টাৰ্গেটত আছিল কৰাচী ! পাকিস্তানৰ বিৰুদ্ধে আৰৱ সাগৰত কেনেদৰে সাজু আছিল ভাৰতীয় নৌসেনা?

দেওবাৰে এক সংবাদমেলত নৌ অভিযানৰ সঞ্চালক প্ৰধান এ এন প্ৰমোদে অপাৰেচন সেন্দূৰত ভাৰতীয় নৌসেনাৰ ভূমিকা সম্পৰ্কে স্পষ্ট কৰি দিয়ে। বৰ্তমান তেওঁ ভাৰতীয় নৌসেনাত ভাইচ এডমিৰেল। সংবাদমেলত সেনা বিষয়াগৰাকীয়ে কয়, "ভাৰতীয় নৌসেনা আৰব সাগৰত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আছিল।"

টাৰ্গেটত আছিল কৰাচী ! পাকিস্তানৰ বিৰুদ্ধে আৰৱ সাগৰত কেনেদৰে সাজু আছিল ভাৰতীয় নৌসেনা?

প্ৰতীকী ফটো

Updated On: 

12 May 2025 13:31 PM

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে সৃষ্টি হৈছিল ভাৰত-পাকিস্তানৰ মাজত সামৰিক উত্তেজনা । প্ৰথমে সন্ত্ৰাসবাদক সমৰ্থন কৰা পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে ভাৰতে । একেদৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰে । অপাৰেচন সেন্দূৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে ভাৰতে । ইয়াৰ পাছতে পাকিস্তানে যেতিয়া ভাৰতৰ ওপৰত দুবাৰকৈ সামৰিক আক্ৰমণৰ চেষ্টা চলায়, তেতিয়াৰ পৰা এই উত্তেজনা আৰু অধিক বৃদ্ধি পাবলৈ ধৰে । অৱশ্যে যুদ্ধ বিৰতিৰ প্ৰতি দুয়োখন দেশে সন্মতি প্ৰকাশ কৰাৰ পাছৰে পৰা সেই উত্তেজনা হ্ৰাস পাইছে ।

ইতিমধ্যে পাকিস্তানক উচিত প্ৰত্যু্ত্তৰ দিছে ভাৰতে । ইফালে, পহলগাম আক্ৰমণৰ পাছৰে পৰা যিকোনো পৰিস্থিতিৰ বাবে সাজু আছিল ভাৰতীয় নৌসেনা । আনকি যেতিয়া ভাৰতীয় বায়ুসেনাই পাকিস্তানত প্ৰৱেশ কৰি ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেই সময়ত ভাৰতীয় নৌসেনাই আৰব সাগৰত টহল দি আছিল।

দেওবাৰে এক সংবাদমেলত নৌ অভিযানৰ সঞ্চালক প্ৰধান এ এন প্ৰমোদে অপাৰেচন সেন্দূৰত ভাৰতীয় নৌসেনাৰ ভূমিকা সম্পৰ্কে স্পষ্ট কৰি দিয়ে। বৰ্তমান তেওঁ ভাৰতীয় নৌসেনাত ভাইচ এডমিৰেল। সংবাদমেলত সেনা বিষয়াগৰাকীয়ে কয়, “ভাৰতীয় নৌসেনা আৰব সাগৰত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আছিল।”

পহলগাম কাণ্ডৰ লগে লগে কেইবাখনো যুদ্ধ জাহাজ আৰব সাগৰত নিয়োগ কৰিছিল ভাৰতীয় নৌসেনাই । “এই সময়ছোৱাত শক্তি প্ৰদৰ্শনৰ বাবে একাধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল । কৰাচীকে ধৰি যিকোনো অঞ্চলত আক্ৰমণ কৰিবলৈও সাজু আছিল ভাৰতীয় নৌসেনা।” এই কথা সংবাদমেলত স্পষ্ট কৰি দিয়ে নৌসেনাৰ বিষয়াগৰাকীয়ে ।

কোৱা হয় যে, যিকোনো পৰিস্থিতিত সেনাবাহিনীক সদায় পিছফালৰ পৰা সহায় আগবঢ়াই আহিছে ভাৰতীয় নৌসেনাই । শেহতীয়া উত্তেজনাৰ পৰিপ্ৰেক্ষিত ভাৰতীয় বায়ু সেনা, স্থল সেনাৰ সমান্তৰালভাৱে নৌসেনা কিমান সক্ৰিয় হৈ আছিল সেই কথা স্পষ্ট কৰি দিয়ে বিষয়াগৰাকীয়ে ।

গ্ৰীষ্মকালত কেনেকৈ শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ আঁতৰাব পাৰি ? উপায় জানক
মহিলাৰ বৃক্ক সংক্ৰমণৰ লক্ষণবোৰ কেনে ধৰণৰ হয় ? জানক
বুদ্ধ পূৰ্ণিমাত ৩টা দুৰ্লভ যোগ, কঁপাল ফুলিব ৪ ৰাশিৰ, জানক...
ঘৰত দেখা দিছে নেকি এই ২ সংকেত? তেন্তে আহিব পাৰে দুৰ্দশা, শেষ হ'ব পাৰে সুখ...