মই লাহোৰ গৈছিলো, পাকিস্তানক আমন্ত্ৰণ জনাইছিলো, কিন্তু পৰিণাম আছিল নকৰাত্মকঃ মোদী

"ভাৰতৰ লোকসকলে  বহু দুখেৰে দেশ বিভাজন মানি লৈছিল। কিন্তু তাৰ পাছতে পাকিস্তানত চলিছিল হত্যালীলা, ট্ৰেইনত ভৰ্তি হৈ মৃতদেহ আহিছিল ভাৰতলৈ, সেয়া আছিল ভয়ংকৰ দৃশ্য"।

মই লাহোৰ গৈছিলো, পাকিস্তানক আমন্ত্ৰণ জনাইছিলো, কিন্তু পৰিণাম আছিল নকৰাত্মকঃ মোদী

Modi

Updated On: 

16 Mar 2025 | 07:43 PM

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ লয় আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনে। তিনিঘন্টা সময়ৰ এই প’ডকাষ্টত মোদীক নিজৰ জীৱনৰ পৰা আৰম্ভ কৰি ৰাজনীতি জীৱন, দেশৰ পৰা আৰম্ভ কৰি বিশ্ব লৈ বহু প্ৰশ্ন কৰে। এই সময়চোৱাত লেক্স ফ্ৰিডমেনে মোদীক পাকিস্তান সন্দৰ্ভতো প্ৰশ্ন কৰে। পাকিস্তান সন্দৰ্ভত মোদীয়ে কৰা আলোচনাত বিভিন্ন দিশৰ কথা উল্লেখ কৰে। কেনেকৈ ভাৰতে পাকিস্তানৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা কৰিছিল আৰু ইয়াৰ পৰিণামত কি পাইছিল সকলো কয়।

বিশ্ব শান্তিৰ কথা আলোচনা কৰি থকাৰ মাজতে লেক্স ফ্ৰিডমেনে ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মোদীক সোধে যে, ভাৰত-পাকিস্তানৰ শান্তিৰ ক্ষেত্ৰত আপুনি কি ভাৱে ?

উত্তৰত মোদীয়ে কয়, “ইতিহাসৰ কিছুমান কথা বহুতে নাজানে। ১৯৪৭ চনৰ আগত সকলোৱে একেলগে মিলি স্বাধীনতাৰ হকে যুদ্ধ কৰিছিল। দেশে স্বাধীনতাৰ জয় উদযাপন কৰাৰ অপেক্ষা কৰি আছিল কিন্তু তেতিয়াই নীতি নিৰ্ধাৰক সকলে  দেশ বিভাজন স্বীকাৰ কৰে। ভাৰতৰ লোকসকলেও  বহু দুখেৰে দেশ বিভাজন মানি লৈছিল। কিন্তু তাৰ পাছতে পাকিস্তানত চলিছিল হত্যালীলা, ট্ৰেইনত ভৰ্তি হৈ মৃতদেহ আহিছিল ভাৰতলৈ, সেয়া আছিল ভয়ংকৰ দৃশ্য”।

মোদীয়ে কয়, “তেওঁলোকে নিজৰ দেশ পোৱাৰ পাছত ভাবিব লাগিছিল যে যি বিচাৰিছিল সেয়া পালে, গতিকে এতিয়া সুখেৰে থাকিব লাগে আৰু এই ক্ষেত্ৰত ভাৰতত ধন্যবাদ জ্ঞাপন কৰিব লাগে। কিন্তু তেওঁলোকে ভাৰতৰ সৈতে সংঘৰ্ষ আৰম্ভ কৰিলে। তেওঁলোকে আৰম্ভ কৰিলে প্ৰক্সি ৱাৰ। এয়া কোনো মতাদৰ্শ নহয়। কাৰোবাক হত্যা কৰা,সন্ত্ৰাসবাদী চলোৱা মতাদৰ্শ হ’ব নোৱাৰে। পৃথিৱীত কোনো সন্ত্ৰাসবাদীৰ ঘটনা সংঘটিত হ’লে তাত পাকিস্তানৰ যোগসূত্ৰ ওলায়। আমেৰিকাৰ  ৯-১১ ৰ ওচামা বিন লাডেনো পাকিস্তানে আশ্ৰয় লৈ আছিল। গতিকে পাকিস্তানে কেৱল ভাৰতৰ লগতে নহয়, সমগ্ৰ বিশ্বত এই কাম কৰি আছে”।

তেওঁ কয়, বিশ্বই চিনি পাইছে সন্ত্ৰাসবাদীৰ এই মানসিকতা। এইবোৰৰ বাবে বিশ্ব সমস্যাত পৰিছে।  এই ৰাস্তাৰ পৰা কাৰ ভাল হ’ব? এই ৰাস্তা এৰি দিব লাগে, এয়া বন্ধ কৰিব লাগে বুলি মোদীয়ে কয়।

পাকিস্তানৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰি মোদীয়ে কয় যে, মই লাহোৰ গৈছিল। যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হও তেতিয়া শপত গ্ৰহণ অনুষ্ঠানত পাকিস্তান আমন্ত্ৰণ জনাইছিলো। এয়া আছিল এক ডাঙৰ কূটনৈতিক পদক্ষেপ তথা সম্পৰ্ক উন্নত কৰাৰ ইংগিত। কিন্তু ইয়াৰ পৰিণামত পাকিস্তানে সদায় বিশ্বাসঘাটকতা কৰি আহিছে।  ভাৰতে তেতিয়াই বিদেশ নীতি স্পষ্ট কৰি দিছিল। কিন্তু আমি নকৰাত্মক পৰিণাম পালো।

ভৱিষ্যত সম্পৰ্ক উন্নত কৰা সন্দৰ্ভত মোদীয়ে কয়, আমি সদায় শান্তি বিচাৰো। বিচাৰো পাকিস্তানৰ শুভ বুদ্ধি উদয় হওক আৰু শান্তি ঘূৰি আহক। দেশখনৰ জনতাও যথেষ্ঠ কষ্টত আছে, শান্তিৰ বাবে চিঞৰি আছে বুলি কয় প্ৰধানমন্ত্ৰীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...