ভাৰত-পাকিস্তানৰ মাজত আকৌ হ’ব যুদ্ধ! ২০২৬ৰ বাবে আমেৰিকাৰ ডাঙৰ দাবী…

২০২৬ চনত চি এফ আৰৰ কনফ্লিক্টছ টু ৱাচ নামৰ প্ৰতিবেদন অনুসৰি কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপে দুয়োখন দেশৰ মাজত সংঘাতৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদী কাণ্ডৰ ফলত দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।

ভাৰত-পাকিস্তানৰ মাজত আকৌ হব যুদ্ধ! ২০২৬ৰ বাবে আমেৰিকাৰ ডাঙৰ দাবী...

ভাৰত-পাকিস্তান

Published: 

31 Dec 2025 09:15 AM

২০২৫ চনৰ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হয়। অৱশ্যে কিছুদিনৰ ভিতৰতে দুয়ো দেশৰ মাজত যুদ্ধবিৰতি সম্পন্ন হয়। এই সংঘাত পহলগাম আক্ৰমণ আৰু অপাৰেচন সেন্দূৰৰ পিছত আৰম্ভ হৈছিল। এতিয়া আমেৰিকাৰ এটা ডাঙৰ থিংক টেংক কাউন্সিল অন ফৰেইন ৰিলেচনে (চিএফআৰ) দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত এক উল্লেখযোগ্য দাবী উত্থাপন কৰিছে। ইয়াত কোৱা হৈছে যে ২০২৬ চনত ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হ’ব পাৰে।

২০২৬ চনত চি এফ আৰৰ কনফ্লিক্টছ টু ৱাচ নামৰ প্ৰতিবেদন অনুসৰি কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপে দুয়োখন দেশৰ মাজত সংঘাতৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদী কাণ্ডৰ ফলত দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। সংস্থাটোৰ শেহতীয়া প্ৰতিবেদনত ভাৰত আৰু পাকিস্তানৰ মাজত অহা বছৰ যুদ্ধ সম্ভৱ বুলি সকীয়াই দিয়া হৈছে।

প্ৰাক্তন কূটনীতিবিদ, সামৰিক বিষয়া, অধ্যাপক, নীতি বিশেষজ্ঞকে ধৰি আমেৰিকাৰ বৈদেশিক নীতি বিশেষজ্ঞৰ সমীক্ষাৰ ভিত্তিত চি এফ আৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। অৱশ্যে বৰ্তমান দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হৈছে।

প্ৰতিবেদনত কি প্ৰকাশ পাইছে?

আমেৰিকান থিংক টেংকৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে যদি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হয় তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমেৰিকাত পৰিব পাৰে। শেহতীয়া বাতৰি অনুসৰি জম্মু-কাশ্মীৰত ৩০ জনতকৈ অধিক সন্ত্ৰাসবাদী আত্মগোপন কৰি আছে।

এই প্ৰতিবেদনত ভাৰত আৰু পাকিস্তানৰ বাহিৰেও আন আন ভাবুকিৰ ওপৰত আলোকপাত কৰা হৈছে। চি এফ আৰৰ মতে ২০২৬ চনত পাকিস্তান আৰু আফগানিস্তানৰ মাজতো সশস্ত্ৰ সংঘাতৰ সম্ভাৱনা আছে যদিও আমেৰিকাৰ স্বাৰ্থত ইয়াৰ প্ৰভাৱ নূন্যতম হ’ব।

পাকিস্তান আৰু আফগানিস্তানৰ মাজত সংঘৰ্ষ

অক্টোবৰ মাহত আফগান তালিবান আৰু উগ্ৰপন্থীয়ে পাকিস্তানৰ সীমান্ত চকীত অপ্ৰৰোচিত আক্ৰমণ চলোৱাৰ পিছত ইছলামাবাদ আৰু কাবুলত সীমান্ত সংঘৰ্ষত লিপ্ত হৈছিল। এই সংঘৰ্ষত ২০০ৰো অধিক তালিবান আৰু মিত্ৰশক্তিৰ উগ্ৰপন্থী নিহত হোৱাৰ বিপৰীতে ২৩ জন পাকিস্তানী সৈন্যই নিজৰ গৃহভূমি ৰক্ষা কৰি শ্বহীদ হয়।

পহলগাম আক্ৰমণৰ পিছত এই সংঘাত

জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকক লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পালে। সন্ত্ৰাসবাদীৰ প্ৰতিশোধ ল’বলৈ ভাৰতে আৰম্ভ কৰে অপাৰেচন সিন্দুৰ। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। কিন্তু তাৰ কিছু সময়ৰ পিছতে যুদ্ধবিৰতি সম্পন্ন হয়।

বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
তেজ পাতে কি কি ৰোগ দূৰ কৰে? ইয়াৰ ৫ টা বিশেষ উপকাৰিতা জানক
নতুন বছৰত সহজ হৈ পৰিব সফলতাৰ পথ, ত্যাগ কৰক এই ৬টা অভ্যাস!
কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...