ্য সম্পন্ন নহ’ল।
নাৰায়ণনে কয়, “আজি আমি শ্ৰীহৰিকোটাৰ পৰা PSLV C61 EOS-09 মিছনৰ অধীনত ১০১ সংখ্যক উৎক্ষেপণৰ লক্ষ্য লৈছিলো। পিএছএলভি চাৰিটা পৰ্যায়ৰ বাহন আৰু দ্বিতীয় পৰ্যায়লৈকে ইয়াৰ প্ৰদৰ্শন স্বাভাৱিক আছিল। তৃতীয় পৰ্যায়ৰ মটৰটো সঠিকভাৱে ষ্টাৰ্ট হৈছিল যদিও এই পৰ্যায়টো চলি থকাৰ সময়ত মিছনটো সম্পূৰ্ণ কৰিব পৰা নগ’ল।” তৃতীয় পৰ্যায়টো হ’ল এক কঠিন মটৰ ব্যৱস্থা। নাৰায়ণনে কয়, “মটৰ কেছৰ চেম্বাৰৰ চাপ কমি যোৱাত মিছন সম্পূৰ্ণ কৰিব পৰা নগ’ল। আমি সামগ্ৰিক প্ৰদৰ্শন পৰ্যালোচনা কৰি আছো আৰু অতি সোনকালে অধিক তথ্য প্ৰদান কৰিম।”
#WATCH | Delhi: ISRO’s PSLV-C61 launch mission could not be accomplished due to ‘observation’ in the third stage of the launch vehicle.
PK Ghosh, Space Strategist, says, ” It is slightly unfortunate, but I do not like to use the term ‘failure’. Every launch is a learning… pic.twitter.com/dotZFzQE8q
— ANI (@ANI) May 18, 2025
নাৰায়ণনে কয়, “পিএছএলভিয়ে ৬৩ সংখ্যক অভিযানৰ অধীনত পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ (EOS-09) কঢ়িয়াই নিয়া কথা কৈছিল। পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ-০৯ হৈছে ২০২২ চনত উৎক্ষেপণ কৰা ইঅ’এছ-০৪ৰ সৈতে মিল থকা উপগ্ৰহ।চি-বেণ্ড চিন্থেটিক এপাৰচাৰ ৰাডাৰেৰে সজ্জিত ইঅ’এছ-০৯ পৃথিৱীৰ পৃষ্ঠৰ সকলো সময়তে আৰু সকলো বতৰৰ পৰিস্থিতিত উচ্চ ৰেজোলিউচনৰ ফটো ল’ব পৰাকৈ সক্ষম। এই উপগ্ৰহটো কৃষি আৰু বননিৰীক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা, নগৰ পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ।”
বিজ্ঞানীসকলৰ মতে উপগ্ৰহটোৰ কাৰ্যকৰী অভিযান জীৱনৰ পিছত কক্ষপথৰ পৰা আঁতৰি যাবলৈ পৰ্যাপ্ত ইন্ধন সংৰক্ষণ কৰা হৈছিল যাতে দুবছৰৰ ভিতৰত ইয়াক কক্ষপথত নমাই আনি ধ্বংসাৱশেষমুক্ত অভিযান নিশ্চিত কৰিব পৰা যায়।