পাক প্ৰধানমন্ত্ৰীৰ ইউটিউব চেনেল ব্লক কৰা হ’ল ভাৰতত, আৰু কাৰ কাৰ ইউটিউব চেনেলক নিসিদ্ধ কৰা হ’ল?

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ব্লক কৰা একাউণ্টটো আন হাই প্ৰফাইল একাউন্টৰ ভিতৰত অন্যতম । ইয়াৰ পূৰ্বে পাকিস্তানৰ বিত্তমন্ত্ৰী খোৱাজা আছিফ আৰু পাকিস্তানৰ প্ৰচাৰ শাখা আইএছপিআৰৰ ইউটিউব চেনেলটো ব্লক কৰা হৈছিল ।

পাক প্ৰধানমন্ত্ৰীৰ ইউটিউব চেনেল ব্লক কৰা হল ভাৰতত, আৰু কাৰ কাৰ ইউটিউব চেনেলক নিসিদ্ধ কৰা হল?

পাক প্ৰধানমন্ত্ৰীৰ ইউটিউব চেনেল ব্লক

Updated On: 

03 May 2025 16:34 PM

ঘূৰাই-পকাই নহয়, এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে পোনপটীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে । শুকুৰবাৰে ভাৰতে ব্লক কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ইউটিউব চেনেল । জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চলি থকা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ।

ব্লক কৰা চেনেলটোত লিখা আছে, “ৰাষ্ট্ৰীয় সুৰক্ষা বা আইন-শৃংখলাৰ কাৰণে চৰকাৰী আদেশত এই কন্টেন্ট আঁতৰোৱা বাবে, এই দেশত বৰ্তমান উপলব্ধ নহয় । চৰকাৰী কন্টেন্ট আঁতৰোৱাৰ অনুৰোধৰ বিষয়ে অধিক তথ্যৰ বাবে গুগল ট্ৰেন্সপাৰেন্সি ৰিপ’ৰ্ট চাওক ।”

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ব্লক কৰা একাউণ্টটো আন হাই প্ৰফাইল একাউন্টৰ ভিতৰত অন্যতম । ইয়াৰ পূৰ্বে পাকিস্তানৰ বিত্তমন্ত্ৰী খোৱাজা আছিফ আৰু পাকিস্তানৰ প্ৰচাৰ শাখা আইএছপিআৰৰ ইউটিউব চেনেলটো ব্লক কৰা হৈছিল ।

প্ৰসংগক্ৰমে এই সপ্তাহত চৰকাৰে ১৬টা পাকিস্তানী ইউটিউব চেনেল ব্লক কৰিছিল । অভিযোগ আছিল যে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে “মিছা, উচতনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু” সম্প্ৰচাৰ কৰিছিল । একে সময়তে পহলগাম আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত ভাষা ব্যৱহাৰ কৰা বিবিচিৰ এক বাতৰিৰ ওপৰতো চৰকাৰে আপত্তি উত্থাপন কৰিছে ।

ইয়াৰ পূৰ্বে ব্লক কৰা একাউন্টত সমূহৰ ভিতৰত আছে Dawn News, Irshad Bhatti, SAMAA TV, ARY NEWS, BOL NEWS, Raftar, The Pakistan Reference, Geo News, Samaa Sports, GNN, Uzair Cricket, Umar Cheema Exclusive, Asma Shirazi, Muneeb Farooq, SUNO News আৰু Razi Naama ।

বাতৰিৰ সূত্ৰ অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই চেনেলবোৰ ব্লক কৰাৰ নিৰ্দেশ দিয়ে । দৰাচলতে পাকিস্তানৰ সৈতে হোৱা অশান্তিৰ মাজতে ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই পদক্ষেপে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বজাই ৰখাৰ দৃঢ় দায়বদ্ধতা স্পষ্ট কৰি তুলিছে ।

শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan
চুলি সৰা আৰু উফিৰ নিয়ন্ত্ৰণ, মাথোঁ এইদৰে ব্যৱহাৰ কৰক মেথি গুটি
চকীত বহি ঘণ্টাৰ পিছত ঘণ্টা কাম কৰি শৰীৰত বিষ অনুভৱ হৈছে নেকি? তেন্তে শীঘ্ৰে কৰক এই কাম