কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?

পাকিস্তানে যোৱা নিশা যিধৰণে ভাৰতৰ ওপৰত আক্ৰমণ সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল তাক সফলতাৰে ৰোধ কৰে ভাৰতীয় সেনাই । ছুপাৰছ’নিক বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিও পাকিস্তানে আঘাত সানিব নোৱাৰিলে ভাৰতত ।

কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?

প্ৰতীকী ফটো

Updated On: 

09 May 2025 | 12:33 PM

ভাৰতৰ বিৰুদ্ধে আক্ৰমণত সম্পূৰ্ণ ব্যৰ্থ হৈছে পাকিস্তান । কোৱা হৈছে যে, পাকিস্তানে যোৱা নিশা যিধৰণে ভাৰতৰ ওপৰত আক্ৰমণ সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল তাক সফলতাৰে ৰোধ কৰে ভাৰতীয় সেনাই । ছুপাৰছ’নিক বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিও পাকিস্তানে আঘাত সানিব নোৱাৰিলে ভাৰতত ।

সূত্ৰ অনুসৰি, পাকিস্তান সেনাই উধামপুৰক লক্ষ্য কৰি ছুপাৰছ’নিক বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল । কিন্তু, ভাৰতত আঘাত কৰাৰ আগতেই ভাৰতৰ নিজা বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক ধ্বংস কৰে। প্ৰসংগক্ৰমে, বিগত ২৪ ঘণ্টাত পাকিস্তানে ভাৰতীয় সেনাবাহিনীৰ কেইবাটাও কেম্পৰ লগতে ৰাজস্থান, পঞ্জাৱ, কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলক লক্ষ্য কৰি মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰি আহিছে।

প্ৰকাশিত খবৰ অনুসৰি, ভাৰতে পাকিস্তান এই মিছাইল আৰু ড্ৰোন আক্ৰমণক সফলতাৰে ৰোধ কৰিছে । ধ্বংস কৰি দিয়ে পাকিস্তানৰ মিছাইল আৰু ড্ৰোন ।

সূত্ৰ অনুসৰি, পাকিস্তানে CM- 400AKG ছুপাৰছ’নিক বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল। চীনত নিৰ্মিত এই মিছাইল বিশ্বৰ কেইটামান ছুপাৰছ’নিক বেলিষ্টিক মিছাইলৰ ভিতৰত অন্যতম। ভাৰতে এই মিছাইলো ধ্বংস কৰি দিয়ে । উল্লেখ কৰিব লাগিব যে, চীনৰ বাবেও এইটো এটা ডাঙৰ বাৰ্তা।

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা S-400 য়ে পাকিস্তানৰ সকলো আক্ৰমণৰ প্ৰচেষ্টাক কাৰ্যতঃ বিফল কৰিছে। S-400 ক ভাৰতীয় সেনাই সুদৰ্শন বুলি কয়। অৱশ্যে কেৱল S-400 য়ে নহয়,L-70, ZSU-23 আৰু Shilka নিয়োগ কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...