ফোন ধৰা নাছিল প্ৰেমিকাই, এবাৰ কথা পতাৰ আশাত প্ৰেমিকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড
প্ৰেয়সীৰ লগত কথা পাতিবলৈ প্ৰেমিকে কৰিলে এক অদ্ভুত কাণ্ড। প্ৰেয়সীৰ ঘৰলৈ প্ৰেমিকে নিক্ষেপ কৰিলে বোমা। দেৱালীত ফুটুৱা ফটাকা বোম নহয়, সঁচা বোমা নিক্ষেপ কৰিলে প্ৰেমিকজনে। ইউটিউব চাই নিজেই বনাইছিল বোমাটো।
 
                                চিঠি লিখি প্ৰেমিক-প্ৰেমিকাৰ মাজত প্ৰেম-ভালপোৱাৰ আদান-প্ৰদান কৰাৰ দিন এতিয়া আৰু নাই। এতিয়া তেওঁলোকে ফোনত নিজৰ অনুভৱৰ বিনিময় কৰে। কিন্তু, প্ৰেমিকাই যদি কেইদিনমান ফোন ৰিচিভ নকৰে তেন্তে কি হ’ব? প্ৰেমিক এজনে কি কৰিব পাৰে? এজন যুৱকে যি কাণ্ড কৰিলে সেয়া শুনিলে আপুনি হতভম্ব হৈ পৰিব!
প্ৰেয়সীৰ লগত কথা পাতিবলৈ প্ৰেমিকে কৰিলে এক অদ্ভুত কাণ্ড। প্ৰেয়সীৰ ঘৰলৈ প্ৰেমিকে নিক্ষেপ কৰিলে বোমা। দেৱালীত ফুটুৱা ফটাকা বোম নহয়, সঁচা বোমা নিক্ষেপ কৰিলে প্ৰেমিকজনে। ইউটিউব চাই নিজেই বনাইছিল বোমাটো। এই ঘটনাৰ পাচতেই প্ৰেমিক আৰু তেওঁৰ ৩ বন্ধুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰৰ পিছত সাগৰ মালিক নামৰ যুৱকজনে অকপটে স্বীকাৰ কৰে যে যদিহে তেওঁৰ প্ৰেমিকা বোমা বিস্ফোৰণৰ শব্দত ওলাই আহিছিল, তেন্তে তেওঁ দুটা কথা পাতিব পাৰিলেহেতেঁন। সেইবাবেই বোমাটো দলিয়াইছিল। এই ঘটনা পশ্চিম বংগৰ হুগলী জিলাৰ বৈদ্যবাটিৰ।
আৰক্ষীয়ে জনোৱা মতে, ২৮ অক্টোবৰৰ ছঠ পূজাৰ নিশা বৈদ্যবাটিৰ ১৮ নং ৱাৰ্ডৰ মালিৰ বাগান খামৰদংগা অঞ্চলত বোমা নিক্ষেপ কৰা হৈছিল। চিচিটিভি কেমেৰাত বন্দী হয় বোমাটোৰ ছবি। এটা ঘৰৰ বেৰত খুন্দা মাৰে বোমাটোৱে। বিস্ফোৰণৰ ফলত খিৰিকীৰ গ্লাছ ভাঙি গৈছিল। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে বোমা নিক্ষেপ কৰা ঘৰৰ বাসিন্দাক জেৰা কৰে। কিন্তু কোনো শুংসূত্ৰ পোৱা নগ’ল।
অঞ্চলটোৰ ৰাইজক সোধা-পোছা কৰাৰ পিছত চিচিটিভিৰ ফুটেজত এখন বাইকৰ ছবি দেখা পাই তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি মালিৰ বাগানত বোমা বিস্ফোৰণ হোৱা অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল চাপদানীৰ সাগৰ মালিক নামৰ এজন যুৱকৰ। সম্পৰ্কৰ অৱনতি ঘটাৰ লগে লগে প্ৰেমিকাক কিছুদিনৰ পৰা দেখা নাছিল সাগৰে।
