মাজ সমুদ্ৰত ভাৰতীয় নৌসেনাৰ ট্ৰেইলাৰ, চিনেমা আৰম্ভ হ’লেই উত্তৰ দিব পাকিস্তানক!

শনিবাৰে ভাৰতীয় নৌসেনাই পোষ্ট কৰিছে এখন বিশেষ ফটো । ছবিখনত দেখা গৈছে সাগৰৰ মাজত আই এন এছ কলকাতা, সন্মুখত এখন স্কৰ্পিন শ্ৰেণীৰ চাবমেৰিন । আকাশত উৰি আছে ধ্ৰুৱ এডভান্সড লাইট হেলিকপ্টাৰ । নৌসেনাই এই অনুশীলনক ত্ৰিশক্তি বুলি অভিহিত কৰিছে । তেওঁলোকে পানীত ওপৰৰ পৰা আৰু তলৰ পৰা উত্তৰ দিবলৈ সাজু, এইটোৱেই বাৰ্তা দিয়া হৈছে ।

মাজ সমুদ্ৰত ভাৰতীয় নৌসেনাৰ ট্ৰেইলাৰ, চিনেমা আৰম্ভ হলেই উত্তৰ দিব পাকিস্তানক!

নৌসেনাৰ আখৰা

Published: 

03 May 2025 16:13 PM

পাকিস্তানৰ ওপৰত যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে ভাৰতে । অব্যাহত আছে যুদ্ধৰ আখৰা । এইবাৰ ভাৰতীয় নৌসেনাই বাৰ্তা প্ৰেৰণ কৰিছে পাকিস্তানলৈ । ভাৰতীয় নৌসেনাই এখন যুদ্ধ জাহাজ, চাবমেৰিন, হেলিকপ্টাৰ একেলগে দেখুৱাই পাকিস্তানক নিজৰ নৌসেনাৰ শক্তিৰ উমান দিয়ে ।

এই ফটোখন শনিবাৰে ভাৰতীয় নৌসেনাই পোষ্ট কৰিছে । ছবিখনত দেখা গৈছে সাগৰৰ মাজত আই এন এছ কলকাতা, সন্মুখত এখন স্কৰ্পিন শ্ৰেণীৰ চাবমেৰিন । আকাশত উৰি আছে ধ্ৰুৱ এডভান্সড লাইট হেলিকপ্টাৰ । নৌসেনাই এই অনুশীলনক ত্ৰিশক্তি বুলি অভিহিত কৰিছে । তেওঁলোকে পানীত ওপৰৰ পৰা আৰু তলৰ পৰা উত্তৰ দিবলৈ সাজু, এইটোৱেই বাৰ্তা দিয়া হৈছে ।

 

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ সময়ত ভাৰতীয় নৌসেনাৰ এই পোষ্টটো অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । যোৱা সপ্তাহত নৌসেনাই আৰব সাগৰতো অনুশীলন চলাইছিল। দীৰ্ঘ দূৰত্বৰ ব্ৰাহ্মছ এণ্টি শ্বিপ আৰু এণ্টি ছাৰ্ফেচ ক্ৰুজ মিছাইল নিক্ষেপ কৰা হৈছিল ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল চুক্তি ইতিমধ্যে স্থগিত ৰাখিছে । আটৰী-ৱাঘা সীমান্তও বন্ধ কৰি দিয়া হৈছে । পাকিস্তানীক আৰু দিয়া নহ’ব ভিছা । ভাৰতত থকা সকলো পাকিস্তানী নাগৰিকক পাকিস্তানলৈ উভতি যাবলৈও নিৰ্দেশ দিয়া হৈছে ।

বিগত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ পৰ্যায়ৰ সামৰিক বৈঠকৰ অন্তত সেনাবাহিনীক স্বাধীনতা প্ৰদান কৰিছিল । সন্ত্রাসবাদী আক্রমণৰ প্রতিশোধ লোৱাৰ লগতে মন কী বাত কার্যসূচীত ভুক্তভোগীক ন্যায় প্রদান কৰাৰ প্রতিশ্রুতিও দিয়ে প্ৰধানমন্ত্ৰীয়ে । ভাৰতীয় বায়ুসেনাই কালি গংগা এক্সপ্ৰেছৱেত ৰাফেল আৰু ছুখৈ মিগ বিমান অৱতৰণ কৰি যুদ্ধাভ্যাস কৰা দেখা গৈছে ।

সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই?
চুলি সৰা আৰু উফিৰ নিয়ন্ত্ৰণ, মাথোঁ এইদৰে ব্যৱহাৰ কৰক মেথি গুটি
চকীত বহি ঘণ্টাৰ পিছত ঘণ্টা কাম কৰি শৰীৰত বিষ অনুভৱ হৈছে নেকি? তেন্তে শীঘ্ৰে কৰক এই কাম
কেৱল সুৰা নহয়! প্ৰায়ে খোৱা এই ৩ বিধ বস্তু যকৃতৰ বাবে বেয়া, জানক...