Indian Air Force Day 2025: আজি ভাৰতীয় বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস, এই দিনটোৰ ইতিহাস আৰু তাৎপৰ্য জানক…

আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল ভাৰতীয় বায়ুসেনাই। আজি বুধবাৰে ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব ভাৰতীয় বায়ুসেনাই। আজি এই বিশেষ দিনটোত IAF ৰ সাহস, ত্যাগৰ আৰু বীৰত্বক সন্মান জনোৱা হ’ব। এইবাৰ ভাৰতীয় বায়ুসেনা দিৱসৰ বিষয়বস্তু অপাৰেচন সেন্দূৰত বাহিনীটোৰ অৱদানক কেন্দ্ৰ কৰি লোৱা হ’ব বুলি এ এন আইয়ে প্ৰকাশ কৰিছে।

Indian Air Force Day 2025: আজি ভাৰতীয় বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস, এই দিনটোৰ ইতিহাস আৰু তাৎপৰ্য জানক...

ভাৰতীয় বায়ুসেনা

Updated On: 

08 Oct 2025 09:24 AM

আজি ভাৰতীয় বায়ুসেনা দিৱস। প্ৰতি বছৰে এই দিৱসটো ৮ অক্টোবৰত পালন কৰা হয়। কিয়নো আজিৰ দিনটোতে দেশৰ অন্যতম সন্মানীয় সশস্ত্ৰ বাহিনী সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯৩২ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় বায়ুসেনাই দেশৰ আকাশমাৰ্গ সুৰক্ষিত কৰাৰ লগতে ভাৰতৰ জাতীয় আৰু মানৱীয় স্বাৰ্থক সকলো ভাবুকিৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই দিনটোত IAF ৰ জোৱানকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়।

শেহতীয়া প্ৰযুক্তিৰ সহায়ত বায়ু সেনাই ভাৰতৰ আকাশমাৰ্গ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক সুৰক্ষিত কৰাৰ লগতে বিভিন্ন দুৰ্যোগৰ প্ৰত্যাহ্বানৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি জনাই আহিছে। বৰ্তমান ভাৰতীয় বায়ুসেনাই বিশ্বৰ ভিতৰতে প্ৰযুক্তিগতভাৱে শক্তিশালী পৰ্যায় লাভ কৰিছে।

ভাৰতীয় বায়ুসেনা দিৱসঃ ইতিহাস আৰু তাৎপৰ্য্য

১৯৩২ চনৰ ৮ অক্টোবৰত ব্ৰিটিছ শাসনৰ অধীনত সহায়ক বাহিনী হিচাপে আৰম্ভ হোৱা ভাৰতীয় বায়ুসেনাক প্ৰথমে ৰয়েল ইণ্ডিয়ান এয়াৰ ফৰ্চ (RIAF) নামেৰে নামাকৰণ কৰা হৈছিল। ১৯৩৩ চনৰ ১ এপ্ৰিলত RIAF ৰ প্ৰথম অপাৰেচনেল বিমানখনে ছয়জন আৰ এ এফৰ প্ৰশিক্ষিত বিষয়া আৰু ১৯খন হাভাই চিপাহীক লৈ উৰা মাৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত RIAF য়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল আৰু ১৯৪৫ চনত ইয়াৰ সেৱাৰ বাবে ‘ৰয়েল’ প্ৰিফিক্স লাভ কৰিছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত যেতিয়া ভাৰতে ২০০ বছৰ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অন্তত স্বাধীনতা লাভ কৰে, আৰু ১৯৫০ চনত গণৰাজ্যত পৰিণত হয়, তেতিয়া আনুষ্ঠানিকভাৱে এই প্ৰিফিক্স আঁতৰাই দিয়া হয়।

ভাৰতৰ কিছুমান জটিল সংঘাতত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ গৌৰৱময় ইতিহাস আছে বায়ুসেনাৰ। ইয়াৰ ভিতৰত ১৯৪৭, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনৰ ভাৰত-পাক যুদ্ধৰ লগতে ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধ। ১৯৮৭ চনত অপাৰেচন পুমলাই আৰু ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত অপাৰেচন চেফেড সাগৰৰ দৰে উল্লেখযোগ্য অভিযানতো এই বাহিনীটোৱে অংশ লৈছিল। শেহতীয়াকৈ পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰস্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অপাৰেচন সেন্দূৰ আছিল ভাৰতীয় বায়ুসেনাৰ উল্লেখযোগ্য সফলতা।

হেপাটাইটিছ B ৰ লক্ষণবোৰ কি কি? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক
ঋণৰ বোজাৰ পৰা পাব মুক্তি , ঘৰতে কৰক এই সহজ প্ৰতিকাৰ
কেঁচা আদা খালে কি হয়? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা জানক
দীপাৱলীত ফুলিব কপাল, কেৱল মানি চলক এই নিয়ম!