ইয়াৰ মাজতে প্ৰেমিকজনে বন্ধুৰ জৰিয়তে গম পালে যে প্ৰেমিকাই আন এজন যুৱকৰ লগত ডেটিং কৰি আছে। ইফালে যুৱতীগৰাকীয়ে সাগৰৰ ফোন ৰিচিভ কৰা বন্ধ কৰি দিছিল। এজন বন্ধুৱে সাগৰৰ ভাও লৈ যুৱতীগৰাকীৰ ঘৰলৈ ফোন কৰিছিল। সেই সময়ত যুৱতীগৰাকী ঘৰত নাছিল। মাকে ফোনটো ধৰাৰ লগে লগে ছোৱালীজনীৰ কথা বেয়াকৈ ক’বলৈ আৰু গালি-গালাজ কৰিবলৈ ধৰিলে। মাকৰ পৰা এই কথা শুনি যুৱতীগৰাকীৰ আৰু খং উঠিল।
এনে পৰিস্থিতিৰ মাজতে প্ৰেমিক সাগৰে প্ৰেমিকাক কেনেকৈ লগ পাব সেই কথা চিন্তা কৰি থাকিল। দুয়োৰে মাজৰ সম্পৰ্ক যেতিয়া মধুৰ আছিল, তেতিয়া গভীৰ নিশালৈকে ভিডিঅ’ কলত কথা পাতিছিল। এতিয়া আকৌ কেনেকৈ কথা পাতিব প্ৰেয়সীৰ লগত? এই কথা ভাবি সাগৰৰ মগজুত ধুমুহাৰ সৃষ্টি হ’ল। পাছত ইউটিউবত ভিডিঅ’ চাই তেওঁ ফটকাৰ খাৰ দি বোমা বনাইছিল।
এটাই আশা, বোমা বিস্ফোৰণৰ শব্দত যুৱতীগৰাকী যদি ওলাই আহে, তেন্তে তাইৰ লগত কথা পাতিব। এই উদ্দেশ্যে ষঠ পূজাৰ নিশা চাৰিজন বন্ধুৱে মালিৰ বাগান অঞ্চলত উপস্থিত হয়। এটা ঘৰৰ বেৰত বোমা নিক্ষেপ কৰে। কিন্তু, শব্দটো ইমানেই ডাঙৰ আছিল যে তেওঁলোক নিজেই ভয় খাই পলাই গ’ল।
যুৱতীগৰাকীৰ সৈতে সাগৰৰ সম্পৰ্কৰ কথা জানিব পাৰি আৰক্ষীয়ে তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। লগতে বাইকখনৰ পঞ্জীয়ন নম্বৰতো তালাচী চলায়। সাগৰ আৰু বন্ধু-বান্ধৱীৰ ঘৰলৈ যোৱাৰ পিছত আৰক্ষীয়ে গম পায় যে এই ঘটনাৰ পিছৰে পৰা তেওঁলোক ঘৰত নাছিল। মোবাইল ফোনৰ সবিশেষৰ ভিত্তিত আৰক্ষীয়ে তেওঁলোকক বেৰেকপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে ঘটনাৰ পিছতেই বন্ধু চাৰিজনে কল্যাণীলৈ পলায়ন কৰে। আৰক্ষীয়ে জনোৱা মতে, সাগৰৰ লগতে ৰাজকুমাৰ যাদৱ, প্ৰণীত পাল আৰু আয়ুস যাদৱকো গ্ৰেপ্তাৰ কৰা হৈছে। চাৰিওজনৰ বয়স ১৮ৰ পৰা ২০ বছৰৰ ভিতৰত।
আজি ধৃত চাৰিও যুৱকক আদালতলৈ নিয়াৰ সময়ত সাগৰে কয়, “মোৰ প্ৰেয়সীয়ে মোৰ লগত কথা পতা বন্ধ কৰি দিছিল। মই মোৰ প্ৰেমিকাক সুধিছিলো, তুমি মোৰ লগত কিয় কথা নাপাতা? মই ভাবিছিলো যে আতচবাজীৰ শব্দ শুনিলে তাই ওলাই আহিব আৰু মই তাইৰ লগত কথা পাতিম। কিন্তু, আতচবাজীৰ শব্দ ইমানেই বেছি আছিল যে আমি ভয়তে পলাই আহিলোঁ।”
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      